Plantation program in Sonari: চৰাইদেউক সোণাৰুৰ হালধীয়া ৰঙেৰে ৰঙীণ কৰাৰ সপোন অনুপ মহনৰ

author img

By

Published : Aug 5, 2022, 5:10 PM IST

Plantation

বিগত প্ৰায় দুবছৰৰ পৰা চৰাইদেউ জিলাত যথেষ্ট পৰিমাণৰ গছপুলি ৰোপণ কৰিছে প্ৰকৃতিপ্ৰেমী অনুপ মহনে (Anup Mahan planted a lot of saplings)। বিশেষকৈ সোণাৰু, কৃষ্ণচূড়া, কাঞ্চন আদিৰ গছপুলি ৰোপণেৰে জিলাখনক ৰঙীণ কৰাৰ প্ৰয়াস মহনৰ । বিভিন্ন ব্যক্তিৰ উপস্থিতিত সোণাৰিৰ টিমন পহুচূঙী গাঁৱত সোণাৰু গছৰ পুলি ৰোপণ কৰা হয় ।

মৰাণ,৫ আগষ্ট : চৰাইদেউ জিলাক সোণাৰুৰ হালধীয়া ৰঙৰে ৰঙীণ কৰি তোলাৰ প্ৰয়াস অব্যাহত আছে প্ৰকৃতিপ্ৰেমী অনুপ মহনৰ । চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তত সোণাৰু-কৃষ্ণচূড়া গছপুলি ৰোপণ কৰাৰ পাছত প্ৰকৃতিপ্ৰেমী মহনে শুকুৰবাৰে সোণাৰিৰ টিমন পহুচূঙী গাঁৱত ৰোপণ কৰিলে দুই শতাধিক সোণাৰু গছৰ পুলি (Plantation program under initiative of Anup Mahan)। ইতিমধ্যে জিলাখনৰ বিভিন্ন প্ৰান্তত প্ৰায় ৩৫ হাজাৰৰো অধিক সোণাৰু, কৃষ্ণচূড়া আৰু কাঞ্চন গছৰ পুলি ৰোপণ কৰিবলৈ সক্ষম হৈছে প্ৰকৃতিপ্ৰেমী অনুপ মহনে (Anup Mahan planted a lot of saplings)।

চৰাইদেউক সোণাৰুৰ হালধীয়া ৰঙেৰে ৰঙীণ কৰাৰ সপোন অনুপ মহনৰ

২০১৯ চনৰ পৰা গছপুলি ৰোপণৰ যাত্ৰা আৰম্ভ কৰা প্ৰকৃতিপ্ৰেমী অনুপ মহনে কেৱল গছপুলি ৰোপণ কৰাতে সীমাবদ্ধ নাথাকি সেইসমূহ প্ৰতিপালনৰো ব্যৱস্থা গ্ৰহণ কৰিছে । ইয়াৰ পৰিপ্ৰেক্ষিতত তেওঁ ৰোপণ কৰা বহু গছ এতিয়া প্ৰস্ফুটিত হ'ব ধৰিছে । প্ৰথম অৱস্থাত ব্যক্তিগত প্ৰচেষ্টাৰে গছপুলি ৰোপণ কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰা অনুপ মহনৰ কৰ্মক সমৰ্থন জনায় এতিয়া তেওঁক সহায় কৰিবলৈ আগবাঢ়ি আহিছে বিভিন্নজন ।

ইফালে শুকুৰবাৰে সোণাৰিৰ টিমন পহুচূঙী গাঁৱত অনুপ মহনৰ প্ৰচেষ্টাত স্থানীয় সাংবাদিক অৰূপ দিহিঙীয়াৰ উদ্যোগত সোণাৰু গছৰ পুলি ৰোপণ কৰা হয় । এই কাৰ্যসূচীত চৰাইদেউ জিলাৰ অতিৰিক্ত উপায়ুক্ত জাভেদ আৰমান, জনপ্ৰিয় কণ্ঠশিল্পী বিপিন চাউদাং, মাধৱ ৰঞ্জন, সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক প্ৰশান্ত দত্ত, বিশিষ্ট সমাজকৰ্মী উত্তম চাংমাইকে ধৰি বহু কেইগৰাকী বিশিষ্ট লোকে অংশগ্ৰহণ কৰি প্ৰকৃতি সুৰক্ষাৰ বাবে অনুপ মহনক সহযোগিতা আগবঢ়োৱা পৰিলক্ষিত হয় ।

লগতে পঢ়ক :Journalist Drama: এদল সাংবাদিকৰ নাট্যপ্ৰতিভাৰে প্ৰাণ পাব অসম বুৰঞ্জীৰ ঐতিহাসিক বীৰ চৰিত্ৰ জোঙালবলহু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.