9 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Nov 19, 2022, 9:06 AM IST

top-10-at-9-am

9 বজাৰ 10 টা শীৰ্ষ বাতৰি

Hagrama Mahilary news: হাগ্ৰামাক গা উঠাই ৰং চাইছে কোনে ?

অসহায় হাগ্ৰামাক চাকনৈয়াত পেলাই ৰং চাইছে কোনে ? কোঠাৰ ভিতৰৰ এখন বিশেষ ফটো আৰু তিনিখনকৈ দেশৰ ভিভিআইপি ব্যক্তিৰ পঠিওৱা ফটো ভাইৰেল কৰিলে কোনে (Hagrama Mahilary latest news) ? নিশ্চয়কৈ হাগ্ৰামাক ভাল পাই কোনেও কৰা নাই এই কাম ৷ ৰাজনীতিত সকলো সম্ভৱ হ’লেও; সঁচাকৈ জানো প্ৰমোদ বড়োক আঁতৰাই হাগ্ৰামাক পুনৰ বড়োভূমিৰ শাসনভাৰ দিব বিজেপি নেতৃত্বই ? হাগ্ৰামাক পুনৰ মিত্ৰ কৰি ল’বনে মোডী-শ্বাহে ?

Tribute to Jamini kumar Narzary: যামিনী কুমাৰ নাৰ্জাৰীৰ স্মৃতিসৌধৰ আধাৰশিলা স্থাপন

শিক্ষক, বিশিষ্ট সমাজকৰ্মী যামিনী কুমাৰ নাৰ্জাৰীৰ আদ্যশ্ৰাদ্ধ উপলক্ষে স্মৃতিচাৰণ সভা(Tribute to Jamini Kumar Narzary) ৷ স্মৃতিসৌধৰ আধাৰশিলা স্থাপন,স্মৃতিগ্ৰন্থ উন্মোচন ৷ বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ অংশগ্ৰহণ(BTR Chief Pramod Boro) ৷

Lachit Divas 2022: ভাৰতীয় সেনা বাহিনীৰ মিছা সেনা চাউনিত লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি উন্মোচন

লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তী(400th birth anniversary of Lachit Borphukan) উপলক্ষে ভাৰতীয় সেনা বাহিনীৰ মিছাস্থিত সেনা চাউনিত শুকুৰবাৰে সন্ধিয়া বীৰ সেনাপতিগৰাকীৰ প্ৰতিমূৰ্তি উন্মোচন কৰে ভাৰতীয় সেনা বাহিনীৰ অৱসৰপ্ৰাপ্ত লেফটেনেট জেনেৰেল পি. কে. ভঁড়ালীয়ে(Lachit Borphukan statue inaugurated at Kaliabar) ।

Soldiers died in JK: কাশ্মীৰত হিমস্খলনত তিনি সেনা জোৱানৰ মৃত্যু

উত্তৰ কাশ্মীৰৰ কুপৱাৰা জিলাৰ মাচিল অঞ্চলত শুকুৰবাৰে হিমস্খলনৰ ফলত তিনিজন সেনা জোৱান নিহত (Three soldiers die in avalanche) ৷ মৃত সেনা জোৱান তিনিজন হ’ল মুকেশ কুমাৰ, মনোজ গাইকোৱাদ আৰু লক্ষ্মণ ৰাও (Soldiers died in JK)৷

GU Youth Festival: বিশ্ববিদ্যালয়ৰ আন্তঃ যুৱ মহোৎসৱত উজলিল লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱা ৰাজ্যিক সংগীত মহাবিদ্যালয়ে

ঘোষণা কৰা হ’ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃ যুৱ মহোৎসৱ ২০২১-২২ বৰ্ষৰ (GU Youth Festival 2021-22) শ্ৰেষ্ঠ মহাবিদ্যালয় সন্মান ৷ এইবাৰ এই বিশেষ সন্মান লাভ কৰে লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱা ৰাজ্যিক সংগীত মহাবিদ্যালয়ে (Luit Konwar Rudra Barua State College Of Music) ৷ যাক লৈ উৎফুল্লিত এতিয়া মহাবিদ্যালয়খনৰ শিক্ষাৰ্থীসকল ৷

Drugs siezed in Hojai: হোজাইত 5 সৰবৰাহকাৰী সহ ড্ৰাগছ জব্দ

ৰাজ্যত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত থকাৰ সময়তে শুকুৰবাৰে পুৱতি নিশা যমুনামুখৰ সৰুপথাৰত এক গোপন তথ্যৰ ভিত্তিত হোজাইৰ আৰক্ষী অধীক্ষক বৰুন পুৰকায়স্থৰ নিৰ্দেশত যমুনামুখ আৰক্ষীয়ে এক অভিযান চলায় ৷ আৰক্ষীয়ে এই অভিযানত দুগৰাকী মহিলাকে ধৰি পাঁচটা ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে (Drugs paddler arrested with drugs)৷

Shraddha murder case: শ্ৰদ্ধা হত্যাকাৰী সন্দৰ্ভত বিস্ফোৰক মন্তব্য সাংসদ সাক্ষী মহাৰাজৰ

শ্ৰদ্ধা হত্যাকাণ্ডৰ সন্দৰ্ভত বিস্ফোৰক মন্তব্য প্ৰকাশ কৰে সাংসদ সাক্ষী মহাৰাজে (MP Sakshi Maharaj)৷ সাংসদগৰাকীয়ে শুকুৰবাৰে বৃন্দাবন চহৰত উপস্থিত হৈ শ্ৰদ্ধা হত্যাকাৰী আফতাবৰ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰে (MP Sakshi Maharaj on Shraddha murder )৷

Road safty awarness meeting: বিহালী স্নাতক মহাবিদ্যালয়ত পথ সুৰক্ষা সজাগতা সভা

বিহালী স্নাতক মহাবিদ্যালয়ত অনুষ্ঠিত হয় পথ সুৰক্ষাৰ ওপৰত এখনি সজাগতা সভা(Road safety awareness meeting at Behali College) । সভাত জিলা পৰিবহন বিষয়া উমেশ শৰ্মা উপস্থিত থাকি গাড়ী বা মটৰচাইকেল চলাওতে লব লগা সাৱধানতাৰ ওপৰত ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি বক্তব্য আগবঢ়াই(Road safety awareness meeting) ।

Home Loans Planning: Credit Score বৃদ্ধিৰ বাবে প্ৰয়োজনীয় কেইটামান পৰামৰ্শ

বৰ্তমান বহু লোকেই গৃহ ঋণ বিচাৰে (home loans) । কিন্তু সেই ক্ষেত্ৰত তেওঁলোক বহু বাধাৰ সন্মুখীন হয় । যদি আপোনাৰ ক্ৰেডিট স্ক'ৰ (credit score) অধিক হয়, তেনেহ'লে সপোনৰ ঘৰটোৰ বাবে ঋণ লাভ কৰাত আধা ৰাস্তা অতিক্ৰম কৰিব পাৰে । আপোনাৰ ক্ৰেডিট স্ক'ৰ কেনেদৰে বৃদ্ধি কৰিব লাগে ইয়াত কিছু পৰামৰ্শ দিয়া হৈছে (tips to enhance credit score) । যিয়ে আপোনাৰ সামগ্ৰিক বিত্তীয় অনুশাসন আৰু বেংক, বিত্তীয় প্ৰতিষ্ঠান, বীমা কোম্পানী, মোবাইল ফোন ফাৰ্ম আদিত পৰিশোধ ক্ষমতা সূচায় ।

Zubeen Garg 50th birthday: হাৰ্টথ্ৰ’বৰ জন্মদিনত উখল-মাখল ৰাজ্য

অসংখ্যজনৰ অবৰ্ণনীয় ভালপোৱাৰ মাজৰে উদযাপিত হ’ল জুবিন গাৰ্গৰ 50 বছৰীয়া জন্মদিন ৷ অসমীয়াৰ বুকুত 30 টা বসন্তৰ নাহৰ হৈ ফুলিল জুবিন গাৰ্গ ৷ অনুৰাগীৰ আশা, এই সম্পদৰ কোনো কালে হানি-বিঘিনী নহওক ৷ ভালে থাকক জুবিন গাৰ্গ (50th birthday anniversary of Zubeen Garg)৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.