চিৰাঙত বজ্ৰপাতত তিনিগৰাকী নিহত

author img

By

Published : Sep 15, 2021, 8:50 AM IST

three-people-died-in-lightning-strike-at-chirang

চিৰাঙৰ বেংতলৰ অণ্ঠাইবাৰীত বজ্ৰপাতত(Lightning) নিহত তিনিগৰাকী ৷ আহত হৈছে কেইবাগৰাকীও লোক ৷ আহতসকলক চিকিৎসাৰ বাবে জেএচবি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ ৷

চিৰাং, 15 ছেপ্তেম্বৰ: চিৰাঙৰ বেংতলৰ অণ্ঠাইবাৰীত শোকাৱহ ঘটনা ৷ মঙলবাৰে বিয়লি ভাগত বজ্ৰপাতত(Lightning) অঞ্চলটোৰ তিনিগৰাকী গৰাকী লোকে মৃত্যুক সাৱটি লয় ৷ ব্ৰজপাতত কেইবাগৰাকীও আহত হোৱা বুলি জানিব পৰা হৈছে ৷ এগৰাকী মহিলাসহ দুজন লোকে বজ্ৰপাতত প্ৰাণ ত্যাগ কৰিবলগীয়া হয় ৷

প্ৰাপ্ত তথ্য অনুসৰি, বিয়লি চাৰি বজাত বেংতল ৰাজহ চক্ৰৰ অন্তৰ্গত অণ্ঠাইবাৰী মায়া ক্লাৱৰ উদ্যোগত ফুটবল প্ৰতিযোগিতা(Football Competition) চলি থকাৰ সময়তে খেল পথাৰত বজ্ৰপাতৰ ঘটনা সংঘটিত হয় । বজ্ৰপাতত নিহতসকল ক্ৰমে- দিলীপ মুছাহাৰী(40), মংকেশ্বৰ বসুমতাৰী(45) আৰু ৰয়েন্তী বসুমতাৰী(42) ।

চিৰাঙত বজ্ৰপাতত নিহত তিনিগৰাকী

আনহাতে আহতসকল ক্ৰমে- ৰমন সিং নাৰ্জাৰী, ছানছৌৰাং নাৰ্জাৰী, ট্ৰেছী বৰগয়াৰী, প্ৰকাশ মুছাহাৰী আৰু সান্থিনা বৰগয়াৰী, ৰীতা ইশ্লাৰী আৰু ককিলা বসুমতাৰী । আহত সকলক টুক্ৰাঝাৰ মিচনেৰী চিকিৎসালয়, কাজলগাঁৱৰ জেএচবি অসামৰিক চিকিৎসালয় আৰু বঙাইগাঁৱৰ নাৰ্ছিং হোমলৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে ।

ইফালে মৃতদেহ তিনিটাৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে কাজলগাঁৱৰ জেএচবি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে । বজ্ৰপাতৰ এই ঘটনাৰ বাবে সমগ্ৰ জিলাখনতে পৰিছে শোকৰ ছাঁ ৷

লগতে পঢ়ক: বাংলাদেশৰ পৰা মঙলদৈ আহি পালে নিৰুদ্দিষ্ট মুকুল হাজৰিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.