গৰুখুটিত হিংসাত্মক পৰিস্থিতি: দৰঙত 12 ঘণ্টীয়া বন্ধ

author img

By

Published : Sep 24, 2021, 9:43 AM IST

12-hours-bandh-in-darrang

শুকুৰবাৰে দৰঙত 12 ঘণ্টীয়া বন্ধৰ আহ্বান সমন্বয়ৰক্ষী সমিতিৰ ৷ দৰং জিলা প্ৰশাসনৰ উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰতিবাদ জনাই পুৱা 5 বজাৰ পৰা সন্ধিয়া 5 বজালৈ বন্ধ পালন কৰিব ঘটনাৰ বিৰোধীসকলে ৷

দৰং, 24 ছেপ্তেম্বৰ: ছিপাঝাৰৰ গৰুখুটি(Garukhuti) অঞ্চলত দৰং জিলা প্ৰশাসনে অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে চলোৱা উচ্ছেদ(Eviction) অভিযানক লৈ সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ ইফালে প্ৰশাসনৰ এই উচ্ছেদ অভিযানৰ বিৰুদ্ধে শুকুৰবাৰে দৰঙত 12 ঘণ্টীয়া বন্ধৰ আহ্বান জনাইছে সমন্বয়ৰক্ষী সমিতিৰ লগতে সদৌ সংখ্যালঘু ছাত্ৰ সন্থাই ৷

12-hours-bandh-in-darrang
দৰঙত 12 ঘণ্টীয়া বন্ধ

এই বন্ধ পুৱা শুকুৰবাৰে 5 বজাৰ পৰা সন্ধিয়া 5 বজালৈ বাহাল থাকিব বুলি জানিব পৰা গৈছে ৷ বন্ধৰ সমৰ্থনকাৰীসকলে ইতিমধ্যে 15 নং ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলাই সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ ৷ আনহাতে, বেছিমাৰীত চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গানেৰে প্ৰশাসনৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে ৷

12-hours-bandh-in-darrang
দৰঙত 12 ঘণ্টীয়া বন্ধ

উল্লেখ্য যে, ৰাজ্য চৰকাৰে সমগ্ৰ ৰাজ্যতে বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান আৰম্ভ কৰাৰ সমান্তৰালকৈ দৰঙৰ গৰুখুটিতো চলিছিল প্ৰশাসনৰ উচ্ছেদ অভিযান ৷ গৰুখুটিত অসামৰিক প্ৰশাসনে চলোৱা এই উচ্ছেদ অভিযান বৃহস্পতিবাৰে হঠাৎ হিংসাত্মক পৰিস্থিতিলৈ ৰূপান্তৰিত হয় ৷

12-hours-bandh-in-darrang
দৰঙত 12 ঘণ্টীয়া বন্ধ

লগতে পঢ়ক: গৰুখুটিৰ ঘটনাৰ পিছত মুখ্যমন্ত্ৰীৰ নিৰ্দেশত গ্ৰেপ্তাৰ কেমেৰামেন বিজয় বনিয়াক

বৃহস্পতিবাৰে নিৰাপত্তা বাহিনীৰ সৈতে অসামৰিক প্ৰশাসনৰ এটা দলে ছিপাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত গৰুখুটি অঞ্চলত অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলাবলৈ গৈছিল । প্ৰশাসন আৰু অঞ্চলবাসীৰ মাজত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ ফলত দুজনকৈ প্ৰতিবাদকাৰী নিহত হোৱাৰ লগতে দহজনতকৈও অধিক সুৰক্ষা কৰ্মী আহত হয় ৷

12-hours-bandh-in-darrang
দৰঙত 12 ঘণ্টীয়া বন্ধ

জিলা প্ৰশাসনৰ বিষয়াসকলে জনোৱা মতে, প্ৰায় 77420 বিঘা চৰকাৰী ভূমি বিগত দুটা দশক ধৰি অবৈধ বেদখলকাৰীৰ অধীনত আছিল । ইফালে উচ্ছেদৰ বাবে আৰক্ষী আৰু অসামৰিক প্ৰশাসন ধলপুৰ অঞ্চলত উপস্থিত হোৱাৰ লগে লগে প্ৰতিবাদ কৰে অঞ্চলবাসীয়ে ৷

12-hours-bandh-in-darrang
দৰঙত 12 ঘণ্টীয়া বন্ধ

পৰিস্থিতি তেতিয়া অধিক ভয়ানক হৈ পৰে, যেতিয়া কিছু সংখ্যক স্থানীয় লোকে উচ্ছেদকাৰী দলটোলৈ লক্ষ্য কৰি শিল নিক্ষেপ কৰে ৷ আক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বাধ্য হৈ কন্দুৱা গেছৰ নিক্ষেপ কৰিবলৈ বাধ্য হয় নিৰাপত্তাবাহিনীয়ে ৷ স্থানীয় লোকসকলৰ কিছু সংখ্যকে বাঁহৰ লাঠি আৰু চোকা অস্ত্ৰৰে আৰক্ষী বাহিনীক আক্ৰমণ কৰিবলৈ উদ্যত হোৱাৰ লগে লগে আৰক্ষীয়ে গুলীচালনা কৰে ৷

12-hours-bandh-in-darrang
দৰঙত 12 ঘণ্টীয়া বন্ধ

আৰক্ষীৰ গুলীচালনাত দুজনকৈ প্ৰতিবাদকাৰী নিহত হয় । আনহাতে, গুৰুতৰভাৱে আহত নিৰাপত্তাকৰ্মীসকলৰ কিছু সংখ্যক নিৰাপত্তাৰক্ষীক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল(GMCH)লৈ প্ৰেৰণ কৰা হৈছে ৷ গৰুখুটিৰ এই হিংসাত্মক ঘটনাক লৈ এতিয়া ৰাজ্যৰ সৰ্বত্ৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে দল-সংগঠনৰ লগতে সাধাৰণ জনতাই ৷ ঘটনা সন্দৰ্ভত চৰকাৰ-প্ৰশাসনৰ বিৰুদ্ধে ঠায়ে ঠায়ে প্ৰতিবাদ সাব্যস্ত কৰিছে দল-সংগঠনসমূহে ৷

লগতে পঢ়ক: আচলতে কি হৈছে গৰুখুটিত ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.