Mass wedding ceremony: সোণাৰিত সমূহীয়া বিবাহ, হোমৰ গুৰিত বহিল 201যোৰা দৰা-কইনা

author img

By

Published : Mar 16, 2023, 9:48 AM IST

Updated : Mar 16, 2023, 12:22 PM IST

sonari mass wedding ceremony

পুৰোহিতৰ মন্ত্ৰোচ্চাৰণ, আয়তিৰ উৰুলিৰে সোণাৰিত একেলগে হোমৰ গুৰিত বহিল ২০১যোৰা দৰা- কইনা (Mass wedding ceremony)৷ বুধবাৰে সোণাৰিৰ টিয়ক চাহ বাগিচা বজাৰ গৃহত উলহ-মালহেৰে সম্পূৰ্ণ মাংগলিক ৰীতি-নীতিৰ মাজেৰে সম্পন্ন হৈ যায় এই সমূহীয়া বিবাহ ।

ডিব্ৰুগড়, 16 মাৰ্চ : পুৰোহিতৰ মন্ত্ৰোচ্চাৰণ, আয়তিৰ উৰুলিৰে মুখৰিত হ'ল সোণাৰিৰ টিয়কৰ জাবাৰীৰ সামূহিক প্ৰেক্ষাগৃহ । এই প্ৰেক্ষাগৃহতেই 201 যোৰা দৰা কইনাই হোমৰ অগ্নিক সাক্ষী কৰি পণ ল'লে জীৱনে মৰণে ইজনে সিজনৰ সৈতে একেলগে থকাৰ (Sonari mass wedding ceremony) । সামূহিক বিয়াখন বুধবাৰে সোণাৰিৰ টিয়ক চাহ বাগিচা বজাৰ গৃহত উলহ-মালহেৰে সম্পূৰ্ণ মাংগলিক ৰীতি-নীতিৰ মাজেৰে সম্পন্ন হৈ যায় ।

হোমৰ গুৰিত 201 যোৰা দৰা-কইনা

টিয়কৰ সমূহীয়া বিবাহ অনুষ্ঠানত হিন্দু ধৰ্মৰ বিভিন্ন জনগোষ্ঠীৰ লোকে অংশগ্ৰহণ কৰে ৷ সম্পূৰ্ণ হিন্দু ৰীতি-নীতিৰ মাজেৰে প্ৰায় ২০১ খন বিবাহ সম্পন্ন হয় এই সমূহীয়া বিবাহ অনুষ্ঠানত (Assam mass wedding ceremony)। চৰাইদেউ জিলা বিবাহ সংস্কাৰ সমিতিৰ (Vivah sanskar samiti) উদ্যোগত আৰু দ্য হান্স ফাউণ্ডেশ্যনৰ সহযোগত বুধবাৰে অনুষ্ঠিত হৈ যায় এই অনুষ্ঠান (The Hans Foundation) ।

হিন্দু ধৰ্মৰ কেইবাটাও জনগোষ্ঠীৰ দৰা-ক‌ইনাই নিজৰ নিজৰ বৈদিক ৰীতি-নীতিৰে বিবাহ কাৰ্য সম্পন্ন কৰে । ভকতৰ আশীৰ্বাদৰ লগতে পুৰোহিতৰ মন্ত্ৰোচ্চাৰণ, হোমৰ জুইক সাক্ষী কৰি সম্পন্ন হয় এই বিবাহ কাৰ্যসূচী । বিশেষকৈ দৰিদ্ৰতাৰ প্ৰভাৱ তথা বিভিন্ন কাৰণ বশতঃ যিসকল লোকে আনুষ্ঠানিকভাৱে বিবাহ সম্পন্ন কৰিব পৰা নাছিল, তেনে লোকৰ সুবিধাৰ্থে সংগঠন দুটাই আজি এই সামূহিক বিবাহ সংস্কাৰ কাৰ্যসূচী অনুষ্ঠিত কৰে ।

সম্পূৰ্ণ জাক-জমকতা আৰু উখল-মাখল পৰিৱেশৰ মাজেৰে সম্পন্ন হোৱা এই বিবাহ অনুষ্ঠানত ৬০ বছৰ বয়সৰ দৰাইয়ো অংশ‌ লয় । সহস্ৰাধিক দৰ্শক তথা দৰা-ক‌ইনাৰ অভিভাৱকে প্ৰত্যক্ষ কৰা এই সামূহিক বিবাহ অনুষ্ঠানত উদ্যোক্তাসকলে প্ৰতিগৰাকী দৰা-ক‌ইনাক সাংসাৰিক জীৱনত প্ৰয়োজনীয় বিভিন্ন সামগ্ৰী উপহাৰ হিচাপে প্ৰদান কৰে ।

দ্য হান্স ফাউণ্ডেশ্যনৰ সহযোগত অসমৰ বিভিন্ন জিলাত জিলা বিবাহ সংস্কাৰ সমিতিৰ উদ্যোগত এনে বহুকেইখন সমূহীয়া বিবাহ অনুষ্ঠান সম্পন্ন হৈছে ৷ নানান কাৰণত সামাজিক ৰীতি-নীতিৰে বিয়াত বহিব নোৱাৰা তথা দৰিদ্ৰতাৰ বাবে বিয়া পাতিব নোৱাৰা দম্পতীসকলে এই অনুষ্ঠানৰ দ্বাৰা সামাজিক নিয়মৰ বিয়াৰ অংশ হ’বলৈ পাই নিজকে ধন্য মানিছে ৷

লগতে পঢ়ক : Mass wedding ceremony in Dibrugarh: টিংখাঙত 201 যোৰা দৰা-কইনা বহিল একেখন মণ্ডপত

Last Updated :Mar 16, 2023, 12:22 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.