বঙাইগাঁও শোধনাগাৰৰ চাফাই কৰ্মচাৰীৰে মত-বিনিময় বাবন ৰাৱটৰ

author img

By

Published : Sep 30, 2021, 4:26 PM IST

vice-chairman-of-national-comission-for-safai-karamcharis-baban-rawat-meeting-in-chirang

চিৰাঙত উপস্থিত কেন্দ্ৰীয় চৰকাৰৰ সামাজিক ন্যায় আৰু পুনৰীক্ষণ মন্ত্ৰালয়ৰ চাফাই কৰ্মচাৰীৰ ৰাষ্ট্ৰীয় আয়োগ(National Commission for Safai Karamcharis)ৰ উপাধ্যক্ষ বাবন ৰাৱট(Baban Rawat) ৷ চাৰিদিনীয়া কাৰ্যসূচীৰে অসমত উপস্থিত হোৱা উপাধ্যক্ষ ৰাৱটে বঙাইগাঁও শোধনাগাৰ(Bongaigaon Refinery)ৰ চাফাই কৰ্মচাৰীৰ সমস্যাৰ বুজ লয় । লগতে চাফাই কৰ্মচাৰীসকলৰ সমস্যা সন্দৰ্ভত চাফাই সংগঠনৰ সৈতেও মত-বিনিময় কৰে ৷

চিৰাং, 30 ছেপ্তেম্বৰ : চাৰিদিনীয়া কাৰ্যসূচীৰে বুধবাৰে অসমত উপস্থিত হয় কেন্দ্ৰীয় চৰকাৰৰ সামাজিক ন্যায় আৰু পুনৰীক্ষণ মন্ত্ৰালয়ৰ চাফাই কৰ্মচাৰীৰ ৰাষ্ট্ৰীয় আয়োগ(National Commission for Safai Karamcharis)ৰ উপাধ্যক্ষ বাবন ৰাৱট(Baban Rawat)। বুধবাৰে চিৰাং জিলাৰ চাপাগুৰিস্থিত হোটেল ছিগনেটত ভাৰতীয় তেল নিগনৰ অধীনৰ বঙাইগাঁও শোধনাগাৰ(Bongaigaon Refinery)ৰ ছাফাই কৰ্মচাৰী সকলৰ সংগঠনৰ নেতৃত্বত চাফাই কৰ্মচাৰী(Safai Worker)ৰ সৈতে মত-বিনিময় কৰে উপাধ্যক্ষগৰাকীয়ে ।

vice-chairman-of-national-comission-for-safai-karamcharis-baban-rawat-meeting-in-chirang
চাফাই কৰ্মচাৰীৰ ৰাষ্ট্ৰীয় আয়োগৰ উপাধ্যক্ষ বাবন ৰাৱটৰ মত-বিনিময়

বঙাইগাঁও শোধনাগাৰৰ চাফাই কৰ্মচাৰীসকলে তৈল উদ্যোগটোৰ পৰা পাবলগীয়া স্বাস্থ্য, বিজুলী, চিকিৎসা, আবাস গৃহ, দৰমহা আদি সন্দৰ্ভত বুজ লয় ৰাষ্ট্ৰীয় আয়োগৰ উপাধ্যক্ষ বাবন ৰাৱটে । একেদৰে তেওঁ চাফাই কৰ্মচাৰীসকলে লাভ কৰিব লগা ESIৰ দৰমহা আদিৰ ওপৰতো আলোচনা কৰে ।

উল্লেখ্য যে, চাফাই কৰ্মচাৰীসকলে চিকিৎসা ক্ষেত্ৰত পাবলগীয়া ESIৰ সুবিধাৰ বাবে ধন খৰচ কৰি গুৱাহাটীলৈ যাবলগীয়া হয় ৷ গতিকে চাফাই কৰ্মচাৰীসকলৰ দাবীৰ পৰিপ্ৰেক্ষিতত উপাধ্যক্ষ বাবন ৰাৱটে বঙাইগাঁৱত এখন আদৰ্শ ই এছ আই চিকিৎসালয়(ESI Hospital) স্থাপনৰ পোষকতা কৰে । বৰপেটা, বঙাইগাঁও আৰু চিৰাং জিলাৰ চাফাই কৰ্মচাৰী সংগঠন, চাফাই কৰ্মচাৰীসকলে বৈঠকত ৰাষ্ট্ৰীয় উপাধ্যক্ষগৰাকীক সমস্যাৰ কথা ব্যক্ত কৰাৰ লগতে মহাদলিত পৰিসংঘৰ পৰা স্মাৰকপত্ৰ প্ৰদান কৰে ।

উক্ত বৈঠকত ভাগ লয় মহাদলিত পৰিসংঘৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক চন্দন বাল্মিকী, অসম শাখাৰ সভাপতি বৈজ্যনাথ বাস্ফৰ, বঙাইগাঁও জিলা সমিতিৰ সভাপতি কৈলাশ বাস্ফৰ, সাধাৰণ সম্পাদ উমেদ বাস্ফৰসহ ভালে সংখ্যক পুৰুষ-মহিলা ছাফাই কৰ্মচাৰীয়ে ৷

লগতে পঢ়ক : আজিৰে পৰা পৰ্যটকৰ বাবে মুকলি ওৰাং ৰাষ্ট্ৰীয় উদ্যান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.