অভিশপ্ত নিমাতীঘাট ফেৰী দুৰ্ঘটনাত প্ৰাণ ৰক্ষা পৰা দুই যুৱকৰ শিহৰণকাৰী বৰ্ণনা

author img

By

Published : Sep 9, 2021, 9:50 PM IST

Nimateeghat

নিমাতীঘাট দুৰ্ঘটনাত পতিত হোৱা নাওখনত আছিল চৰাইদেউ জিলাৰ সোণাৰিৰ দুজনকৈ যুৱক ।‌ অভিশপ্ত নিমাতীঘাট ফেৰী দুৰ্ঘটনাত প্ৰাণ ৰক্ষা পৰা সোণাৰিৰ দুই যুৱকে বৰ্ণনা কৰিলে শিহৰণকাৰী দুৰ্ঘটনাটো । ফেৰীত নিৰাপত্তা মূলক ব্যৱস্থা ৰখাৰ দাবী দুই যুৱকৰ ।

মৰাণ, 9 ছেপ্টেম্বৰ : নিমাতীঘাটৰ বাবে অভিশপ্ত হৈ ৰ'ল ৮ ছেপ্তেম্বৰ দিনটো । নিমাতীঘাট ফেৰী দুৰ্ঘটনা এতিয়া দেশযুৰি চৰ্চিত বিষয় হৈ পৰিছে । এই দুৰ্ঘটনাৰ পাছতে আপোনজনক হেৰুৱাৰ বেদনাত ভাগি পৰাৰ সমান্তৰালভাৱে মাজুলী লৈ দলং নিৰ্মাণৰ বাবে দল-সংগঠনৰ লগতে ৰাইজে প্ৰতিবাদ কৰা পৰিলক্ষিত হয় ।‌

নিমাতীঘাট দুৰ্ঘটনাত পতিত হোৱা নাওখনত আছিল চৰাইদেউ জিলাৰ সোণাৰিৰ দুজনকৈ যুৱক ।‌ অভিশপ্ত নিমাতীঘাট ফেৰী দুৰ্ঘটনাত প্ৰাণ ৰক্ষা পৰা সোণাৰিৰ দুই যুৱকে বৰ্ণনা কৰিলে শিহৰণকাৰী দুৰ্ঘটনাটো । কথমপি প্ৰাণ ৰক্ষা পৰা সোণাৰিৰ ভাস্কৰ জ্যোতি তামুলী আৰু ভাস্কৰ জ্যোতি বৰুৱাই উদ্ধাৰ কৰিব নোৱাৰিলে ফেৰীত লৈ যোৱা বুলেটখন । ফেৰীত নিৰাপত্তা মূলক ব্যৱস্থা ৰখাৰ দাবী দুই যুৱকৰ ।

অভিশপ্ত নিমাতীঘাট ফেৰী দুৰ্ঘটনাত প্ৰাণ ৰক্ষা পৰা দুই যুৱকৰ শিহৰণকাৰী বৰ্ণনা

লগতে পঢ়ক : নিমাতীঘাট নাও ট্ৰেজেডী : ৰাজনীতিত নিমজ্জিত এখন দলঙৰ কাহিনী

এই শোকাৱহ দুৰ্ঘটনাৰ পাচতে সম্প্ৰতি চৰকাৰৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰিছে দল-সংগঠনৰ লগতে সাধাৰণ জনতা ৷ বাৰম্বাৰ প্ৰতিশ্ৰুতি দিয়াৰ পাচতো মাজুলীলৈ দলং নিৰ্মাণ নকৰাত সকলোৱে একেমুখে গৰিহণা দিছে চৰকাৰক ৷ বিগত সময়চোৱাত কেন্দ্ৰ তথা ৰাজ্যত শাসন কৰা বিজেপি দলে মাজুলীত প্ৰতিশ্ৰুতি দিছিল দলং নিৰ্মাণৰ ৷ খোদ নীতিন গাদকাৰীয়ে অধাৰশিলা স্থাপন কৰিছিল দলঙৰ ৷ কিন্তু আজিকোপতি সেই দলঙখন লাভ নকৰিলে মাজুলীবাসীয়ে ৷

মাজুলী আৰু নিমাতীঘাট সংযোগী দলং খন যেন এক ৰাজনৈতিক টোপলৈ পৰিণত হ’ল চৰকাৰৰ বাবে ৷ আনহাতে, আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ বিৰুদ্ধেও সোচ্চাৰ হৈ পৰিছে ৰাইজ ৷ বিভাগীয় অকৰ্মণ্যতাৰ বাবেই এই ঘটনা সংঘটিত হোৱা বুলি দাবী তুলিছে ৰাইজে ৷ বৃহস্পতিবাৰে মাজুলীত মন্ত্ৰী বিমল বৰাক ঘেৰাও কৰে একাংশ দল-সংগঠনৰ সদস্যৰ লগতে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক : ভুক্তভোগী যাত্ৰীৰ মুখেৰে শুনক নিমাতীঘাট নাও দুৰ্ঘটনাৰ বিশদ বৰ্ণনা

আনহাতে, এই ঘটনাৰ পাচতে বৃহস্পতিবাৰে নিমাতীঘাট ভ্ৰমণ কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আশ্বাস দিছে যে, মাজুলীৰ দলং নিৰ্মাণৰ কাম নৱেম্বৰৰ পৰা আৰম্ভ হ’ব ৷ ইয়াৰ লগতে যোৰহাট-মাজুলীৰ মাজত এটা ইঞ্জিনযুক্ত ফেৰী চলাচল বৃহস্পতিবাৰৰ পৰা বন্ধ ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে ৷ ফেৰীসমূহ দুটা ইঞ্জিনলৈ ৰূপান্তৰ কৰিব বিচৰা লোকক ১০ লাখকৈ টকা দিয়াৰ কথাও ব্যক্ত কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

অভিশপ্ত নিমাতীঘাট ফেৰী দুৰ্ঘটনাত প্ৰাণ ৰক্ষা পৰা দুই যুৱকৰ শিহৰণকাৰী বৰ্ণনা

তাৰোপৰি পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক শীঘ্ৰে ব্ৰহ্মপুত্ৰত ৰপেক্স জাহাজ চলোৱাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশ দিয়ে হিমন্ত বিশ্ব শৰ্মাই ৷ ইয়াৰ লগতে মাজুলীত ফেৰীসেৱা 4 খনৰ পৰা 6 খনলৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে ৷ ইমান এটা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ পাচত এতিয়া মাজুলীলৈ দলং হৈ উঠে নে নাই সেয়া লক্ষ্যণীয় হ’ব ৷

লগতে পঢ়ক : নৱেম্বৰৰ পৰা আৰম্ভ হ’ব মাজুলীৰ দলং নিৰ্মাণৰ কাম !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.