ৰাইজক দেখুৱাবলৈহে দালাল চক্ৰৰ বিৰুদ্ধে অভিযান চলাইছে চৰকাৰে: লুৰিণ

author img

By

Published : Sep 22, 2021, 1:06 PM IST

lurinjyoti-gogoi-visits-chandan-brahmas-house-at-chapaguri

‘‘মুখ্যমন্ত্ৰীয়ে খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ খিলঞ্জিয়াৰ হাতত দিয়াত ব্যৰ্থ হয় ৷ সেয়েহে ৰাইজক দেখুৱাবলৈহে দাদালৰাজৰ বিৰুদ্ধে অভিযান হাতত লৈছে’’ । মঙলবাৰে সন্ধিয়া চাপাগুৰিস্থিত প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্ম(Chandan Brahma)ৰ বাসগৃহত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত এই মন্তব্য় কৰে অসম জাতীয় পৰিষদ(AJP)ৰ সভাপতি লুৰিণজ্যোতি গগৈ(Lurinjyoti Gogoi)য়ে ৷

চিৰাং, 22 ছেপ্তেম্বৰ : চিৰাঙৰ চাপাগুৰিস্থিত প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্ম(Chandan Brahma)ৰ বাসগৃহত সদল-বলে উপস্থিত অসম জাতীয় পৰিষদ(AJP)ৰ সভাপতি লুৰিণজ্যোতি গগৈ(Lurinjyoti Gogoi) ৷ মঙলবাৰে সন্ধিয়া মন্ত্ৰীগৰাকীৰ বাসগৃহত হঠাতে উপস্থিত হয় লুৰিণজ্যোতি গগৈ ৷ প্ৰাক্তন মন্ত্ৰীগৰাকীৰ বাসগৃহত উপস্থিত হৈ ভাতৃ জনাৰ্ধন ব্ৰহ্মৰ মৃত্যুৰ বাবে শোকসন্তপ্ত পৰিয়ালক সমবেদনা জনায় লুৰিণে ৷

ইয়াৰ বাহিৰে কোনো ৰাজনৈতিক উদ্দেশ্য লৈ প্ৰাক্তন মন্ত্ৰীগৰাকীৰ বাসগৃহত অহা নাই বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰে অসম জাতীয় পৰিষদ(AJP)ৰ সভাপতিগৰাকীয়ে । ইফালে মাটিৰ দালাল চক্ৰৰ বিৰুদ্ধে আৰক্ষীয়ে চলোৱা অভিযান সন্দৰ্ভত লুৰিণজ্যোতি গগৈয়ে কয় যে, খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ খিলঞ্জিয়াৰ হাতত দিয়াত ব্যৰ্থ হৈছে মুখ্যমন্ত্ৰী ৷ সেয়েহে ৰাইজক দেখুৱাবলৈহে মুখ্যমন্ত্ৰীয়ে এনেধৰণৰ কাৰ্যকলাপ হাতত লৈছে ।

লুৰিণজ্যোতি গগৈৰ চন্দন ব্ৰহ্মক সাক্ষাৎ

তেওঁ লগতে কয় যে, নিৰ্বাচনৰ পূৰ্বে সত্ৰ, ট্ৰাইবেল বেল্টব্লক, বনাঞ্চল আদিৰ ভূমি বেদখল মুক্ত কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও সেই প্ৰতিশ্ৰুতি পূৰণ কৰিব পৰা নাই শাসকীয়া চৰকাৰখনে ৷ বিজেপিক পৰাভূত কৰিবলৈ সকলো বিৰোধী দল একত্ৰিত হৈ উপ নিৰ্বাচনৰ বাবে প্ৰতিটো সমষ্টিতে এজনকৈ প্ৰাৰ্থী দিয়াৰ চিন্তা-চৰ্চা কৰা হৈছে যদিও এআইইউডিএফ(AIUDF) দলক আওপকীয়াকৈ সাম্প্ৰদায়িক বুলি কৈ নিজ স্থিতি স্পষ্ট কৰে লুৰিণে । লগতে তেওঁ বৃহৎ দল হিচাপে কংগ্ৰেছক এই ক্ষেত্ৰতত আগভাগ লোৱাৰ বাবেও আহ্বান জনায় ৷

লগতে পঢ়ক : থানালৈ আহি অসুস্থ হৈ পৰিল তৃণমূল কংগ্ৰেছৰ নেতা কুনাল ঘোষ

আনহাতে, মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ৰাজ্যজুৰি চলা এনকাউণ্টাৰ(Encounter) সন্দৰ্ভত লুৰিণে কয় যে, আইন-আদালত থকাৰ পাচতো আৰক্ষীয়ে প্ৰকৃত অপৰাধী চিনাক্ত নকৰি অবৈধভাৱে এনকাউন্টাৰ কৰি আছে । পূৰ্বতে আৰক্ষীৰ হাতৰ পৰা কোনো অপৰাধী পলোৱা নাছিল কিন্ত এতিয়া পলাবলৈ লৈছে ।

আৰক্ষী বিভাগটো অধপতনে গ’ল নেকি বুলিও প্ৰশ্ন উত্থাপন কৰে এজেপিৰ সভাপতি গগৈয়ে । তেওঁ কয় যে, এয়া কেতিয়াও আইনৰ শাসন হ’ব নোৱাৰে ৷ য’ত ন্যায়পালিকাই বিচাৰ কৰে, কিন্তু ইয়াত ব্যাতিক্ৰম দৃশ্যহে পৰিলক্ষিত হৈছে । এনকাউন্টাৰসমূহক পৰিকল্পিত আখ্যা লুৰিণৰ ৷

ইয়াৰ লগতে লুৰিণজ্যোতি গগৈয়ে কোকৰাঝাৰৰ এনকাউণ্টাৰৰ ন্যায়িক তদন্তৰ দাবী জনায় ৷ এনে কাৰ্যই জংঘল ৰাজ বা নিজৰ ইচ্ছানুসৰি আইনৰ বিৰুদ্ধে কৰা কামক প্ৰতিফলিত কৰে বুলিও অভিযোগ কৰে লুৰিণে । গতিকে এনেধৰণৰ ঘটনাৰ বিৰুদ্ধে সদায় মাত মাতি যোৱাৰ হুংকাৰ দিয়ে এজেপিৰ সভাপতিগৰাকীয়ে ৷

লগতে পঢ়ক: বকলীয়াঘাটত জ্বলিল মুখ্যমন্ত্ৰীৰ প্ৰতিমূৰ্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.