Darrang Sahitya Sabha : দৰং জিলা সাহিত্য সভাৰ ২০২৩-২৫ বৰ্ষৰ নিৰ্বাচনী প্ৰক্ৰিয়া আৰম্ভ

author img

By

Published : Nov 30, 2022, 10:44 PM IST

Darrang sahitya Sabha

আৰম্ভ হ’ল দৰং জিলা সাহিত্য সভাৰ নিৰ্বাচনী প্ৰক্ৰিয়া (Darrang Zila Sahitya Sabha election)৷ বুধবাৰে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিনটোত সম্পাদক পদৰ বৈধ প্ৰাৰ্থী গৌতমানন্দ গোস্বামীয়ে স্বাস্থ্যজনিত কাৰণত প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰাত লক্ষণীয়ভাৱে দৰং জিলা সাহিত্য সভাৰ সাংগঠনিক নিৰ্বাচনৰ বাবে সম্পাদক পদৰ প্ৰাৰ্থী শূণ্য হৈ পৰে ।

দৰং, 30 নৱেম্বৰ : দৰং জিলা সাহিত্য সভাৰ আগন্তুক ২০২৩-২৫ বৰ্ষৰ বাবে সভাপতি, উপ-সভাপতি আৰু সম্পাদক পদৰ সাংগঠনিক নিৰ্বাচনৰ বাবে ২১ নৱেম্বৰত নিৰ্বাচনী সমিতিয়ে জাৰি কৰিছিল অধিসূচনা (Darrang Zila Sahitya Sabha election)৷ অধিসূচনা অনুসৰি ২৮ নৱেম্বৰত মনোনয়ন পত্ৰ দাখিল আৰু ২৯ নৱেম্বৰ মনোনয়ন পৰীক্ষণৰ দিন আছিল ৷

দৰং জিলা সাহিত্য সভাৰ ২০২৩-২৫ বৰ্ষৰ নিৰ্বাচনী প্ৰক্ৰিয়া আৰম্ভ

মনোনয়ন পত্ৰ পৰীক্ষণৰ অন্তত সভাপতি পদৰ বাবে ক্ৰমে বৰদা শইকীয়া আৰু ৰজনী কান্ত নাথ, উপ-সভাপতি পদৰ বাবে ধীৰেন্দ্ৰ কুমাৰ শৰ্মা আৰু বাসৱ চন্দ্ৰ ডেকাৰ মনোনয়ন বৈধ ঘোষণা কৰা হয় ৷ লগতে সম্পাদক পদৰ বাবে গৌতমানন্দ গোস্বামীৰ নাম বৈধ বুলি ঘোষণা কৰা হয় ৷ ইয়াৰ বিপৰীতে উপ-সভাপতি পদৰ বাবে মনোনয়ন আগবঢ়োৱা আব্দুল কাদিৰ আহমেদ আৰু সম্পাদক পদৰ প্ৰাৰ্থী ঘনকান্ত ডেকাৰ মনোনয়ন পত্ৰ নাকচ হোৱা বুলি নিৰ্বাচন সমিতিয়ে ঘোষণা কৰে (Candidate of Darrang Sahitya Sabha election)।

আনহাতে ৩০ নৱেম্বৰত মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিনটোত সম্পাদক পদৰ বৈধ প্ৰাৰ্থী গৌতমানন্দ গোস্বামীয়ে স্বাস্থ্যজনিত কাৰণত প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰাত লক্ষণীয়ভাৱে দৰং জিলা সাহিত্য সভাৰ সাংগঠনিক নিৰ্বাচনৰ বাবে সম্পাদক পদৰ প্ৰাৰ্থী শূণ্য হৈ পৰে ।

দৰং জিলা সাহিত্য সভাৰ ২০২৩-২৫ বৰ্ষৰ সভাপতি আৰু উপ-সভাপতি পদৰ নিৰ্বাচনৰ বাবে আগন্তুক ২ ডিচেম্বৰৰ পৰা ৫ ডিচেম্বৰলৈকে ভোটগ্ৰহণ কৰা হ’ব ৷ উক্ত দিনকেইটাত দিনৰ ১১ বজাৰ পৰা ৩ বজাৰ ভিতৰত শাখা সভাসমূহৰ সভাপতি অথবা সম্পাদকে চীল মোহৰসহ ভোটপত্ৰ জিলা কাৰ্যালয়ৰ পৰা সংগ্ৰহ কৰিব লাগিব ৷ ইয়াৰ পাছত ২১ ডিচেম্বৰৰ আবেলি ৪ বজাৰ ভিতৰত মঙলদৈ মুখ্য ডাকঘৰত(Mangaldoi Post Office) পোৱাকৈ ভোটপত্ৰসমূহ পোষ্ট কৰিব লাগিব ।

২৩ ডিচেম্বৰত সাহিত্য সভা প্ৰকল্প, মঙলদৈত পুৱা ১১ বজাৰ পৰা ভোটগণনা কৰা হ'ব আৰু ভোটগণনাৰ অন্তত জিলা কাৰ্যনিৰ্বাহক সভাত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব বুলি জিলা সাহিত্যৰ সভাৰ ২০২৩-২৫ বৰ্ষৰ নিৰ্বাচনী সমিতিৰ সভাপতি হৰি চন্দ্ৰ শৰ্মাই জানিবলৈ দিয়ে ।

লগতে পঢ়ক : Lok Sabha Election 2024: 2024ৰ লোকসভা নিৰ্বাচনত পাঁচটা সমষ্টিত প্ৰাৰ্থী দিব এ আই ইউ ডি এফে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.