চিৰাঙৰ লক্ষ্মী মন্দিৰত উদ্ধাৰ গো-মাংস

author img

By

Published : Oct 18, 2021, 9:25 AM IST

beef rescue at Laxmi Mandir in Chirang

এক ভয়ংকৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ পৰা কথমপি ৰক্ষা পৰিল চিৰাং জিলা । লক্ষ্মী মন্দিৰৰ চৌহদত গো-মাংস ৰাখি ধৰা পৰিল যুৱক ৷

চিৰাং, 18 অক্টোবৰ : চিৰাং জিলাৰ ঢালিগাঁও থানাৰ অন্তৰ্গত পূৱ এংকৰবাৰীৰ লক্ষ্মী মন্দিৰৰ চৌহদত দেওবাৰে গো-মাংস উদ্ধাৰক লৈ সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ । গাঁৱখনৰ বিশ্বজিত ৰায়(কাছু) নামৰ লোকজনে মন্দিৰৰ চৌহদত ৰাখিছিল এই গো-মাংস । বিশ্বজিত ৰায়ে গো-মাংসখিনি মন্দিৰৰ চৌহদত থওতে দেখা পাই স্থানীয় লোকে ৷ এই ঘটনা পোহৰলৈ অহাৰ লগে লগে অঞ্চলটোত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশ ।

ঘটনাৰ সম্ভেদ লাভ কৰাৰ পাছতেই ততালিকে ঘটনাস্থলীত উপস্থিত হয় ঢালিগাঁও আৰক্ষী ৷ আৰক্ষীয়ে উত্তেজনাপূৰ্ণ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । তাৰপিচতে মন্দিৰ সমিতিয়ে বিষয় সন্দৰ্ভত ঢালিগাঁও থানাত দাখিল কৰে এজাহাৰ । ইফালে এই ঘটনাৰ পিছৰে পৰা পলাতক অৱস্থাত আছে বিশ্বজিত ৰায়(কাছু) ৷

চিৰাঙৰ পূৱ এংকৰবাৰী লক্ষ্মী মন্দিৰত উদ্ধাৰ গো মাংস

জানিব পৰা অনুসৰি, কিছুদিন পূৰ্বে চুৰিৰ গোচৰত আটক হোৱা বিশ্বজিতে হাতত হেণ্ডকাফ লৈয়ে আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰিছিল ৷ ইয়াৰ এসপ্তাহৰ পাছত আৰক্ষীয়ে পুনৰ বিশ্বজিতক কৰায়ত্ত কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল ।

জামিনত ওলাই আহি সাম্প্ৰদায়িক সংঘৰ্ষ সংঘটিত কৰাৰ উদ্দেশ্যে যুৱকজনে বিভিন্ন অনৈতিক কাৰ্য-কলাপ সংঘটিত কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ দীৰ্ঘদিনৰ পৰা অঞ্চলটোত হিন্দু-মুছলমান সম্প্ৰদায়ৰ লোকে মিলা-প্ৰীতিৰে বসবাস কৰি আহিছে । এই একতা দেখি কোনো দুষ্কৃতিকাৰীয়ে সাম্প্ৰদায়িক সংঘৰ্ষ সংঘটিত কৰাৰ উদ্দেশ্যে বহুবাৰ চেষ্টা কৰিছিল যদিও ব্যৰ্থ হয় ৷ শেহতীয়াকৈ এই ঘটনা সংঘটিত হোৱাৰ পিছতো কথমপি সাম্প্ৰদায়িক সংঘৰ্ষৰ পৰা ৰক্ষা পৰিল চিৰাং জিলা ।

লগতে পঢ়ক : ৰাজ্যত পেঞ্চন বিতৰণৰ ক্ষেত্ৰত সংস্কাৰ অনাৰ বাবে কেতবোৰ সিদ্ধান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.