11 বজাৰ শীৰ্ষ 10 বাতৰি...

author img

By

Published : Nov 2, 2021, 11:05 AM IST

11 বজাৰ শীৰ্ষ 10 বাতৰি

11 বজাৰ শীৰ্ষ 10 বাতৰি...

ৰাজ্যৰ পাঁচটা সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগণনা আৰম্ভ

৫৮ নং তামুলপুৰ বিধানসভা সমষ্টিত প্ৰথম ৰাউণ্ডৰ অন্তত ইউপিপিএলৰ প্ৰাৰ্থী জলেন দৈমাৰীয়ে লাভ কৰে 6667 টা ভোট, গণ সুৰক্ষা পাৰ্টীৰ ব্ৰজেন ডেকাই লাভ কৰে 407 টা ভোট, কংগ্ৰেছ দলৰ ভাস্কৰ দাহালে লাভ কৰে 1147 টা ভোট আৰু নিৰ্দলীয় প্ৰাৰ্থী গণেশ কছাৰীয়ে লাভ কৰে 2035 টা ভোট ৷

থাওৰা সমষ্টিত ব্যাপক ৰিগিঙৰ অভিযোগ

‘জনতাৰ ৰায়দান ক্ৰয় কৰি হত্যা কৰা হৈছে গণতন্ত্ৰক ৷ থাওৰাৰ বিধানসভা সমষ্টিৰ পশ্চিম পানীদিহিং এলেকাত সংঘটিত হৈছে ৰিগিঙৰ দৰে এক ঘটনা’ ৷ থাওৰা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোটগণনা কেন্দ্ৰত উপস্থিত হৈ এই অভিযোগ তৰিছে কংগ্ৰেছ দলৰ প্ৰাৰ্থী মনোৰঞ্জন কোঁৱৰে । কেৱল কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকীয়ে নহয়, ভোটগণনা চলি থকাৰ মাজতে এই অভিযোগ উত্থাপন কৰে ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য কোঁৱৰেও ৷

আজি ৰাজ্যৰ পাঁচটা সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগণনা

30 অক্টোবৰত অনুষ্ঠিত হোৱা পাঁচটা সমষ্টি ক্ৰমে- 28 নং গোসাইগাঁও, 41 নং ভৱানীপুৰ, 58 নং তামুলপুৰ, 101 নং মৰিয়নী আৰু 107 নং থাওৰা সমষ্টিত আজি ঘোষণা হ’ব উপ-নিৰ্বাচন(Bypolls)ৰ ফলাফল ৷ 7,96,456 গৰাকী ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব 31 গৰাকী প্ৰাৰ্থীৰ ৷

Romance King শ্বাহৰুখ খানলৈ ওপজা দিনৰ শুভেচ্ছা

56 বছৰত ভৰি দিলে বলীউডৰ কিং খান অভিনেতা শ্বাহৰুখ খানে(Shah Rukh Khan) ৷ ইটিভি ভাৰত চিটাৰাৰ তৰফৰ পৰা বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানলৈ থাকিল ওপজা দিনৰ হিয়াভৰা ওলগ...


চিমেন্ট কোম্পেনীক চি এম পাটোৱাৰীৰ Warning !

এইবাৰ চিমেন্ট কোম্পেনীক Warning দিলে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷ জানো আহক কি কি বিষয়ত চিমেন্ট কোম্পেনী বোৰক সতৰ্কতা অৱলম্বন কৰাৰ কথা ক’লে মন্ত্ৰী গৰাকীয়ে ৷

পৰিত্যক্ত অৱস্থাত জোনাইৰ জলসম্পদ উপ-সংমণ্ডল কার্যালয়

এটা বান বিধস্ত অঞ্চলত কেনেদৰে চলি আছে জলসম্পদ বিভাগৰ এটা কাৰ্যালয় ? ৰাজ্যৰ চৰকাৰৰ এই বিয়াগোম বিভাগটোৰ অকমণ্যতাক স্পষ্টৰূপত উদঙাই দিছে জোনাইৰ এটা জলসম্পদ উপ-সংমণ্ডল কার্যালয়ে ৷ কাৰ্যালয়টোৰ নামত আছে জহি-খহি যোৱা এটা ঘৰ ৷ কাৰ্যালয়ত উপস্থিত নাথাকে অভিযন্তা-কর্মচাৰী ৷ দুজন মান চতুৰ্থবৰ্গ কৰ্মচাৰীয়ে চলাইছে কাৰ্যালয়টো ৷


ভৱানীপুৰক লৈ নিশ্চিত ভূপেন বৰা

মঙলবাৰে ভোট গণনা হ’ব লগীয়া ৰাজ্যৰ উপ-নিৰ্বাচন ৫ সমষ্টিলৈ এতিয়া আশাবাদী হৈ আছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা । বিশেষকৈ নিৰ্বাচনী প্ৰচাৰ অভিযানৰ পৰাই ভৱানীপুৰ সমষ্টিক যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে প্ৰদেশ কংগ্ৰেছে ৷ ভূপেন বৰাৰ আশা ভৱানীপুৰ যেনে তেনে এইবাৰ কংগ্ৰেছৰ দখললৈ আহিব । গণনাৰ পূৰ্বেই ভৱানীপুৰ সন্দৰ্ভত বিশেষভাৱে আশা প্ৰকাশ কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে ৷

নুনমাটি আৰক্ষীৰ পদূলিৰ পৰা দুৰ্বৃত্তই লুটি নিলে SBI গ্ৰাহকৰ ধন

ক্ৰমাৎ অপৰাধ নগৰীলৈ পৰ্যবসিত হৈছে ৰাজধানী গুৱাহাটী মহানগৰী । আৰক্ষীৰ ব্যৰ্থতাৰ সুযোগ লৈ গুৱাহাটীত প্ৰতিনিয়ত বৃদ্ধি পাব ধৰিছে চুৰি-ডকাইতি তথা হত্যা-হিংসাৰ ঘটনা । নিশাৰ কথাটো বাদেই দিনৰ ভাগতো দুৰ্বৃত্তই লুটি লৈ গৈছে ধন তথা আ-অলংকাৰ ।

মুখ্যমন্ত্ৰীৰ হুংকাৰলৈ ভয় নকৰে চাউল চোৰে !

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ নিৰ্বাচনী সভাতে হুংকাৰ দিছিল যে দুখীয়া মানুহৰ চাউলক লৈ দুৰ্নীতি কৰা সকলক তেওঁ জেলত ভৰাব ৷ পিছে ইয়াৰ পিছতো নিয়ন্ত্ৰণ হোৱা নাই ৰাজ্যৰ চাউল চোৰ ৷ জানো আহক শেহতীয়াকৈ ক’ত কেনেকৈ চলিছে বগা চাউলৰ ক’লা বেহা ৷

দুৰ্নীতি : পঞ্চায়ত-গ্ৰামোন্নয়নত একেলগে নিলম্বিত বহুজনক

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্ত বিক্ৰম কৈৰীয়ে এক নিৰ্দেশ যোগে দুৰ্নীতি আৰু অনিয়মৰ অভিযোগত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বহুকেইজন বিষয়াক সোমবাৰে নিলম্বন কৰাৰ লগতে কেইবাজনকো চাকৰিৰ পৰা অব্যাহতি দিয়া হয় ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.