assamese
HOME/ STATE/ CHARAIDEO/TOP 10 AT 9AM
    etv comment image
    .

    9 বজাৰ 10 টা শীৰ্ষ বাতৰি

    Published on: Nov 27, 2022, 8:57 AM IST
    etv comment image
    Thumbnail image

    9 বজাৰ 10 টা শীৰ্ষ বাতৰি

    Published on: Nov 27, 2022, 8:57 AM IST

    9 বজাৰ 10 টা শীৰ্ষ বাতৰি

    Firing at Jorhat : নিশাৰ অন্ধকাৰত যোৰহাটৰ মাজমজিয়াত গুলীচালনা

    যোৰহাটত চাঞ্চল্যকৰ ঘটনা ৷ নগৰৰ মাজমজিয়াস্থিত মাৰোৱাৰী পট্টিত গুলীচালনাৰ ঘটনা(Firing at Jorhat) ৷

    Belarus Foreign Minister: বেলাৰুছৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ভ্লাডিমিৰ মাকেইৰ আকস্মিক মৃত্যু

    শনিবাৰে আকস্মিকভাৱে মৃত্যু হয় বেলাৰুছৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ভ্লাডিমিৰ মাকেইৰ (Vladimir Makei passes away) ৷ অৱশ্যে মন্ত্ৰীগৰাকীৰ মৃত্যুৰ কাৰণ সন্দৰ্ভত বৰ্তমানলৈকে কোনো তথ্য লাভ কৰা হোৱা নাই ৷ বেলাৰুছৰ বৈদেশিক মন্ত্ৰণালয়ৰ তৰফৰ পৰা জনোৱা হৈছে এই কথা ৷

    Ink attacked on AAP leader: আপ নেতালৈ চিয়াঁহী নিক্ষেপ কাণ্ডৰ প্ৰতিক্ৰিয়া ভূপেন বৰা-ৰকিবুল হুছেইনৰ

    শনিবাৰে নগাঁও জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত আপৰ দশম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী (10th Annual Foundation Day Programme of AAP) অনুষ্ঠিত হৈ থকাৰ মাজতে পুথিভঁৰালৰ সন্মুখতে আপৰ নগাঁও জিলা সমিতিৰ সম্পাদক যুগান্তৰ বৰা আৰু কেন্দ্ৰীয় সমিতিৰ প্ৰতিনিধি সব্যসাচী বৰালৈ লক্ষ্য কৰি চিয়াঁহী নিক্ষেপ কৰে স্কুটীত অহা দুই যু্ৱকে (Ink attacked on AAP leader)৷ চিয়াঁহী নিক্ষেপ কৰি যুৱক দুজনে বিজেপি জিন্দাবাদ ধ্বনি দি ত্যাগ কৰে সেই স্থান ৷ তাৰ পাচতে অঞ্চলটোত এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হৈছিল (Congress leader on ink attacked) ৷

    Ink attacked on AAP leader: আপ নেতালৈ চিয়াঁহী নিক্ষেপক লৈ প্ৰতিক্ৰিয়া নগাঁও বিজেপিৰ

    আপৰ নেতালৈ চিয়াঁহী নিক্ষেপৰ প্ৰসংগত প্ৰতিক্ৰিয়া নগাঁও বিজেপিৰ(Ink attacked on AAP leader) । অস্তিত্বহীন আপে সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণৰ বাবে এই কৌশল লোৱাৰ দাবী বিজেপিৰ নগাঁও মণ্ডলৰ সম্পাদক কৃষ্ণ সৰকাৰৰ(BJP Nagaon mandal secretary Krishna Sarkar) । তেওঁ লগতে এবছৰ পূৰ্বে আপৰ সম্পাদক যুগান্তৰ বৰা নিৰুদ্দেশ হোৱাৰ অপবাদো বিজেপিৰ ওপৰত জাপি দিব নেকি বুলি ওলোটাই প্ৰশ্ন কৰে ৷ বিজেপি নগাঁও মণ্ডলৰ সম্পাদক কৃষ্ণ সৰকাৰে অসমত গণভিত্তি নথকাৰ বাবেই আপৰ নেতৃত্বই এই নাটক কৰিছে বুলি দাবী কৰে ৷

    Bir Lachit Barphukan: অভিলেখ সংখ্যক লোকে লাচিত বৰফুকনক লৈ ব্যক্ত কৰিলে মনৰ ভাৱ

    লাচিত বৰফুকন সন্দৰ্ভত লেখা বিচাৰি চৰকাৰে জনোৱা আহ্বানৰ প্রতি ব্যাপক সঁহাৰি(Essay on Lachit Borphukan) । অভিলেখ গঢ়ি আজি দুপৰীয়ালৈকে ৰাজ্য চৰকাৰে মুকলি কৰা পৰ্টেল আৰু মোবাইল এপ'ত মুঠ ৪৩,১৩,৩৩৯ টা লেখা সন্নিবিষ্ট হৈছে । ইয়াৰ ভিতৰত ৬ লাখ ১৭ হাজাৰ ৭৪০ জন লোকে অনলাইন মাধ্যমত ৰচনা লিখাৰ বিপৰীতে ৪২ লাখ ৫১ হাজাৰ ৫৬৫ জন লোকে কাগজত হাতেৰে লিখি আপলোড কৰিছে । ৰচনা লিখা জিলাৰ শীৰ্ষত আছে নগাঁও । নগাঁৱৰ ৩ লাখৰো অধিক লোকে ৰচনা আপলোড কৰিছে ।

    Anil Kapoor in Tezpur: তেজপুৰত বলীউডৰ অভিনেতা অনিল কাপুৰ

    বিগত দিনকেইটাত ইজনৰ পৰা সিজন বলীউডৰ অভিনেতা-অভিনেত্ৰীৰ সঘনাই আহ-জাহ চলিছে অসমলৈ ৷ শনিবাৰে তেজপুৰ বায়ুসেনা ঘাটিৰ এখন বিদ্যালয়ত উপস্থিত হয় বলীউডৰ তাৰকা অভিনেতা অনিল কাপুৰ (Anil Kapoor in Tezpur) ৷

    HR conclave at Vivanta: উত্তৰ পূৰ্বাঞ্চলৰ অৰ্থনৈতিক উন্নয়ন সন্দৰ্ভত আলোচনাচক্ৰ

    অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ উদ্যোগত শনিবাৰে গুৱাহাটীৰ হোটেল তাজ ভিভাণ্টাত এক বিশেষ আলোচনা চক্ৰ অনুষ্ঠিত কৰা হয় (HR conclave at vivanta) । ৰাষ্ট্ৰীয় পৰ্যায়ৰ উক্ত অনুষ্ঠানত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ অৰ্থনৈতিক ক্ষেত্ৰখন উন্নীতকৰণ আৰু নিবনুৱা সমস্যা সমাধানৰ বিকল্প ব্যৱস্থা সন্দৰ্ভত আৰু উদ্যোগিক ক্ষেত্ৰক একত্ৰিত কৰি অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ শিক্ষিত নিবনুৱাক কেনেদৰে সংস্থাপন কৰিব পৰা যায় তাৰ ওপৰত বিস্তৃতভাৱে আলোচনা কৰা হয় ৷ সমগ্ৰ অনুষ্ঠানটো দুটা ভাগত বিভক্ত কৰা হয় । প্ৰথম পৰ্যায়ৰ আলোচনাত কোভিড ১৯ ৰ পিছত পুনৰ দক্ষতা আৰু দক্ষতা বৃদ্ধিৰ গুৰুত্ব সন্দৰ্ভত আলোচনা কৰা হয় ।

    Padmashree Phoolbasan Bai Yadav: আত্মহননৰ চিন্তা কৰা ফুলবাচন বাইয়ে এতিয়া কৰ্মসংস্থাপন দিছে প্ৰায় 200 টা পৰিয়ালক

    অৰ্থনৈতিক দৈন্যতাৰ বাবে এসময়ত সন্তানসহ আত্মহনন দৰে পথ ল’বলৈ চিন্তা কৰা মহিলাগৰাকী এতিয়া সকলোৰে বাবে হৈ পৰিছে আদৰ্শ ৷ কৰ্মসংস্থাপন দিছে প্ৰায় 200 টা পৰিয়ালক ৷ সন্মানিত হৈছে পদ্মশ্ৰী সন্মানেৰে(success story of Phoolbasan Bai Yadav) ৷

    Mini Combine Harvester: তেজপুৰৰ খেতিপথাৰত প্ৰথমবাৰলৈ মিনি কম্বাইণ্ড হাৰ্ভেষ্টাৰ উদ্বোধন

    শোণিতপুৰ জিলা কৃষি বিভাগৰ উদ্যোগত তেজপুৰৰ বৰঝাৰ গাঁৱৰ শইকীয়া চুবুৰীত মিনি কম্বাইণ্ড হাৰ্ভেষ্টাৰৰ মুকলি ৷ তেজপুৰ সমষ্টিৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই মুকলি কৰে এই মিনি কম্বাইণ্ড হাৰ্ভেষ্টাৰ ৷

    Assam Meghalaya Border conflict: মেঘালয়ত অৰ্ধসামৰিক বাহিনীৰ চাৰিটা কোম্পানী মোতায়েন

    অসম-মেঘালয় সীমান্ত এলেকাসমুহত আইন-শৃংখলাজনিত পৰিস্থিতি বজাই ৰখাৰ বাবে মেঘালয়ত কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীৰ চাৰিটাকৈ কোম্পানী মোতায়েন কৰা হৈছে (Four companies deployed in Meghalaya)৷

    .
    ETV
    Loading...