উপনিৰ্বাচনত প্ৰাৰ্থী প্ৰক্ষেপ নকৰাৰ কথা কিয় সোৱঁৰাইছে TMC য়ে ?

author img

By

Published : Oct 12, 2021, 10:39 PM IST

Updated : Oct 12, 2021, 10:50 PM IST

chirang-tmc-press-meet

উপ নিৰ্বাচনত অসমৰ পাঁচটা সমষ্টিৰ কোনো এটাতো তৃণমূল কংগ্ৰেছে প্ৰাৰ্থী দিয়া নাই আৰু কাকো সমৰ্থনো দিয়া নাই । সংবাদমেল যোগে তৃণমূল নেত্ৰীৰ ঘোষণা । কিয় কৰিলে এই ঘোষণা জানো আহক ৷

চিৰাং, 12 অক্টোবৰ : চিৰাঙৰ ঢালিগাঁও বৰতালোৱাত তৃণমূল কংগ্ৰেছৰ সংবাদ মেল । মঙলবাৰে চিৰাং জিলাৰ ঢালিগাঁও বৰতালোৱাত তৃণমূল কংগ্ৰেছৰ অসম ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ ভাৰপ্ৰাপ্ত সভানেত্ৰী নাজমিনা বেগমে সংবাদ মেলৰ জৰিয়তে কয় যে, অনাগত ৩০ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া অসমৰ পাঁচ বিধান সভা সমষ্টিৰ উপ-নিৰ্বাচনত কিছুমান নিৰ্দলীয় প্ৰাৰ্থীয়ে তৃণমূল কংগ্ৰেছৰ নাম লৈ প্ৰচাৰ চলাই আছে ৷

কিয় উপনিৰ্বাচনত প্ৰাৰ্থী প্ৰক্ষেপ নকৰাৰ কথা কিয় সোৱঁৰাইছে TMC য়ে

কিন্তু তৃণমূল কংগ্ৰেছ দলৰ অসম ৰাজ্যিক সমিতিয়ে কোনো নিৰ্দলীয় প্ৰাৰ্থীক সমৰ্থন কৰা নাই ৷ ইয়াৰ লগতে তেওঁ কয় যে অসমৰ উপ নিৰ্বাচনত তৃণমূল কংগ্ৰেছে কোন প্ৰাৰ্থী প্ৰক্ষেপ কৰাই নাই ৷ গতিকে, সংবাদ মেলৰ জৰিয়তে দলটোৰ নাম লৈ প্ৰচাৰ নচলাবলৈ আহ্বান জনায় নেত্ৰী গৰাকীয়ে । একেদৰে, অসম ৰাজ্যিক তৃণমূল কংগ্ৰেছৰ কৰ্ণধাৰ মজনু ইচলাম মিঞাই পশ্চিম বংগৰ পৰাই এক ভিডিঅ’ বাৰ্তাতো অনুৰূপ ধৰণৰ মন্তব্য প্ৰকাশ কৰে।

লগতে পঢ়ক : ৰাজ্যত কাঠৰ চিণ্ডিকেট নিয়ন্ত্ৰণ কৰা কোন এই গোবিন্দ সৰকাৰ ?

Last Updated :Oct 12, 2021, 10:50 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.