9 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Sep 15, 2022, 9:12 AM IST

9 বজাৰ শীৰ্ষ 10 টা বাতৰি

9 বজাৰ শীৰ্ষ 10 টা বাতৰি

বিশ্বৰ প্ৰথমগৰাকী শিশু নাট ৰচয়িতা মাধৱদেৱ : ড৹ ননীগোপাল মহন্ত

‘‘মহাপুৰুষ মাধৱদেৱ বিশ্বৰ প্ৰথমগৰাকী শিশু নাটৰ ৰচক (World first children drama writer Madhavdev) ৷ তেওঁ নাটসমূহ ৰচনা কৰাৰ সময়ত ভাৰতবৰ্ষৰ অন্য প্ৰান্তীয় ভাষাত এনেধৰণৰ নাট ৰচনা হোৱা নাছিল’’ ৷ বুধবাৰে বৰপেটা সত্ৰৰ কৰাপাটৰ সন্মুখত আয়োজন কৰা মহাপুৰুষ মাধৱদেৱৰ তিৰোভাৱ তিথিৰ সোঁৱৰণী সভাত অংশ লৈ এই মন্তব্য কৰে ড৹ ননীগোপাল মহন্তই ৷

নিযুক্তিৰ নামত হোৱা দুৰ্নীতিৰ অভিযোগক লৈ সৰৱ বিৰোধী

নিযুক্তিকেন্দ্ৰিক দুৰ্নীতি সন্দৰ্ভত এ আই ইউ ডি এফৰ বিধায়কদ্বয় আশ্ৰাফুল হুছেইন আৰু ৰফিকুল ইছলামৰ লগতে কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ বিধানসভা চৌহদত প্ৰতিক্ৰিয়া । বিজেপি চৰকাৰৰ দিনত হোৱা প্ৰতিটো নিযুক্তিৰ আঁৰত আছে দুৰ্নীতি আৰু দালালৰাজ । এই কথা তথ্য সহকাৰে প্ৰমাণ হৈছে ।

অভয়াপুৰীত দেশীয়ভাৱে নিৰ্মিত পিষ্টলসহ আটক এজন

বঙাইগাঁও জিলাৰ অভয়াপুৰীত দেশীয়ভাৱে নিৰ্মিত ২ টা পিষ্টলসহ আটক এজন (Man arrested with pistols in Bongaigaon) ৷ আটকাধীন যুৱকজন কীৰ্ত্তনপাৰা ২ য় খণ্ডৰ ইমৰান হুছেইন বুলি জানিব পৰা গৈছে ৷

জেহাদী গোচৰৰ বুজ ল'বলৈ গোৱালপাৰাত জি পি সিং

জেহাদী সম্পৰ্কে অসম আৰক্ষীয়ে যেতিয়ালৈকে খবৰ আৰু তথ্য পাই থাকিব তেতিয়ালৈকে অভিযানো অব্যাহত থাকিব ৷ গোৱালপাৰাত উপস্থিত হৈ আজি এই মন্তব্য কৰে অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে ৷

জোনাইত অচিন পোকৰ উপদ্ৰৱত অতিস্থ হৈ কৃষি পথাৰত পশুধন মেলি দিছে কৃষকে

জোনাইৰ কেইবাখনো গাঁৱৰ কৃষকৰ ভৰসা স্বৰূপ একমাত্ৰ (Insects attack paddy field in Dhemaji)পথাৰখন নষ্ট হোৱাৰ পিছতো কৃষকৰ সমস্যাৰ প্ৰতি জিলা কৃষি বিভাগে তিলমানো গুৰুত্ব প্ৰদান কৰা নাই বুলি কৃষকসকলে অভিযোগ উত্থাপন কৰিছে । জিলাখনৰ ৰামধন দিকাৰী গাঁও পঞ্চায়ত অন্তৰ্গত বৰদণ্ডি অঞ্চলত বৃহৎ কৃষি ভূমিত অচিন পোকে চলাইছে ত্ৰাস ৷ উপায়হীন হৈ ধাননি পথাৰত পশুধন মেলি দিছে কৃষকে ৷

ধুবুৰীত তৃণমূল কংগ্ৰেছৰ বিশাল কৰ্মীসভাত ৰিপুন বৰা

বুধবাৰে ধুবুৰীৰ এখন দলীয় কৰ্মী সভাত অংশ লৈ বৰাই বিজেপি আৰু এ আই ইউ ডি এফকো তীব্ৰ ভাষাৰে সমালোচনা কৰে । উক্ত কৰ্মীসভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ (Assam TMC President Ripun Bora) লগতে অসম-বংগৰ কেইবাজনো নেতা উপস্থিত থাকে ।

১৭ আৰু ১৮ ছেপ্টেম্বৰত মাছখোৱাৰ আইটিএ ত সুৰসংগমৰ নৃত্য আৰু সংগীত মহোৎসৱ

শাস্ত্ৰীয় সংগীত আৰু নৃত্যৰ শিক্ষানুষ্ঠান সুৰসংগমৰ উদ্যোগত অহা ১৭ আৰু ১৮ ছেপ্টেম্বৰত মাছখোৱাস্থিত প্ৰাগজ্যোতিষ আই টি এত দুদিনীয়া কাৰ্যসূচীৰে উদযাপিত হ’ব "সুৰসংগম- নৃত্য আৰু সংগীত মহোৎসৱ" (Sur Sangam Dance and Music Festival)।

ধুবুৰী পৰিবহণ বিভাগৰ কাৰ্যালয়ত জিলা আৰক্ষী অধীক্ষকৰ চাডেন ভিজিট

প্ৰসংগ দালাল ! ধুবুৰী পৰিবহণ বিষয়াৰ কাৰ্যালয়ত চাডেন ভিজিট জিলা আৰক্ষী অধীক্ষকৰ (SP Sudden visit to Dhubri Transport Department office) ৷

লখিমপুৰ মেডিকেল কলেজৰ চতুৰ্থ বৰ্গৰ পৰীক্ষা: কি কয় পৰীক্ষা নিৰীক্ষকে

ভিক্টৰ দাস নামৰ যুৱক এজনে ইতিপূৰ্বে ৰাজ্যজুৰি হৈ যোৱা অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ পৰীক্ষাক কেন্দ্ৰ কৰি কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন কৰাৰ পিছৰে পৰা আন নিযুক্তি প্ৰক্ৰিয়া সমূহৰ সন্দৰ্ভতো বিভিন্ন অভিযোগ উল্থাপন হ'বলৈ আৰম্ভ কৰিছে ৷

লালুকত মাটিৰ দালাল আৰু লাট মণ্ডলৰ বিৰুদ্ধে ৰাইজৰ তীব্ৰ প্ৰতিবাদ

বুধবাৰে লালুকত মাটিৰ দালাল আৰু লাট মণ্ডলৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিলে অঞ্চলটোৰ ৰাইজে (Protest against Lat Mandal and Land broker) ৷ প্ৰতিবাদী জনতাই সাংবাদিকক জনোৱা অনুসৰি লাট মণ্ডল কিৰণ শইকীয়াই প্ৰকৃত মাটিৰ মালিকৰ অজ্ঞাতে চাৰি বিঘা চাৰি কঠা ১৩ লোচা মাটি নামজাৰি কৰিছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.