ঐতিহাসিক ধোদৰ আলিত বাছ-ডাম্পাৰৰ মাজত মুখামুখি সংঘৰ্ষ

author img

By

Published : Nov 8, 2021, 2:00 PM IST

road accident at dhodar ali

সোণাৰিৰ অভয়পুৰত ঐতিহাসিক ধোদৰ আলি(Dhodar Ali)ৰ ওপৰত পথ দুৰ্ঘটনা(Road Accident) ৷ এখন যাত্ৰীবাহী বাছ আৰু এখন ডাম্পাৰৰ মাজত মুখামুখি সংঘৰ্ষ ৷ দুৰ্ঘটনাৰ ফলত আঢ়ৈ বছৰীয়া শিশুসহ 20 গৰাকী যাত্ৰী গুৰুতৰভাৱে আহত ৷

মৰাণ, 8 নৱেম্বৰ : দেওবাৰে ঐতিহাসিক ধোদৰ আলি(Dhodar Ali)ৰ ওপৰত এখন যাত্ৰীবাহী বাছ আৰু এখন ডাম্পাৰৰ মাজত সংঘটিত হয় মুখামুখি সংঘৰ্ষ ৷ সোণাৰিৰ অভয়পুৰত সংঘটিত হয় এই পথ দুৰ্ঘটনা(Road Accident) ৷

ধোদৰ আলিত পথ দুৰ্ঘটনা

AS-33-C-0357 নম্বৰৰ এখন তীব্ৰবেগী ডাম্পাৰে শিৱসাগৰৰ পৰা সোণাৰি অভিমুখী AS-04-E-0272 নম্বৰৰ যাত্ৰীবাহী বাছখনত সন্মুখৰ পৰা খুন্দিয়ায় ৷ এই দুৰ্ঘটনাৰ ফলত আঢ়ৈ বছৰীয়া শিশুসহ 20 গৰাকী যাত্ৰী গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে ৷

আহতসকলক ৰজাপুখুৰীস্থিত চৰাইদেউ অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় ৷ সোণাৰি আৰক্ষী(Sonari Police), সেনা বাহিনীৰ লগতে স্থানীয় ৰাইজে তৎপৰতাৰে উদ্ধাৰ কৰে আহত যাত্ৰীসকলক ।

লগতে পঢ়ক : কলগাছিয়াত স্থানীয় লোকক ভাবুকি বালি মাফিয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.