তিনি বজাৰ শীৰ্ষ 10 টা বাতৰি...

author img

By

Published : Nov 19, 2021, 3:23 PM IST

তিনি বজাৰ শীৰ্ষ 10 টা বাতৰি

তিনি বজাৰ শীৰ্ষ 10 টা বাতৰি...

Farm laws repeal : সংসদত কৃষি আইন বাতিল নোহোৱা পৰ্যন্ত অব্যাহত থাকিব প্ৰতিবাদ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰিলে যদিও কৃষি আইন বিৰোধী প্ৰতিবাদ (Protest) স্থগিত নহয় । সংসদত কৃষি আইন (Farm laws) বাতিল নোহোৱা পৰ্যন্ত অপেক্ষা কৰিব কৃষকে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (PM Narendra Modi) য়ে তিনিওখন কৃষি আইন বাতিল কৰাৰ বিষয়ে ঘোষণা কৰাৰ পাচতে এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভাৰতীয় কিষাণ ইউনিয়নৰ নেতা ৰাকেশ টিকাইটে (Rakesh Tikait)।

Congress Allegation : ‘‘আহি থকা নিৰ্বাচনৰ ভয়ত কেন্দ্ৰই বাতিল কৰিলে কৃষি আইন’’ !

কৃষি আইন বাতিলৰ ঘোষণাৰ পাচতে সমগ্ৰ দেশতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বহুতে চৰকাৰক ধন্যবাদ জ্ঞাপন কৰাৰ বিপৰীতে কংগ্ৰেছে তীব্ৰ সমালোচনা কৰিছে বিজেপি নেতৃত্বাধীন চৰকাৰক ।

Repeal of farm laws : দেশৰ অন্নদাতাৰ ওচৰত সেও মানিবলৈ বাধ্য হ'ল কেন্দ্ৰীয় চৰকাৰ

দেশৰ কৃষকৰ এবছৰীয়া প্ৰতিবাদৰ অন্তত অৱশেষত সেও মানিলে কেন্দ্ৰীয় চৰকাৰে ৷ তিনিওখন কৃষি আইন বাতিলৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ ৷

Farm Law বাতিলক লৈ অখিল গগৈৰ প্ৰতিক্ৰিয়া

শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তিনিওখন কৃষি আইন প্ৰত্যাহাৰৰ চৰকাৰৰ সিদ্ধান্তৰ কথা ঘোষণা কৰাৰ পিছতে চৌদিশে সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া ৷ এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্তি কৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে ৷ অখিল গগৈয়ে কয় যে, কেন্দ্ৰীয় বিজেপি চৰকাৰৰ স্বৈৰতন্ত্ৰী শাসনৰ বিৰুদ্ধে এয়া গনতান্ত্ৰিক বিজয় ৷

Farm Laws Repeal : গাজিয়াবাদ সীমান্তত মিঠাই বিতৰণ কৃষকৰ

কৃষি আইন বাতিলক লৈ প্ৰধানমন্ত্ৰীয়ে কৰা ঘোষণাৰ পাছতে এতিয়া দেশৰ ভিন্ন প্ৰান্তত বিজয় উৎসৱ দেখিবলৈ পোৱা গৈছে । ঠায়ে ঠায়ে মিঠাই বিতৰণ কৰিছে কৃষকে । সংযুক্ত কিষাণ মৰ্চাইও প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ।

Indira Gandhi : দেশৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী গৰাকীক 104 সংখ্যক জন্মদিনত স্মৰণ

নিজৰ জীৱনকালত ভাৰতীয় জাতীয় কংগ্ৰেছৰ কাৰ্যক্ৰমত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা দেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ আজি 104 সংখ্যক জন্মবাৰ্ষিকী ৷ জন্মবাৰ্ষিকীত দেশজুৰি স্মৰণ ইন্দিৰা গান্ধীক ৷

ধন দাবীৰ অভিযোগত সংগঠনৰ পৰা বহিষ্কাৰ ছাত্ৰ নেতাক

15 নৱেম্বৰ তাৰিখে ডিব্ৰুগড়ৰ খোৱাঙৰ ব্যৱসায়ী এজনৰ পৰা লালী গুৰ ব্যৱসায় কৰাৰ অপৰাধত মৰাণ আবকাৰী আৰু টাইপাৰ কেইজনমান নেতাই দাবী ধমকি দি 2 লাখ টকা লোৱাৰ অভিযোগ উঠিছিল ৷ আইনৰ পৰা দোষমুক্ত নোহোৱালৈকে তেওঁলোকক সংগঠনৰ পৰা অব্যাহতি দিয়া হৈছে ৷ এইবুলি সদৰি কৰে মৰাণত অনুষ্ঠানত এক সংবাদমেলত টাইপাৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক ৰুদ্ৰসাগৰ বুঢ়াগোঁহাইয়ে ৷

ৰাজ্যত অনুষ্ঠিত ৰাস মহোৎসৱৰ কিয়দাংশ

শৰৎ কালৰ পূৰ্ণিমা তিথিত ৰাজ্যজুৰি অনুষ্ঠিত হয় ৰাস মহোৎসৱ ৷ বিশেষকৈ উজনি অসমত ৰাস মহোৎসৱৰ বিশেষ আকৰ্ষণ হ’ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অন্যন্য সৃষ্টি ভাওনা ৷

Police attacks judge: আদালতৰ ভিতৰতে ন্যায়াধীশক আক্ৰমণ আৰক্ষীৰ

ঝাঞ্জাৰপুৰৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ অবিনাশ কুমাৰক আক্ৰমণ কৰে দুজন আৰক্ষীয়ে । ঘটনা সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধানক তদন্তৰ প্ৰতিবেদন দাখিলৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ ।

Farm Law Repeal : অথলে নগ’ল দেশৰ কৃষকৰ বিদ্ৰোহ; নতজানু মোডী চৰকাৰ

শুকুৰবাৰে দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিতৰ্কিত কৃষি আইন বাতিলৰ ঘোষণা কৰে । প্ৰধানমন্ত্ৰীৰ এই ঘোষণাৰ পাছতে আনন্দ উল্লাহ সমগ্ৰ দেশতে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.