Scheduled Caste Protest : মঙলদৈত অনুসূচিত জাতি যৌথ মঞ্চৰ অৱস্থান ধৰ্মঘট

author img

By

Published : Nov 21, 2022, 8:31 PM IST

Mangaldoi

সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা আৰু অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদে সোমবাৰে মঙলদৈ গান্ধী ময়দানত এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে (Scheduled Caste protest at Gandhi Moidan Mangaldoi) ।

মঙলদৈ, ২১ নৱেম্বৰ : সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা (All Assam Scheduled Caste Student Union) আৰু অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদে (Scheduled Caste Sangrami Yuva Parishad) সোমবাৰে মঙলদৈৰ গান্ধী ময়দানত এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে (Scheduled Caste protest Gandhi Moidan Mangaldoi) ।

কাৰ্যসূচীত সংগঠন দুটাই যুটীয়াভাৱে অনুসূচিত জাতিৰ ভুৱা জাতিগত প্ৰমাণ-পত্ৰ থকা পিংকুমণি দাসৰ জাতিগত প্ৰমাণ-পত্ৰ বাতিল কৰি পিংকুমণি দাসক শীঘ্ৰে জে'ল হাজোতলৈ প্ৰেৰণ কৰাৰ দাবী জনায় । লগতে অবৈধ জাতিগত প্ৰমাণ-পত্ৰৰ চিআইডি (CID) তদন্ত কৰাৰো দাবী জনায় । উল্লেখ্য, সংগঠন দুটাই অবৈধভাৱে কার্যনিবাহ কৰি থকা 'অসম অনুসূচিত জাতি পৰিষদ'ৰ দুয়োখন কেন্দ্ৰীয় সমিতি ভংগ কৰি নতুন সমিতি গঠনৰো দাবী তোলে ।

মঙলদৈত অনুসূচিত জাতি যৌথ মঞ্চৰ অৱস্থান ধৰ্মঘট

লগতে অসমৰ ভূমিহীন ভূমিপুত্র অনুসূচিত জাতিৰ লোকসকলক ভূমি পট্টা প্ৰদান কৰিবলৈ দাবী জনায় । অন্যথা মিছন ভূমিপুত্র (Mission Bhumiputra) বাতিল কৰিবলৈও দাবী উত্থাপন কৰে । উল্লেখ্য, অসম চৰকাৰে দিব বিচৰা এক লাখ নিযুক্তিৰ ভিতৰত সংবিধানিক ব্যৱস্থাৰে অনুসূচিত লোকসকলক সংস্থাপন দিবলৈ চৰকাৰক ছয়টা দাবী জনায় । সোমবাৰৰ এই প্ৰতিবাদী কাৰ্যসূচীত অৰ্ধশতাধিক অনুসুচিত লোকে অংশগ্ৰহণ কৰে । ইফালে ব্ৰাহ্মণ সন্দৰ্ভতো তীব্ৰ বিষোদগাৰ প্ৰকাশ কৰে অনুসূচিত জাতিৰ সংগঠন দুটাই ।

প্ৰতিবাদস্থলীত তেওঁলোকে কয় ব্ৰাহ্মণ বিদেশী ৷ এই কথা ডি এন এৰ (DNA) প্ৰতিবেদনে কৈছে ৷ ব্ৰাহ্মণসকলে জাতিটো ভাগ ভাগ কৰিছে ৷ ব্ৰাহ্মণসকল ভাৰতৰ মূল নিবাসী নহয় বুলিও অভাযোগ কৰে ৷ আমাক বিদেশীয়ে এতিয়াও শাসন কৰি থকা বুলি কৈ মুখ্যমন্ত্ৰীক (CM Himanta Biswa Sarma) ডি এন এ পৰীক্ষা কৰিবলৈও আহ্বান জনায় অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ উপদেষ্টা জয়ন্ত মোহন দাসে ৷

উল্লেখ্য, সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা আৰু অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ ছয়টা দাবী শীঘ্ৰেই কাৰ্যকৰী কৰাৰ দাবীৰে সোমবাৰে সংগঠন দুটাই মঙলদৈৰ গান্ধী ময়দানত যৌথভাৱে ৰূপায়ণ কৰা অৱস্থান ধৰ্মঘট কাৰ্যসূচীত উক্ত বিষ্ফোৰক মন্তব্য প্ৰকাশ কৰে জয়ন্ত মোহন দাসে ৷ এইখিনিতে উল্লেখ কৰিব লাগিব যে, বৰ্তমান বহুধা বিভক্ত হৈ পৰা অনুসূচিত জাতিয়ে মূল লক্ষ্য-উদ্দেশ্যৰ পৰা আঁতৰি ব্ৰাহ্মণ্যবাদৰ বিৰোধিতা কৰাটো অৱস্থান ধৰ্মঘটৰ সময়ত এক লক্ষণীয় বিষয় হৈ পৰিছে ৷

লগতে পঢ়ক :SSA Assam Application : সমগ্ৰ শিক্ষা, অসমৰ তিনিটা এপ্লিকেশ্যন মুকলি ৰণোজ পেগুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.