3 বজাৰ শীৰ্ষ 10 বাতৰি

author img

By

Published : Nov 5, 2021, 3:02 PM IST

3 বজাৰ শীৰ্ষ 10 বাতৰি

3 বজাৰ শীৰ্ষ 10 বাতৰি

শিৱ দৌলত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পূজা-অৰ্চনা

বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কেদাৰনাথ কৰিড'ৰৰ শুভাৰম্ভণি কৰাৰ লগতে আদিগুৰু শংকৰাচাৰ্যৰ সমাধিক্ষেত্ৰৰ আৱক্ষ মূৰ্তিৰ শুভ উন্মোচন কাৰ্যৰ লগত সংগতি ৰাখি শিৱসাগৰৰ শিৱ দৌলত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পূজা অৰ্চনা ৷ এই পূজা-অৰ্চনাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সহযোগ কৰে অসম চৰকাৰৰ কেইবাগৰাকীও শীৰ্ষ নেতাই ৷

নুমলীগড়ত দুই ব্যৱসায়ীৰ মাজত মাৰপিট : মৃত্যু এজনৰ

বৃহস্পতিবাৰে সন্ধিয়া নুমলীগড়ৰ মহুৰামুখ 1 নং গৰৈমাৰী গাঁৱত মাৰপিট ৷ মাৰপিটৰ ফলত মৃত্যু হয় এজন যুৱকৰ ৷ ঘটনাস্থলীত কমাৰগাঁও, খুমটাই, দেৰগাঁও, বোকাখাত আৰক্ষীৰ উপস্থিতিত পৰিস্থিতি নিয়ন্ত্ৰণ ৷

ক’লা মাস্কধাৰী দুৰ্বৃত্তৰ আক্ৰমণত মৃত্যু তাইজুদ্দিন মিঞাঁৰ

বৰপেটাৰ ছাপৰা গাঁৱত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড ৷ বৃহস্পতিবাৰে সন্ধিয়া বজাৰৰ পৰা ঘৰলৈ গৈ থকা অৱস্থাতে কোনো অচিনাক্ত দুৰ্বৃত্তই চুৰিৰে হানি-খুচি হত্যা কৰে 50 উৰ্দ্ধৰ তাইজুদ্দিন মিঞাঁ নামৰ এজন লোকক ৷


দীপাৱলীৰ পাছত আৰু অধিক প্ৰদূষিত হৈছে দিল্লীৰ বায়ুমণ্ডল

দিল্লীৰ বায়ুমণ্ডলৰ পৰিস্থিতি অতি বেয়াৰ দিশে আগবাঢ়িছে । দীপাৱলীৰ পাছতে পূৰ্বৰ তুলনাত আৰু বেছি প্ৰদূষিত হ'বলৈ আৰম্ভ কৰিছে দিল্লীৰ বায়ুমণ্ডল । অহা ৭ নৱেম্বৰৰ সন্ধিয়াৰ পৰাহে সকাহ পোৱাৰ সম্ভাৱনা আছে ।

লছ এঞ্জেলছত স্বামী নিকৰ সৈতে দীপাৱলী উদযাপন কৰিলে প্ৰিয়ংকা চোপ্ৰাই

অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই লছ এঞ্জেলছত স্বামী নিক জোনাছৰ সৈতে দীপাৱলী উদযাপন কৰাৰ লগতে লক্ষ্মী পূজা পালন কৰে ৷ ইনষ্টাগ্ৰাম'ত ফটো শ্বেয়াৰ কৰি 'শুভ দীপাৱলী' শিৰোনাম দি দেশবাসীক দিপাৱলীৰ শুভকামনা জনায় প্ৰিয়ংকাই ৷

কানপুৰত জিকা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৬৬ গৰাকীলৈ বৃদ্ধি

যোৱা ২৩ অক্টোবৰত কানপুৰত জিকা ভাইৰাছৰ প্ৰথমটো ঘটনা পোহৰলৈ আহিছিল । বৃহস্পতিবাৰে পুনৰ ৩০ গৰাকী লোক সংক্ৰমিত হৈছে জিকা ভাইৰাছত । মুঠ আক্ৰান্ত ৬৬ গৰাকীৰ ভিতৰত ৪৫ জনে পুৰুষ ।

বালাৰচৰত খাদ্য সুৰক্ষাৰ চাউল ভৰ্তি বাহন জব্দ

বঙাইগাঁও জিলাৰ বালাৰচৰত বৃহস্পতিবাৰে নিশা খাদ্য সুৰক্ষাৰ চাউলসহ এখন বলেৰ’ বাহন জব্দ ৷ দীপাৱলীৰ উছাহৰ মাজতে বৰঘোলা আৰক্ষীয়ে বালাৰচৰ বাণিজ্য বজাৰৰ পৰা 35 কুইণ্টল চাউলভৰ্তি AS-01-FC-3311 নম্বৰৰ বাহনখন জব্দ কৰিবলৈ সক্ষম হয় ৷ জব্দকৃত চাউলখিনি নাম্বাৰপাৰা-চাকলা সমবায়ৰ পৰা 4 নং বাশবাৰীত বেপাৰীৰ ঘৰলৈ লৈ যোৱাৰ সময়তে জব্দ কৰে আৰক্ষীয়ে । ইফালে সাংবাদিকে প্ৰশ্ন কৰাত বেপাৰীজনে সাংবাদিকক আক্ৰমণ কৰাৰ চেষ্টা কৰে ।

ক্ৰুজত ড্ৰাগছ পাৰ্টী গোচৰ : NCBৰ কাৰ্যালয়ত হাাজিৰ আৰিয়ান খান

শুকুৰবাৰে নাৰ্ক'টিক্স কণ্ট্ৰোল ব্যুৰ'ৰ কাৰ্যালয়ত হাজিৰ হয় বলীউড অভিনেতা শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খান । জামিনৰ চৰ্ত সাপেক্ষে প্ৰতি শুকুৰবাৰে তেওঁক নাৰ্ক'টিক্স কণ্ট্ৰোল ব্যুৰ'ৰ ওচৰত হাজিৰ হ'বলৈ নিৰ্দেশ দিয়া হৈছিল । কৰ্ডেলিয়া ক্ৰুজত পাৰ্টী চলি থকা অৱস্থাতে ড্ৰাগছ ব্যৱহাৰ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল আৰিয়ান খানক ।

কেনেকৈ দীপাৱলী উদযাপন কৰিছে ৰণবীৰ-আলিয়াই ?

আকৰ্ষণীয় ফটো শ্বেয়াৰ কৰি অনুৰাগীক দীপাৱলীৰ শুভেচ্ছা জনাইছে আলিয়া ভাটে । আলিয়াৰ ফটো দেখি দুগুণে আনন্দিত হৈ পৰিছে অনুৰাগী । কিয়নো, এইবাৰ আলিয়াৰ সৈতে দীপাৱলী উদযাপন কৰিছে ৰণবীৰ কাপুৰে ।

কেদাৰনাথ মন্দিৰৰ দৰ্শনাৰ্থে উত্তৰাখণ্ডত উপস্থিত প্ৰধানমন্ত্ৰী মোডী

শুকুৰবাৰে পুৱা কেদাৰনাথ মন্দিৰৰ দৰ্শনাৰ্থে উত্তৰাখণ্ডত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ আদি শংকৰাচাৰ্যৰ পুনৰ নিৰ্মিত সমাধিৰ উদ্বোধন কৰাৰ লগতে মোডীয়ে চলি থকা নিৰ্মাণ কাৰ্যৰ পৰ্যালোচনা আৰু পৰিদৰ্শন কৰিব বুলিও জানিব পৰা গৈছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.