1 বজাৰ দহটা শীৰ্ষ সংবাদ

author img

By

Published : Nov 21, 2021, 1:04 PM IST

top10 news

দিনৰ 1 বজাৰ দহটা শীৰ্ষ সংবাদ...

1 বজাৰ দহটা শীৰ্ষ সংবাদ-

Nagaland CM in Jorhat : যোৰহাটত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰে বৈঠক নাগালেণ্ডৰ মুখ্যমন্ত্ৰীৰ

যোৰহাটত উপস্থিত হৈছে নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফি ৰিঅ’ ৷ দেওবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এক বৈঠকত মিলিত হয় ৷ যোৰহাটৰ আৱৰ্ত ভৱনত অনুষ্ঠিত হয় এই বৈঠকখন ৷

Chirang venture school teachers protest: উত্তাল কাজলগাঁও উপায়ুক্ত কাৰ্যালয়

চিৰাঙত শনিবাৰে অপ্ৰাদেশিকৃত বিদ্যালয়ৰ শিক্ষকসকলে এক প্ৰতিবাদী কাৰ্যসূচী (Chirang venture school teachers protest) ৰূপায়ণ কৰে ৷ কাজলগাঁও উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত দুঘন্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে প্ৰতিবাদকাৰী শিক্ষকসকলে ৷

National Highway Condition : বিহালীৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত ধূলিময় পৰিৱেশ

বিহালীৰ বৰগাঙত 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ জৰাজীৰ্ণ ৰূপৰ লগতে ঘাইপথত বিৰাজ কৰিছে ধূলিময় পৰিৱেশে(Dusty Environment of NH15)। ঘাইপথৰ সমীপৰ দোকান-পোহাৰ বন্ধ কৰিবলৈ বাধ্য হৈছে ব্যৱসায়ীসকলে ৷ ঘাইপথৰ জৰাজীৰ্ণ ৰূপ আৰু ধূলিসদৃশ পৰিৱেশে জীয়াতু ভোগাইছে বৰগাংবাসী ৰাইজক ।

Press Meet : বহুকেইটা দাবীৰে খিলঞ্জীয়া জনজাতীয় সাহিত্য সভা অসমৰ সংবাদমেল

চৰকাৰলৈ বহুকেইটা দাবী উত্থাপন কৰি খিলঞ্জীয়া জনজাতীয় সাহিত্য সভা অসম(Indigenous Tribal Literature Meet Assam)ৰ সংবাদমেল সম্বোধন ৷ বিশেষকৈ নতুন শিক্ষানীতি প্ৰয়োগ কৰি পাঠ্যক্ৰমত মিচিং, ৰাভা, তিৱা, দেউৰী আৰু কাৰ্বি ভাষা সংযোজন কৰা দাবী জনায় জনজাতীয় সাহিত্য সভা অসমে ৷

New Rules of CAA : অতি শীঘ্ৰে আহিব CAAৰ নতুন নিয়ম

পাকিস্তানৰ পৰা বহিস্কৃত হিন্দু পৰিয়ালৰ 'দেৱালী স্নেহ মিলন' অনুষ্ঠানত CAA সম্পৰ্কে গুৰুত্বপূৰ্ণ ঘোষণা কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে । কংগ্ৰেছ, আম আদমী পাৰ্টি আৰু বাকী বিৰোধী দলকো সমালোচনা মন্ত্ৰীগৰাকীৰ ।

Sarbananda Sonowal at sonari : সাংসদ তপন গগৈৰ মাতৃ বিয়োগৰ খবৰ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

মাতৃ বিয়োগ ঘটিছে সাংসদ তপন গগৈ (MP Tapan Gogoi)ৰ ৷ শোকসন্তপ্ত পৰিয়ালৰ খবৰ লোৱাৰ উদ্দেশ্যে শনিবাৰে তেওঁৰ বাসগৃহত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল (Sarbananda Sonowal at sonari) ৷

75 Years of Independence: চৰ্দাৰ উধম সিঙক স্মৰণ

ভাৰতত স্বাধীনতা সংগ্ৰামীসকলৰ ভিতৰত অন্যতম হৈছে চৰ্দাৰ উধম সিং । ব্ৰিটিছসকলৰ বিৰুদ্ধে প্ৰতিশোধ ল'বলৈ তেওঁ দীঘলীয়া আৰু কঠোৰ অপেক্ষা কৰিছিল । ৰাম মহম্মদ সিং আজাদ ছদ্মনামেৰে তেওঁ জালিয়ানৱালা বাগৰ মাষ্টাৰ মাইণ্ডক হত্যা কৰিছিল ।

worlds first autonomous electric container ship : পৰিবহণৰ বাবে সাজু বিশ্বৰ প্ৰথমখন বৈদ্যুতিক জাহাজ

পৰিবহণৰ বাবে সাজু বিশ্বৰ প্ৰথমখন বৈদ্যুতিক জাহাজ(worlds first autonomous electric container ship) ৷ য়াৰা বিৰ্কেলেণ্ড(Yara Birkeland) নামৰ 80 মিটাৰ দীঘল (87 গজ) জাহাজখন ৰাজহুৱাকৈ প্ৰদৰ্শন কৰা হয় শুকুবাৰৰ দিনটোত ৷

Kobu chapori flood : জোনাইত উদ্ধাৰ সুগৰী পহু

কবু চাপৰি বান (Kobu chapori flood)ৰ ফলত দিশহাৰা হৈ পৰিছে বহু বন্যপ্ৰাণী ৷ ইয়াৰ মাজতে বানৰ ফলত আশ্ৰয় লোৱা এটি গাভিনী সুগৰী পহু(Indian Hoog Deer) 3নং ৱাৰ্ডৰ এঘৰ লোকৰ ঘৰৰ ভিতৰৰ পৰা ৰাইজে উদ্ধাৰ কৰে ৷

Jorhat Municipality : Best Self- Sustainable Cityৰ সন্মান যোৰহাট পৌৰসভালৈ

যোৰহাট পৌৰসভালৈ (Jorhat Municipality) ‘Best Self-Sustainable City’ ৰ সন্মান ৷ স্বচ্ছতাৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰা পাৰদৰ্শিতাৰ ভিত্তিত অসমৰ ৯ খন পৌৰসভালৈ আগবঢ়োৱা হৈছে এই বঁটা ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.