আনন্দমুখৰ পৰিৱেশ চিৰাঙৰ স্বচ্ছ গাঁৱত

author img

By

Published : Oct 6, 2021, 2:22 PM IST

Swachh village of Chirang

চিৰাং জিলাৰ ভিতৰতে স্বচ্ছ গাঁও হিচাপে ইতিমধ্যে স্বীকৃতি লাভ কৰিছে হাইনাৰী গাঁওখনে । জিলা প্ৰশাসনে গাঁওখনক স্বচ্ছ গাঁৱৰ পুৰস্কাৰো প্ৰদান কৰিছে । কিন্তু পুনৰ মঙলবাৰৰ দিনটোত কিহৰ বাবে আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰে গাঁওখনত ?

চিৰাং, ৬ অক্টোবৰ : চিৰাং জিলাৰ চিদলী-চিৰাং উন্নয়ন খণ্ডৰ অধীনৰ কাশীকোত্ৰাৰ হাইনাৰী গাঁওখনে চলিত বছৰৰ গণৰাজ্য দিৱসত চিৰাং জিলা প্ৰশাসনৰ পৰা স্বচ্ছ গাঁও (Clean Village) হিচাপে স্বীকৃতি লাভ কৰাৰ পাছত গাঁওখনত স্বচ্ছতাৰ দ্বিতীয় বৰ্ষপূৰ্তি পালন কৰা হয় । উল্লেখ্য যে, গাঁওখনত বিগত ২০১৯ চনৰ ৫ অক্টোবৰৰ পৰাই স্বচ্ছতা অনাৰ বাবে গাঁওবাসীয়ে প্ৰতিটো দেওবাৰে স্বচ্ছ অভিযানৰ (Swachh Abhiyan) অংশস্বৰূপে পথৰ দাঁতিত গছপুলি, ফুল আদি ৰোপণ কৰাৰ লগতে চাফ-চিকুণকৈ ৰখাৰ ব্যৱস্থা কৰি আহিছে ।

আনন্দমুখৰ পৰিৱেশ চিৰাঙৰ স্বচ্ছ গাঁৱত

স্বচ্ছতাৰ দুবছৰ উপলক্ষ্যে হাইনাৰী গাঁৱৰ সামুহিক ভৱনত আয়োজিত সভাত স্থানীয় বিধায়ক জয়ন্ত বসুমতাৰী উপস্থিত থাকে । বিধায়কগৰাকীয়ে হাইনাৰী গাঁৱৰ লোকসকলে স্বচ্ছতাৰ দিশত লোৱা পদক্ষেপক শলাগ লয় আৰু জিলা প্ৰশাসনে স্বীকৃতি প্ৰদান কৰাত আনন্দ প্ৰকাশ কৰে । তেওঁ আন গাঁৱৰ লোকসকলক এই গাঁওখন পৰিদৰ্শন কৰিবলৈ অনুৰোধ জনোৱাৰ লগতে হাইনাৰী গাঁৱক অনুসৰণ কৰিবলৈ আহ্বান জনায় ।

অনাগত দিনত গাঁওখনক বিভিন্ন ধৰণে সহায় কৰাৰো প্ৰতিশ্ৰুতি দিয়ে বিধায়ক জয়ন্ত বসুমতাৰীয়ে । সংবাদ মাধ্যমৰ আগত চিদলীৰ বিধায়ক জয়ন্ত বসুমতাৰীয়ে চিৰাঙৰ হাইনাৰী গাঁওখন একমাত্ৰ স্বচ্ছ গাঁও বুলি অভিহিত কৰি ভৱিষ্যতে অধিক সা-সুবিধা উপলব্ধ গাঁও হিচাপে গঢ় দিয়াত গুৰুত্ব দিয়াৰ কথা ব্যক্ত কৰে ।

সভাত বিটিচিৰ পৰিষদীয় সদস্য চাইখং বসুমতাৰী আৰু মাধৱ চন্দ্ৰ ছেত্ৰীয়ে গাঁওখনৰ সৌন্দৰ্য, স্বচ্ছতাৰ দিশত সহায় কৰাৰ কথা ব্যক্ত কৰে । অনুষ্ঠানত কাজলগাঁও উপ সংমণ্ডলৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা ৰূপেশ্বৰ ব্ৰহ্ম, চিদলী-চিৰাং খণ্ড উন্নয়ন সহকাৰী খণ্ড বিষয়া বিষ্ণু মগৰে ভাষণ প্ৰদান কৰে ।

উল্লেখ্য যে, চল্লিশটা পৰিয়ালে বসবাস কৰা হাইনাৰী গাঁৱৰ দুই কিলোমিটাৰ পথত ফুলৰ গছ ৰোপণ কৰাৰ সিদ্ধান্ত লোৱা হৈছে । গাঁওখনত সকলোৱে স্বচ্ছতা বজাই ৰখাৰ বাবে বিগত দিনত গাঁওখনৰ এজনো লোক কৰ'ণাত (Corona) আক্ৰান্ত হোৱা নাই বুলি ব‍্যক্ত কৰে স্বচ্ছতা গাঁও সমিতিৰ সভাপতি দেৱ চৰণ বসুমতাৰীয়ে ।

লগতে পঢ়ক :নিশা দলগাঁৱত চাডেন ভিজিট শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.