ৰন্ধন সামগ্ৰীৰে নিৰ্মিত এটি ব্যতিক্ৰমী দুৰ্গা প্ৰতিমা

author img

By

Published : Oct 7, 2021, 8:03 PM IST

unique devi durga pratima made at basugaon

মাটিৰে নহয়; চাউল-দাইল, মিঠাতেলেৰে নিৰ্মিত এটি দেৱী দুৰ্গাৰ প্ৰতিমা ৷ দুৰ্গা পূজা(Durga Puja) উপলক্ষে এই ব্যতিক্ৰমী প্ৰতিমাটি সাজি উলিওৱা হৈছে চিৰাঙৰ বাসুগাঁৱত ৷ পিছে প্ৰতিমাটিত মাটিৰ পৰিৱৰ্তে ৰন্ধন সামগ্ৰী ব্যৱহাৰ কৰাৰ কাৰণ কি? জানো আহক...

চিৰাং, 7 অক্টোবৰ : সম্প্ৰতি মহামাৰী কৰ’ণা(Corona)ৰ ত্ৰাস কিছু পৰিমাণে লোপ পোৱাৰ প্ৰতি লক্ষ্য ৰাখি এইবেলি দুৰ্গা পূজা(Durga Puja) আয়োজন কৰাৰ অনুমতি প্ৰদান কৰিছে ৰাজ্য চৰকাৰে ৷ চৰকাৰৰ নিৰ্দেশ অনুসৰি, সীমিত সংখ্যক লোকে সম্পূৰ্ণ ক’ভিড প্ৰট’কল(Covid Protocol) মানি পূজা আয়োজন কৰিব পাৰিব ৷ সেই মৰ্মে ব্যস্ততা বৃদ্ধি পাইছে পূজা কমিটী আৰু মৃন্ময় শিল্পীসকলৰ ৷

ৰন্ধন সামগ্ৰীৰে নিৰ্মিত এটি ব্যতিক্ৰমী দুৰ্গা প্ৰতিমা
ৰন্ধন সামগ্ৰীৰে নিৰ্মিত এটি ব্যতিক্ৰমী দুৰ্গা প্ৰতিমা

ন-ন ধাৰণাৰে দেৱী দুৰ্গাৰ প্ৰতিমা সাজি উলিয়াইছে ৰাজ্যৰ মৃন্ময় শিল্পীসকলে(Teracotta Artist) ৷ পূজাৰ বাবে যেন এতিয়া আহৰি নাই ৰাজ্যবাসীৰ ৷ আজি আমি আপোনালোকক এনেকুৱা এটি দেৱী দুৰ্গাৰ প্ৰতিমাৰ কাষলৈ লৈ যাম, যিটো অন্য মূৰ্তিসমূহতকৈ কিছু পৰিমাণে পৃথক ৷

পিছে ক’ত আৰু কোনে এই বিশেষ প্ৰতিমাটো নিৰ্মাণ কৰিছে জানেনে ? চিৰাঙৰ বাসুগাঁৱত এই ব্যতিক্ৰমী দুৰ্গা প্ৰতিমাটি সাজি উলিয়াইছে মৃন্ময় শিল্পী সঞ্জয় চন্দ(Sanjoy Chanda)ই ৷ তেওঁৰ ব্যতিক্ৰমী দুৰ্গা প্ৰতিমাই এইবাৰ স্থান পাব গুৱাহাটী মহানগৰীৰ ফটাশিলৰ দুৰ্গা পূজা মণ্ডপত ৷ মাটিৰ পৰিৱৰ্তে এইবাৰ চাউল, দাইল, মিঠাতেল, দিয়াশলাইৰে সাজি উলিওৱা হৈছে প্ৰতিমাটি ৷

ৰন্ধন সামগ্ৰীৰে নিৰ্মিত এটি ব্যতিক্ৰমী দুৰ্গা প্ৰতিমা

শেহতীয়াকৈ দেশত চলি থকা মূল্যবৃদ্ধি(Price Hike)ক এক মূল সমস্যা হিচাপে লৈ দুৰ্গা প্ৰতিমাটি সাজি উলিয়াইছে মৃন্ময় শিল্পীগৰাকীয়ে ৷ তেওঁ জনোৱা মতে, দেশৰ সাধাৰণ জনতাক কোঙা কৰা মূল্যবৃদ্ধিক প্ৰতিফলিত কৰাই হৈছে শিল্পীগৰাকীৰ এইবাৰৰ মূৰ্তি নিৰ্মাণৰ মূল বিষয়বস্তু ৷

আনহাতে, প্ৰতিমাটিৰ চাৰিওকাষে ভাৰত মাতাৰ চিহ্ন প্ৰতিফলিত কৰা হৈছে আৰু মহিষাসুৰৰ স্থানত ৰখা হৈছে মহামাৰী কৰ’ণাক ৷ কিয়নো বিগত দুবছৰ ধৰি ভাৰতত সংহাৰী ৰূপ ধাৰণ কৰি আছে কৰ’ণা মহামাৰীয়ে ৷ বিগত বৰ্ষত এই মহামাৰীৰ বাবে প্ৰতিমা নিৰ্মাণৰ পৰা বঞ্চিত আছিল মৃন্ময় শিল্পীগৰাকী ৷

প্ৰতিমাটিৰ মালা হিচাপে আছে মিঠাতেলৰ বটলেৰে সাজি উলিওৱা এডাল মালা ৷ নিজৰ পেচা বা কোনো আৰ্থিক দিশৰ কথা নাভাবি দেশৰ সমস্যা প্ৰতিফলিত কৰাৰ উদ্দেশ্যে এই ব্যতিক্ৰমী দুৰ্গা মাৰ প্ৰতিমাটি নিৰ্মাণ কৰিছে মৃন্ময় শিল্পী সঞ্জয় চন্দই ৷

উল্লেখ্য যে, বিগত 2005 চনৰ পৰাই মৃন্ময় শিল্পৰ সৈতে জড়িত হৈ আছে সঞ্জয় চন্দ । প্ৰথম অৱস্থাত কিবা এটা কৰাৰ মানসিকতাৰে এই কামত হাতত লোৱা সঞ্জয় চন্দ প্ৰকৃততে এজন গাড়ী চালক । তেওঁৰ সৰু চাৰিচকীয়া বাহনখনেৰে ভাড়া চলায় যদিও সময় উলিয়াই এনেদৰে পৰিয়ালৰ সৈতে ব্যতিক্ৰমী ৰূপত সাজি উলিয়ায় দেৱী দুৰ্গাৰ প্ৰতিমা ।

কোনো ধৰণৰ চৰকাৰী সহায়-সহযোগিতা লাভ নকৰাকৈ সম্পূৰ্ণ নিজাববীয়াকৈ এই কামত জড়িত থকা বুলি জানিবলৈ দিয়ে মৃন্ময় শিল্পীগৰাকীয়ে ৷

লগতে পঢ়ক : ইঞ্জেকচনৰ চিৰিঞ্জৰ পৰশত প্ৰাণ পালে দুৰ্গা প্ৰতিমাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.