1 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Sep 18, 2022, 1:02 PM IST

1 বজাৰ শীৰ্ষ 10 টা বাতৰি

1 বজাৰ শীৰ্ষ 10 টা বাতৰি

চিতাইহে কেৱল চিতা আনিব, কুকুৰক নহয় : সাংসদ সাক্ষী মহাৰাজ

পুনৰ চৰ্চাত সাংসদ সাক্ষী মহাৰাজ ৷ এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিনৰ (PM Modi turns 72) দিনাই চিতা আৰু কুকুৰ সন্দৰ্ভত মন্তব্য কৰে সাংসদ সাক্ষী মহাৰাজে ৷

হঠাতে এপিডিচিএলৰ লাভ বাঢ়িল কেনেকৈ ?

মুনাফা আদায় কৰাটোৱেই উদ্দেশ্য নেকি APDCLৰ ধাৰাবাহিক বিদ্যুৎ মাচুল বৃদ্ধিৰ আৰঁত(Excessive increase in electricity tariffs) ৷ অকস্মাতে বিভাগটোৱে বৃহৎ লাভৰ মুখ দেখিবলৈ সক্ষম হোৱা খবৰৰ পিছত তেনে প্ৰশ্নৰেই অৱতাৰণা হৈছে ৰাজ্যবাসীৰ মনত ।

দুমাহৰ ভিতৰত দুবাৰকৈ পশ্চিমবংগ ভ্ৰমণ কৰিব অমিত শ্বাহে !

তৃণমূল কংগ্ৰেছ চৰকাৰৰ বিৰুদ্ধে পশ্চিমবংগত বিজেপিৰ আন্দোলন অব্যাহত আছে (BJP protest against Bengal TMC govt)। শেহতীয়া বিজেপিৰ আন্দোলনে ৰাজ্যখনত হিংসাত্মক ৰূপ লৈছে । ইয়াৰ মাজতে দেশৰ গৃহমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহে পশ্চিমবংগ ভ্ৰমণৰ পৰিকল্পনা কৰিছে । অক্টোবৰ আৰু নৱেম্বৰ মাহত একেৰাহে দুবাৰকৈ ৰাজ্যখনলৈ যোৱাৰ কথা আছে গৃহ মন্ত্ৰীগৰাকী ।

গুৱাহাটীৰ নিচামুক্তি কেন্দ্ৰৰ বাহিৰত ৰহস্যজনক অৱস্থাত যুৱকৰ মৃতদেহ উদ্ধাৰ

মহানগৰীৰ নিচামুক্তি কেন্দ্ৰসমূহৰ স্বচ্ছতাক লৈ পুনৰবাৰ প্ৰশ্ন উত্থাপিত হৈছে ৷ গুৱাহাটীৰ মথুৰা নগৰৰ ডাউন টাউন হাস্পতালৰ সমীপতে থকা "স্বাভাৱিক ফাউণ্ডেচন" নামৰ নিচামুক্তি কেন্দ্ৰৰ সন্মুখত পুৱতি নিশা দিছপুৰ আৰক্ষীয়ে চুমিত্তা কুমাৰ দাস(৩০)নামৰ এজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰে (body rescued outside a drug rehabilitation center)৷

বিলুপ্তিৰ পিছত দেশৰ মাটিত পুনৰ চিতাৰ গৰ্জন : কোলাহপুৰৰ ৰজাই কৰিছিল চিতা চিকাৰ

ৰাজপুত ৰজা, হায়দৰাবাদৰ নবাব আৰু কোলাহপুৰৰ ৰজাসকল চিতা পালনৰ বাবে বিখ্যাত আছিল । চিতাবোৰ চিতা কাৰখানা বা চিত্তেখানাত ৰখা হৈছিল (Cheetah Karkhana or Chittekhana) । ভাৰতত অন্তিম চিতাটো ১৯৬০ চনত দেখা গৈছিল (last cheetah seen in 1960 in India) ।

ওডিশাত লাইনচ্যুত হাওৰা-ভুৱনেশ্বৰ জন শতাব্দী এক্সপ্ৰেছ

ওডিশাৰ ভদ্ৰকৰ ওচৰৰ লেভেল ক্ৰছিঙত শুকুৰবাৰে নিশা লাইনচ্যুত হয় হাওৰা-ভুৱনেশ্বৰ জন শতাব্দী এক্সপ্ৰেছ(Howrah-Bhubaneswar Jan Shatabdi Express) । এটা ষাড় ৰেলখনৰ সন্মুখত অহাৰ ফলত ইঞ্জিনৰ পাছফালে থকা গাৰ্ড-কাম-লাগেজ ভেনখনৰ ব্ৰেক হঠাতে মৰাত লাইনচ্যুত হয় ৰেলখন(Train derailed at a level crossing) ৷

আমগুৰিৰ চিন্তামণিগড়ত অনাময় আঁচনি ৰূপায়ণত দুৰ্নীতি

অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণাৰ পাচতো ৰাজ্যৰ পৰা নিৰ্মূল হোৱা নাই দুৰ্নীতি (Assam CM zero tolerance in corruption) । এইবাৰ দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছে শিৱসাগৰ জিলাৰ আমগুৰি সমষ্টিৰ চিন্তামণিগড়ত ৷

5 জিলাক খৰাং সদৃশ পৰিস্থিতি ঘোষণা কৰিবলৈ কৃষি বিভাগৰ প্ৰস্তাৱ

ৰাজ্যত ক্ৰমাৎ হ্ৰাস পাইছে বৰষুণৰ মাত্ৰা (Climate change in Assam) ৷ ফলত ইয়াৰ প্ৰভাৱ পৰিছে ৰাজ্যৰ খেতিপথাৰত ৷ ৰাজ্যত খৰাং সদৃশ পৰিৱেশৰ সৃষ্টি হোৱাৰ বাবে 5 জিলা (Drought like situation in five districts of Assam) বিশেষকৈ নগাঁও, নলবাৰী, কাছাৰ, গোলাঘাট আৰু কামৰূপৰ 1236 খন গাঁৱৰ 59360 টা কৃষক পৰিয়াল বিপদৰ সন্মুখীন হৈছে ৷

প্ৰধানমন্ত্ৰীৰ নামেৰে নামাকৰণ হ'ল মেডিকেল কলেজৰ

মেট মেডিকেল কলেজৰ নতুনকৈ নামাকৰণ হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নামেৰে(Medical college renamed as Narendra Modi) ৷ বিগত বৰ্ষত গুজৰাটৰ চৰ্দাৰ পেটেল ষ্টেডিয়ামৰ নামো সলনি কৰা হৈছিল প্ৰধানমন্ত্ৰীৰ নামেৰে ৷

60 গৰাকী ছাত্ৰীৰ স্নান কৰি থকা ভিডিঅ’ ভাইৰেল: 8 ছাত্ৰীৰ আত্মহননৰ চেষ্টা

চণ্ডীগড় বিশ্ববিদ্যালয়ত ভয়ংকৰ ঘটনা সংঘটিত হৈছে (Chandigarh University viral video)৷ বিশ্ববিদ্যালয়ৰ ছাত্ৰী হোষ্টেলত স্নান কৰি থকা ছাত্ৰীৰ ভিডিঅ’ ভাইৰেল হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে (60 female students of Chandigarh University went viral)৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.