Dalgaon boy creates Assam Pay app: অসমৰ যুৱকে উদ্ভাৱন কৰিলে নতুন ৰিচাৰ্জ এপ

author img

By

Published : Nov 12, 2022, 5:17 PM IST

Dalgaon

দৰং জিলাৰ দলগাঁৱৰ মুস্তাফিজুৰ নামৰ যুৱকজনে উদ্ভাৱন কৰিছে আছাম পে নামৰ নতুন এপটো (Dalgaon boy created new app)। এই এপৰ জৰিয়তে ৰিচাৰ্জ কৰাৰ লগতে বিভিন্ন ধৰণ বিল পৰিশোধ কৰিব পৰা যাব । তিনিমাহৰ ভিতৰত যুৱকজনে উদ্ভাৱন কৰিছে এপটো ।

দলগাঁও, ১২ নৱেম্বৰ : বিভিন্ন ক্ষেত্ৰত অসমৰ যুৱক-যুৱতীৰ সফলতা অব্যাহত আছে । শিক্ষা, ক্ৰীড়া, সাংস্কৃতিক, বিজ্ঞান সকলো ক্ষেত্ৰতে অসমীয়াৰ সফলতা অব্যাহত আছে । বিজ্ঞানৰ ক্ষেত্ৰখনতো অসমীয়াৰ উদ্ভাৱনে বিশ্ব দৰৱাৰত প্ৰতিষ্ঠা লাভ কৰিছে । এইবাৰ দৰং জিলাৰ দলগাঁৱৰ এজন যুৱকে এক নতুন উদ্ভাৱন কৰিছে ।

গুগল পে (Google pay), ফোন পে (Phone pay) প্ৰত্যাহ্বান জনাই যুৱকজনে উদ্ভাৱন কৰিছে এক নতুন এপ্লিকেচন (Youth of Assam creats new recharge app)। আছাম পে (Assam Pay) নামৰ নতুন এপটোৰ জৰিয়তে যিকোনো ৰিচাৰ্জ কৰিব পৰা যাব । কেৱল এয়াই নহয় এপটোৰ জৰিয়তে ৰিচাৰ্জ কৰিলে ৫ শতাংশ পৰ্যন্ত কমিচন পোৱা যাব ।

আগন্তুক দিনত এই এপত বিমানৰ টিকট অথবা UPI Transactionও কৰিব পাৰিব বুলি জনাইছে মুস্তাফিজুৰ ৰহমান নামৰ যুৱকজনে । ২০২০ চনত মুস্তাফিজুৰে TikTok ক প্ৰত্যাহ্বান জনাই উদ্ভাৱন কৰিছিল TikMik নামৰ এটা এপ । মুস্তাফিজুৰৰ ঘৰ দৰঙৰ দলগাঁৱৰ শিয়ালমাৰী কপাটি গাঁৱত । শিক্ষিত যুৱকজনৰ এই উদ্ভাৱনে এতিয়া ৰাজ্যত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । দৰংবাসী ৰাইজো যুৱকজনৰ এই কৰ্মক লৈ আনন্দিত হৈ উঠিছে ।

অসমৰ যুৱকে উদ্ভাৱন কৰিলে নতুন ৰিচাৰ্জ এপ

মুস্তাফিজুৰ ৰহমানে জনোৱা মতে এই এপটো উদ্ভাৱনৰ বাবে তেওঁক তিনিমাহৰ সময়ৰ প্ৰয়োজন হৈছে (Dalgaon boy created new app)। এই এপটো যিকোনো লোক প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰিব পাৰিব বুলিও তেওঁ উল্লেখ কৰিছে । এপটোৰ সুবিধাৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে বিভিন্ন ধৰণৰ ৰিচাৰ্জ কৰাৰ লগতে বিদ্যুৎ মাচুল, ইঞ্চুৰেঞ্চৰ বিলকে ধৰি বিভিন্ন ধৰণৰ পৰিশোধ কৰিব পাৰিব ।

ইয়াৰ পূৰ্বে তেওঁ উদ্ভাৱন কৰা TikMik এপটো ভবা ধৰণে সফল নহ'ল । যাৰ বাবে তেওঁ এই নতুন পেমেণ্ট চ'লিউশ্যন এপটো তেওঁ প্ৰস্তুত কৰিছে । ইফালে অসমৰ ৰাইজে এই এপটো ব্যৱহাৰ কৰি উপকৃত হ'ব বুলিও তেওঁ আশা প্ৰকাশ কৰে । মুস্তাফিজুৰৰ এই সফলতাত এতিয়া আনন্দিত তেওঁ পৰিয়ালৰ লগতে স্থানীয় লোকসকল । মুস্তাফিজুৰে আগন্তুক দিনত আৰু নতুন উদ্ভাৱন কৰি দৰং জিলাৰ লগতে অসমৰ নাম উজলাবলৈ সক্ষম হ'ব বুলি আশাবাদী স্থানীয় লোকসকল ।

লগতে পঢ়ক :Boat capsizes in Barpeta: মুকলিৰ পাছতেই ডুব গ’ল ‘ৰাইজৰ মনৰ পাখি’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.