প্ৰশাসনে নষ্ট কৰিলে ৰাজ্যলৈ অবৈধভাৱে অনা থাইলেণ্ড মাগুৰ
পৰৱৰ্তি সময়ত জিলা আৰক্ষীয়ে মিন বিভাগৰ সহযোগত গাড়ীখন জব্দ কৰি আদালতত হাজিৰ কৰায় । অৱশেষত নষ্ট কৰা হয় থাইলেণ্ড মাগুৰ মাছ খিনি ৷

প্ৰশাসনে নষ্ট কৰিলে ৰাজ্যলৈ অবৈধভাৱে অনা থাইলেণ্ড মাগুৰ
চিৰাং, 1 মে : অৱশেষত নষ্ট কৰা হ'ল লক্ ডাউনৰ মাজতে ৰাজ্যলৈ অনা থাইলেণ্ড মাগুৰখিনি ৷ আদালতৰ নিৰ্দেশনা অনুসৰি আৰক্ষীয়ে কাজলগাঁৱত জেচিবিৰ সহায়ত গাঁত খান্দি নষ্ট কৰে মাছখিনি ৷

দৰাচলতে বৃহস্পতিবাৰে বিহাৰৰ ব্যৱসায়ী এজনে কলিকতাৰ পৰা ৮ টন থাইলেণ্ড মাগুৰ মাছ লৈ অবৈধভাৱে চিৰাং জিলাত প্ৰৱেশ কৰিছিল ।

মাছখিনি নাগালেণ্ডৰ ডিমাপুৰলৈ লৈ যোৱাৰ বাবে অনা হৈছিল ৷ চিৰাং জিলাত ৰাষ্ট্ৰীয় ঘাই পথেৰে গৈ থকা অৱস্থাত পৰিবহণ বিভাগে গাড়ীখন জব্দ কৰে ৷

পৰৱৰ্তী সময়ত জিলা আৰক্ষীয়ে মিন বিভাগৰ সহযোগত গাড়ীখন জব্দ কৰি আদালতত হাজিৰ কৰায় । অৱশেষত নষ্ট কৰা হয় থাইলেণ্ড মাগুৰখিনি ৷


