11 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Sep 17, 2022, 11:02 AM IST

11 বজাৰ শীৰ্ষ 10 টা বাতৰি

11 বজাৰ শীৰ্ষ 10 টা বাতৰি

72 বছৰীয়া হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন (PM Modi turns 72 today) ৷ প্ৰধানমন্ত্ৰী মোডীৰ জন্মদিনটো সমগ্ৰ দেশজুৰি ‘‘সেৱা পষেক’’ হিচাপে পালন কৰিব গেৰুৱা দলটোৱে ৷

আজি প্ৰধানমন্ত্ৰীয়ে উন্মোচন কৰিব ৰাষ্ট্ৰীয় ল'জিষ্টিক নীতি

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰীয় ল'জিষ্টিক নীতি মুকলি কৰিব (Narendra Modi to unveil National Logistics Policy) । এক নতুন অভিপ্ৰায় যি ব্যক্তিগত খণ্ড আৰু চৰকাৰৰ মাজত এক সুচিন্তিত ৰণনীতি আৰু সমন্বয়ৰ জৰিয়তে ইয়াৰ বৌদ্ধিক শক্তি উন্মোচন কৰাৰ ক্ষমতা সৃষ্টি কৰিব ।

জলবায়ু পৰিবৰ্তনৰ নেতিবাচক প্ৰভাৱ: শীৰ্ষত আছে কৰিমগঞ্জ

কেন্দ্ৰীয় চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা মন্ত্ৰণালয়ে প্ৰকাশ কৰিছে এই সম্পৰ্কীয় এক প্ৰতিবেদন (Science and technology ministry) ৷ উক্ত প্ৰতিবেদনত জলবায়ু পৰিবৰ্তনৰ ফলত নেতিবাচক প্ৰভাৱ পৰা ভাৰতবৰ্ষৰ 25 খন জিলা চিনাক্ত কৰা হৈছে ৷ এই 25 খন জিলাৰ তালিকাত শীৰ্ষত আছে অসমৰ কৰিমগঞ্জ জিলা ৷

আজি বিশ্বখনিকৰ বিশ্বকৰ্মা পূজা

আজি নিৰ্মাণ আৰু কাৰিকৰী শিক্ষাৰ সৈতে জড়িতসকলৰ আৰাধ্য দেৱতা বিশ্বকৰ্মাৰ বাৎসৰিক পূজা অৰ্চনাৰ দিন (Vishwakarma Puja 2022) । প্ৰতিবছৰৰ ১৭ ছেপ্টেম্বৰৰ দিনটোত পালন কৰা হয় বিশ্বকৰ্মা পূৰ্জা।

টীয়কত জ্বলিল প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পুত্তলিকা

ছয় জনগোষ্ঠীক জনজাতিকৰণৰ স্বীকৃতিৰ ক্ষেত্ৰত চৰকাৰে প্ৰতাৰণা কৰাৰ অভিযোগত শুকুৰবাৰে টীয়কৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত কাকজানত চুতীয়া যুৱ সন্মিলন অসম আৰু চুতীয়া জাতি সন্মিলনে প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে (protest at Teok demanding st status) ৷

শতিকা পুৰণি বিদ্যালয়ত জৰাজীৰ্ণ টিনপাতৰ তলত পাঠদান

ৰাজ্যৰ বেচৰকাৰী শিক্ষাখণ্ডৰ উন্নয়নৰ বিপৰীতে চৰকাৰী শিক্ষাখণ্ডৰ উন্নয়নৰ পুতৌ লগা ছবি দেশে স্বাধীনতা লাভ কৰাৰ বহু বছৰ পূৰ্বে স্থাপিত এখন বিদ্যালয়ৰ শোচনীয় অৱস্থাই উদঙাইছে ৰাজ্যৰ শিক্ষাব্যৱস্থাৰ প্ৰকৃত স্বৰূপ(Pathetic condition of assm govt education sector) ।

আজি তেজপুৰত উপস্থিত হ’ব ITBPৰ লং ৰেঞ্জ পেট্ৰলিং দল

দেশৰ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে ১ আগষ্টত লাডাখৰ কাৰমুৰাম পাছৰ পৰা আৰম্ভ হৈছিল ITBPৰ লং ৰেঞ্জ পেট্ৰলিং অভিযান (ITBP Long Range Patrolling Campaign)। শনিবাৰে এই দলটো আহি তেজপুৰত উপস্থিত হ'ব । ইয়াৰ উদ্দেশ্য হৈছে ভাৰত-চীন সীমান্তৰ অঞ্চলৰ সুৰক্ষাৰ দিশ পৰ্যবেক্ষণ কৰা ।

বেদেতি চাহ বাগিচাৰ ৰংগমঞ্চত পঞ্চম বাৰ্ষিকী ৰাষ্ট্ৰীয় পোষণ মাহ পালন

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বিহালীৰ বেদেতি চাহ বাগিচাৰ ৰংগমঞ্চত খণ্ড পৰ্যায়ৰ ৰাষ্ট্ৰীয় পোষণ মাহ পালন কৰা হৈছে (national nutrition month celebrated in Bedeti )৷

বৰ্তমান যুদ্ধৰ যুগ নহয়, মোডীয়ে পুটিনক উদ্দেশ্যি কয়

‘‘এতিয়া যুগ যুদ্ধৰ নহয় (Today’s era is not of war said PM Modi) । ভাৰত-ৰাছিয়াই কেইবা দশক ধৰি ইজনে সিজনৰ সৈতে একেলগে আছে ৷ গতিকে সকলো শান্তিৰে আৰু আলোচনাৰ মাজেৰে সম্পন্ন কৰিব লাগে’’ ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে এক বৈঠকত মিলিত হৈ কৰে এই মন্তব্য ৷

বিদ্যুতৰ অভাৱনীয় মাচুল বৃদ্ধিক লৈ এ পি ডি চি এলৰ আজৱ যুক্তি

বিগত কেইমাহমানত বহু গ্ৰাহকৰ মাহেকীয়া বিদ্যুতৰ বিল বৃদ্ধি হোৱাৰ কাৰণ এইটো হ'ব পাৰে যে জুলাই আৰু আগষ্ট মাহত প্ৰচণ্ড গৰম আৰু বিগত মাহ বোৰৰ তুলনাত কম বৰষুণৰ বাবে বিদ্যুতৰ ব্যৱহাৰ যথেষ্ঠ বৃদ্ধি পাইছে । তদুপৰি প্ৰতিবছৰে জুলাই, আগষ্ট, ছেপ্টেম্বৰত সমগ্ৰ ৰাজ্যতে সাধাৰণতে প্ৰচণ্ড গৰমৰ বাবে সকলো ঘৰুৱা গ্ৰাহকৰ বিদ্যুতৰ ব্যৱহাৰ বৃদ্ধি পাইছে । বিদ্যুৎ মাচুল বৃদ্ধিৰ গাফিলতি দূৰ কৰিবলৈ এ পি ডি চি এলক নিৰ্দেশ মুখ্যমন্ত্রীৰ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.