Dhula teenager murder case: আদিৰ পৰা অন্তলৈ ধূলাৰ কিশোৰী হত্যাৰ সবিশেষ

author img

By

Published : Nov 14, 2022, 7:15 PM IST

investigation report of Dhula teenager murder case

ৰাজ্য কঁপাই যোৱা এটা ধৰ্ষণ-হত্যাৰ ঘটনা ৷ যি ঘটনাৰ পাচত ন্যায়ৰ অপেক্ষাত দিন বাৰ গণিছে এহাল দুৰ্ভগীয়া পিতৃ-মাতৃয়ে ৷ যি ঘটনাক আত্মহত্যা ৰূপে প্ৰতিপন্ন কৰিব খুজি চাকৰি হেৰুওৱাৰ লগতে গ্ৰেপ্তাৰ হৈছে তিনিজন আৰক্ষী বিষয়া আৰু তিনিগৰাকী চিকিৎসক ৷ ধূলাৰ কিশোৰী হত্যাৰ কথাই কৈছোঁ (Dhula teenager murder case)৷ কেনেকৈ সংঘটিত হৈছিল এই নাৰকীয় ঘটনাটো ? কোন কেনেকৈ হৈছিল মেনেজ ? পোহৰলৈ কেনেকৈ আহিল এই ঘটনা ? পঢ়ক সবিশেষ...

গুৱাহাটী, 14 নৱেম্বৰ: দৰিদ্ৰতাই কোঙা কৰা ঢেকীয়াজুলিৰ এটা আদিবাসী পৰিয়াল । ঘৰখন চলিবলৈ আৰ্থিক সহায়ৰ বাবে বনকৰা ছোৱালী হিচাপে এজন SSB জোৱানৰ ঘৰলৈ মাক-দেউতাকে পঠিয়াইছিল নিজৰ 13 বছৰীয়া ফুলকুমলীয়া ছোৱালীজনীক ৷ সপোন দেখি পখিলা খেদাৰ বয়সত তাই গুচি যাব লগা হ’ল আনৰ ঘৰৰ বনকৰা ছোৱালী ৰূপে ৷ এই যে, তাই ওলাই গ’ল সেয়াই কাল হ’ল কিশোৰী গৰাকীৰ বাবে । কোনেও কল্পনা কৰিব পৰা নাছিল যে, ১৩ বছৰীয়া সেই ফুলকুমলীয়া ছোৱালীজনীক ধৰ্ষণ কৰি হত্যা কৰিব (Adivasi teenager murder at Dhula)। এই হত্যাকাণ্ডক আত্মহত্যাৰ ৰূপ দি গাপ দিবলৈ চিকিৎসক, দণ্ডাধীশৰ পৰা আৰক্ষী উচ্চ পদস্থ বিষয়ালৈ মেনেজ সকলো মেনেজ হ’ব !

ঘটনাৰ আৰম্ভণি :
এই ঘটনা সংঘটিত হৈছিল চলিত বৰ্ষৰ ১১ জুনত । দৰঙ জিলাৰ ধূলা থানাৰ অন্তৰ্গত কৃষ্ণকমল বৰুৱা নামৰ SSB জোৱানজনৰ ঘৰত এগৰাকী কিশোৰীৰ ৰহস্যজনক মৃত্যুক লৈ সৃষ্টি হৈছিল চাঞ্চল্যৰ (Teenager body recovered in SSB constable residence)। ধূলাত 13 বছৰীয়া এগৰাকী কিশোৰী চিপ লৈ ওলমি থকা অৱস্থাত উদ্ধাৰ কৰা হৈছিল । এই কিশোৰী গৰাকীয়েই আছিল সেই দৰিদ্ৰ ছোৱালীজনী, যি কৃষ্ণকমল বৰুৱা নামৰ লোকজনৰ ঘৰত বনকৰা ছোৱালী হিচাপে আছিল ।

ঘটনাৰ তদন্তৰ বাবে ধূলা আৰক্ষী থানাত কিশোৰীগৰাকীৰ পৰিয়ালে এজাহাৰ দিবলৈ গৈছিল যদিও সেই ক্ষেত্ৰত বাধা প্ৰদান কৰা হৈছিল । বিমুখ হৈ ছাটি-ফুটি কৰিছিল পিতৃ-মাতৃয়ে (Dhula rape murder case) ৷

কেনেকৈ পোহৰলৈ আহিল এই ঘটনা:
ধূলাৰ গোচৰৰ ক্ষেত্রত আৰক্ষীৰ তদন্ত ভাল হোৱা নাই বুলি মুখ্যমন্ত্ৰীলৈ হোৱাটচএপ যোগে খবৰ দিছিল এজন সাংবাদিকে । তাৰ পিছতেই তেওঁ আৰক্ষী সঞ্চালক প্ৰধানক লৈ সেই কিশোৰীগৰাকীৰ ঘৰলৈ গৈছিল । আনহাতে, ঘটনা সন্দৰ্ভত দৰঙৰ আৰক্ষী অধীক্ষকে মুখ্যমন্ত্রীৰ প্ৰশ্নৰ সঠিক উত্তৰ দিব পৰা নাছিল । ঘটনা সন্দৰ্ভত সন্দেহ হোৱাত মুখ্যমন্ত্রীয়ে গোচৰটোৰ তদন্তৰ দায়িত্ব চি আই ডিক প্ৰদান কৰে (CM on Dhula murder case) । চি আই ডি ত ২০/২০২২ নম্বৰত এটি গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে । চি আই ডিৰ উপ মহাপৰিদৰ্শক দেৱৰাজ উপাধ্যায় আৰু এছ এছ পি ইন্দ্ৰাণী বৰুৱাৰ নেতৃত্বত গঠন কৰা হয় এখন বিশেষ তদন্ত কমিটী (CID probe on Dhula murder case)৷

CID ৰ তদন্তত কেনেকৈ ধৰা পৰিল দৰঙৰ OC, SP আৰু ASP:
CIDৰ তদন্তৰ পিছতেই সমগ্ৰ ঘটনাটো পোহৰলৈ আহে । ধনৰ লেনদেন কৰি ধৰ্ষণ আৰু হত্যাৰ ঘটনাটো গাপ দিব বিচৰা দৰঙৰ নিলম্বিত আৰক্ষী অধীক্ষক ৰাজমোহন ৰায়, অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম ফুকন, ধূলা থানাৰ অ'চি উৎপল বড়া, কাৰ্যবাহী দণ্ডাধীশ আশীৰ্বাদ হাজৰিকা আৰু তিনিগৰাকী চিকিৎসক অনুপম শৰ্মা, অৰুণ চন্দ্ৰ ডেকা, অজন্তা বৰদলৈক গ্ৰেপ্তাৰ কৰা হয় (Dhula murder case Assam)।

উল্লেখ্য যে, কিশোৰীগৰাকীৰ মৃত্যুৰ এমাহ পাছত তদন্ত প্ৰক্ৰিয়া আৰম্ভ হৈছিল । সমাধিস্থ কৰা মৃতদেহ উদ্ধাৰ কৰি ফৰেনচিক আৰু বিজ্ঞানসন্মত তথ্য সংগ্ৰহৰ যোগেদি সমগ্ৰ তদন্ত প্ৰক্ৰিয়া আগুৱাই নিয়া হৈছিল । অসম আৰক্ষীৰ তদন্তৰ ক্ষেত্রত এই গোচৰটোৱে নতুন দিশ উন্মোচন কৰিছিল । ধৰ্ষণ আৰু হত্যাৰ ঘটনাটোক আত্মহত্যাৰ ৰূপ দিয়া হৈছিল ।

এই ঘটনাত জড়িত ধূলা থানাৰ অ'চি উৎপল বড়াক নিলম্বন কৰা হৈছিল । লগতে দৰঙৰ আৰক্ষী অধীক্ষক ৰাজমোহন ৰায় আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম ফুকনকো কৰা হৈছিল নিলম্বন । পৰবৰ্তী সময়ত গ্ৰেপ্তাৰ কৰা হয় তেওঁলোকক (Police officers suspended for accepting bribe) ।

মৰণোত্তৰ পৰীক্ষা কি দৰে সলোৱা হৈছিল ?
তৎকালীনভাৱে উলিওৱা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনতো চিকিৎসকে কিশোৰীগৰাকীয়ে আত্মহত্যা কৰা বুলি উল্লেখ কৰিছিল । চি আই ডিয়ে তদন্ত আৰম্ভ কৰাত আত্মহত্যাৰ কোনো তথ্য পোৱা নাছিল । তদুপৰি কোনেও কিশোৰীগৰাকীক চিপ লৈ ওলমি থকা অৱস্থাত দেখা নাছিল । ডিঙিত দাগ আছিল যদিও সেই দাগ আত্মহত্যাৰ নাছিল ।

সেইদৰে কিশোৰীগৰাকীৰ উচ্চতা অনুপাতে সেই স্থানত আত্মহত্যা কৰাটো পতিয়ন যোৱাৰ বিষয় নাছিল । পৰৱৰ্তী সময়ত কিশোৰীগৰাকীৰ মৃতদেহ সমাধিৰ পৰা উদ্ধাৰ কৰি জি এম চি এইচত মৰণোত্তৰ পৰীক্ষা কৰাৰ লগতে কেতবোৰ নমুনা ফৰেনচিক পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হয় । মৰণোত্তৰ পৰীক্ষাত কিশোৰীগৰাকীক মূৰ আৰু ডিঙিত আঘাত কৰাৰ কথা পোহৰলৈ আহাৰ লগতে কিশোৰীগৰাকীক যে ধৰ্ষণ কৰিছিল সেই কথা স্পষ্ট হয় ।

কোনে কিমান টকা লৈছিল, কি স্বীকাৰোক্তি মূল অভিযুক্তৰ ?
মূল অভিযুক্ত কৃষ্ণ কমল বৰাক ১৪ দিনৰ জিম্মাত লোৱা হয় । অভিযুক্ত বড়াই জেৰাত স্বীকাৰ কৰে ধৰ্ষণ কৰি হত্যা কৰাৰ কথা । উদ্ধাৰ কৰা হৈছে ডিঙিত আঘাত কৰা ত‍াঁৰ সদৃশ ৰছী । প্ৰথম মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন সম্পূৰ্ণ পৃথক আছিল । ধৰ্ষণ আৰু হত্যাৰ এই ঘটনা গাপ দিয়াৰ বাবে ধূলা থানাৰ অ'চি উৎপল বড়াই অভিযুক্তৰ আত্মীয়ৰ পৰা নিজৰ বাবে লৈছিল 5 লাখ টকা ৷ তাৰোপৰি SP আৰু ASP ক মেনেজ দিয়াৰ বাবে বাবে লৈছিল 3.5 লাখ টকা । সেই ধনৰ টোপোলা SP আৰু ASP ক অ’চি উৎপল বড়াৰ গাড়ী চালক গুলেনুৰ হুছেইনে দি আহিছিল ।

সমগ্ৰ ঘটনাটো গাপ দিয়াৰ মূল মাষ্টাৰমাইণ্ড আছিল অ’চি উৎপল বড়া । আনহাতে, উৎপল বড়াই লোৱা টকা আৰক্ষী অধীক্ষক, অতিৰিক্ত আৰক্ষী অধীক্ষক, কাৰ্যবাহী দণ্ডাধীশ আৰু মৰণোত্তৰ পৰীক্ষা কৰা তিনিগৰাকী চিকিৎসকৰ মাজত ভাগ হৈছিল ।

গাড়ীচালক গুলেনুৰ হুছেইনে কাক কাক দিছিল টকাৰ মোনা ?
১৩ বছৰীয়া কিশোৰীগৰাকীৰ ধৰ্ষণ তথা হত্যাৰ ঘটনাক আত্মহত্যাৰ ৰূপ দিয়াৰ অন্যতম পৰিকল্পনাকাৰী ধূলা থানাৰ অ’চি উৎপল বড়াৰ গাড়ীচালক গুলেনুৰ হুছেইনক ৰাজসাক্ষী কৰাৰ বাবে তদন্তকাৰী আৰক্ষীয়ে চেষ্টাৰ কোনো ত্রুটি কৰা নাই । ঘটনাৰ মূল অভিযুক্ত এছএছবি জোৱান কৃষ্ণকমল বৰুৱাৰ সৈতে অ’চি উৎপল বড়াই ধনৰ বুজাবুজি কৰাৰ পাছতেই তেওঁৰ গাড়ীচালক গুলেনুৰ হুছেইনক অভিযুক্তৰ পৰিয়ালৰ পৰা ধনৰ আদান- প্ৰদানত নিয়োগ কৰিছিল । এই কথা চিআইডিৰ জেৰাত গাড়ীচালক গুলেনুৰে স্বীকাৰ কৰিছে ।

এই বিস্ফোৰক স্বীকাৰোক্তিক আদালতত ইতিমধ্যে জৱানবন্দী হিচাপেও লিপিবদ্ধ কৰোৱাইছে তদন্তকাৰী আৰক্ষীয়ে । উক্ত জবানবন্দীৰ ভিত্তিতে গাড়ীচালক গুলেনুৰ হুছেইনকে ৰাজসাক্ষী কৰাৰ আদালতে অনুমতি দিব বুলিও আশা কৰি আছে চিআইডিয়ে । অৱশ্যে ধৃত হাইপ্রফাইল অভিযুক্তকেইজনে জামিনত যাতে মুকলি আকাশৰ তললৈ শীঘ্ৰে ওলাই আহিব নোৱাৰে তাৰ বাবে নিৰ্ধাৰিত সময়ৰ পূৰ্বেই অভিযোগনামা দিয়াৰ বাবেও তৎপৰতা আৰম্ভ কৰিছে চিআইডিয়ে ।

লক্ষণীয়ভাৱে হত্যাকাণ্ডক আত্মহত্যাৰ ৰূপ দিয়াৰ স্বাৰ্থত আৰক্ষীক মেনেজ কৰাৰ বাবে কৃষ্ণ কমল বৰুৱাৰ পত্নী নিজু বৰুৱা আৰু তেওঁ তিনি আত্মীয়ৰ বেংক একাউণ্টৰ পৰা উলিয়াই দিয়া হৈছিল লাখ লাখ টকা ৷ উদ্দেশ্য স্বামীক গ্ৰেপ্তাৰৰ পৰা ৰক্ষা কৰা । পত্নীয়ে বেংকৰ পৰা ধন উলিয়াই দিয়াৰ পাছতো অজ্ঞাত কাৰণত নিজু বৰুৱাক ৰক্ষণাবেক্ষণ দিয়াৰো অভিযোগ উঠিছে । কিয়নো ১১ জুনত হত্যাকাণ্ডৰ দিনটোত পুৱা ৯ বজাত নিজু বৰুৱাই চাকৰিলৈ ওলাই যোৱাৰ কিছু সময়ৰ পাছতেই মৃতদেহ উদ্ধাৰ হোৱা বুলি স্বামী কৃষ্ণকমল বৰুৱাই হৈ চৈ লগাইছিল ।

কৃষ্ণকমল বৰুৱাৰ পত্নীয়ে ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পাছতো গাপ দি ৰখা বুলি স্থানীয় লোকে অভিযোগ কৰিছে ৷ তেনেস্থলত চিআইডিয়ে মূল অভিযুক্ত কৃষ্ণকমল বৰুৱাক গ্ৰেপ্তাৰৰ পৰা ৰক্ষা কৰিবলৈ অপচেষ্টা চলোৱা কাৰ্যত সহযোগিতা আগবঢ়োৱা পত্নী নিজু বৰুৱাৰ বিৰুদ্ধে কিয় ব্যৱস্থা লোৱা নাই তাক লৈও প্ৰশ্ন উঠিছে ৷

লগতে পঢ়ক: Dhula teenager murder case: কেনেকৈ মেনেজ হৈছিল আৰক্ষী; কাৰ শ্ৰুতলিপি মতে হৈছিল মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.