Assam HSLC result 2023: উত্তীৰ্ণৰ ক্ষেত্ৰত অসমৰ ভিতৰত প্ৰথম স্থানত চিৰাং জিলা
Published: May 22, 2023, 10:55 PM


Assam HSLC result 2023: উত্তীৰ্ণৰ ক্ষেত্ৰত অসমৰ ভিতৰত প্ৰথম স্থানত চিৰাং জিলা
Published: May 22, 2023, 10:55 PM
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত অসমৰ ভিতৰত প্ৰথম স্থানত চিৰাং জিলা । অসমৰে ভিতৰতে প্ৰথম হোৱা জিলাখনত উত্তীৰ্ণৰ হাৰ ৮৮.৬৮ শতাংশ । সৰ্বনিম্নৰ পৰা সৰ্বোচ্চ স্থানলৈ গতি কৰিছে চিৰাং জিলা (Chirang district 1st position at HSLC result Assam) । জিলাখনৰ এই সাফল্যত উৎফুল্লিত হৈ পৰিছে জিলাবাসী ।
চিৰাং, ২২ মে': হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ৰাজ্যৰ ভিতৰত সৰ্বনিম্নৰ পৰা সৰ্বোচ্চ স্থানত চিৰাং জিলা । গুণগত শিক্ষাৰ দিশত অতিকৈ পিচপৰা জিলা হিচাপে চিহ্নিত চিৰাং জিলাৰ এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত অভূতপূৰ্ব ফলাফল দেখুৱাবলৈ সক্ষম হৈছে । এইবেলি ৰাজ্যৰ ভিতৰত অন্তিম স্থানৰ পৰা শীৰ্ষস্থান লাভ কৰাত উৎফুল্লিত জিলাৰ উপায়ুক্ত পি বিজয় ভাস্কৰ ৰেড্ডীয়ে এই ফলাফল লাভ কৰিবলৈ কি ধৰণে কাম কৰিব লগা হৈছিল সেই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে (Chirang district 1st position at HSLC result Assam) ।
যোৱা বছৰ ছাত্ৰ ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰৰ তালিকাত ৩৩ নং স্থানৰ পৰা এইবেলি ছাত্ৰ ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল চিৰাং জিলাৰ । শিক্ষাবৰ্ষ ২০২১-২২ বৰ্ষৰ ৰাজ্যৰ ভিতৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ছাত্ৰ-ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰৰ তালিকাত চিৰাং জিলাৰ স্থান আছিল অন্তিম ৩৩ নম্বৰত ।
কিন্তু এইবেলি চিৰাং জিলাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ছাত্ৰ ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৮৮.৬৮ শতাংশ লাভ কৰি ৰাজ্যৰ ভিতৰত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে । চিৰাং জিলা বিদ্যালয় সমূহৰ পৰিদৰ্ষক বিজয় বৈষ্ণৱে কয় যে, শিক্ষা বিভাগে যথেষ্ট পৰিশ্ৰমৰ ফল পাইছে এইবাৰ । প্ৰতিবছৰে জিলাখনৰ হাইস্কুল শেষান্ত পৰীক্ষাৰ ফলাফলত উত্তিৰ্ণৰ হাৰ ৰাজ্যৰ ভিতৰতে সৰ্বনিম্ন থাকে যাৰ বাবে এইবাৰ জিলা শিক্ষা বিভাগে কঠোৰ পৰিশ্ৰম কৰিছিল ভাল ফলাফলৰ বাবে যি লাভ কৰিবলৈ সক্ষম হৈছে (Assam HSLC result 2023) ।
বিষয়াগৰাকীয়ে জিলাখনৰ শিক্ষক-অবিভাৱক, ছাত্ৰ-ছাত্ৰীক ধন্যবাদ জনায় । বিয়লি চিৰাং জিলা উপায়ুক্তৰ কাৰ্যালয়ত আয়োজিত এক অনুষ্ঠানত জিলাখনৰ ভিতৰত শ্ৰেষ্ঠ দহগৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰে অবিভাৱক মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই (Minister Urkhau Goura Brahma) । মন্ত্ৰীগৰাকীয়ে জিলাখনৰ ভাল ফলাফল লাভ কৰা বিদ্যালয়ৰ প্ৰধান শিক্ষকসকলকো সম্বৰ্ধনা জ্ঞাপন কৰে । মন্ত্ৰীগৰাকীয়ে কয় যে, এয়া যাদু হোৱা দৰে হৈছে ।
জিলা প্ৰশাসন, বিটিচি প্ৰশাসন, শিক্ষা বিভাগ, শিক্ষকসকল সকলোৰে একক প্ৰচেষ্টাৰ ফলত আজি অসম্ভৱকো সম্ভৱ কৰি তুলিবলৈ সক্ষম হৈছে । এই ধাৰা আমি অটুট ৰাখিব লাগিব বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে । তেওঁ লগতে কয় যে, বিটিচি প্ৰশাসনে স্কুল এডপচন প্ৰক্ৰিয়া আৰম্ভ কৰাত শিক্ষাৰ আমুল পৰিৱৰ্তন হৈছে ।
অনুষ্ঠানত চিদলী সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰী, জিলা উপায়ুক্ত পি বিজয় ভাস্কৰ ৰেড্ডী, জিলা বিদ্যালয়সমুহৰ পৰিদৰ্শক বিজয় ৱৈষ্ণৱকে আদি কৰি বহু বিষয়া উপস্থিত থাকে । চিৰাং জিলাৰ উত্তীৰ্ণৰ হাৰ ৰাজ্যৰ ভিতৰতে সৰ্বোচ্চ যদিও জিলাখনৰ পৰা স্থান দখল কৰা এজনো নাই ।
লগতে পঢ়ক: Oath taking ceremony: TMPK ৰ নৱনিযুক্ত ৭১ জনীয়া কেন্দ্ৰীয় সমিতিৰ শপত গ্ৰহণ
