জেচিবি চলাই অমৃত সৰোবৰ আঁচনি শুভাৰম্ভ যোগেন মহনৰ

author img

By

Published : Sep 18, 2022, 7:41 PM IST

jogen mohan inaugurated amrit sarovar scheme

ৰাজ্যখনৰ গ্ৰাম্য অর্থনীতিৰ ভেটি সৱল কৰি তোলাৰ স্বাৰ্থত ৰাজ্যৰ বিভিন্ন প্ৰান্তত শুভাৰম্ভ কৰা হয় অমৃত সৰোবৰ আঁচনি (Mission Amrit Sarovar) । দেওবাৰে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ৰাজ্য চৰকাৰৰ মন্ত্ৰী বিধায়কে শুভাৰম্ভ কৰে অমৃত সৰোবৰ আঁচনি (Amrit Sarovar in Assam) ।

চৰাইদেউ,১৮ ছেপ্টেম্বৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিনৰ (PM Narendra Modi Birthday) লগত সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শুভাৰম্ভ কৰা হয় অমৃত সৰোবৰ আঁচনি (Amrit Sarovar in Assam) । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ খুমটাই বামলাইনত অমৃত সৰোবৰ আঁচনি শুভাৰম্ভ কৰে অসম চৰকাৰৰ ৰাজহ, দুৰ্যোগ ব্যৱস্থাপনা আৰু পাৰ্বত্য অঞ্চল উন্নয়ণ মন্ত্ৰী যোগেন মহনে (Mission Amrit Sarovar) ।

ইয়াৰ অংশ হিচাপে খুমটাই গাঁও পঞ্চায়তৰ বামলাইনত দিৰৈ নৈৰ পাৰত অমৃত সৰোবৰ আঁচনিৰ অধীনত এটা পুখুৰী খননৰ শুভাৰম্ভ কৰে । এই অনুষ্ঠানত মন্ত্ৰীজনে জেচিবি চলাই অমৃত সৰোবৰ আঁচনিৰ পুখুৰী খননৰ শুভাৰম্ভ কৰে । আজিৰ দিনটোতে মন্ত্ৰীজনে মাহমৰা সমষ্টিৰ সৰ্বোদয়, খুমটাই, বৰডবা, মিলন, উদয়পুৰ, কাকতিবাৰী, ভঁৰালীপুখুৰী, দিচাংপানী আৰু নিজখালৈঘুগুৰা গাঁও পঞ্চায়তত মুঠ ২২ টা অমৃত সৰোবৰ আঁচনিৰ শুভাৰম্ভ কৰে (Jogen Mohan inaugurate Amrit Sarovar scheme) ।

জেচিবি চলাই অমৃত সৰোবৰ আঁচনি শুভাৰম্ভ কৰে যোগেন মহনে

এই অনুষ্ঠানত মন্ত্ৰীগৰাকীৰ লগতে মাহমৰা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া সোনাম দাস, খুমটাই গাঁও পঞ্চায়তৰ সভানেত্ৰী পূৰ্ণিমা শৰ্মাকে ধৰি বহুসংখ্যক স্থানীয় ৰাইজ উপস্থিত থাকে ৷ অমৃত সৰোবৰ আঁচনিৰ শুভাৰম্ভ কৰি মন্ত্ৰীজনে আজি কয়, তিনিমাহৰ ভিতৰত এই আঁচনিৰ কাম সম্পূৰ্ণ কৰা হ'ব । লগতে এই আঁচনিৰ দ্বাৰা মীন পালন কৰি বহু নিবনুৱা স্বাৱলম্বী হ'বলৈ সক্ষম হ'ব বুলিও মন্ত্ৰীজনে কয় ।

উল্লেখ্য যে, ৰাজ্যৰ প্ৰতিখন জিলাতে ৭৫ টাকৈ অমৃত সৰোবৰ পুখুৰী খন্দা হ’ব, য'ত বিজ্ঞানসন্মত মীন পালনৰ লগতে মূল্যৱান বৃক্ষৰোপণৰ ব্যৱস্থা থাকিব । এই অমৃত সৰোবৰ পুখুৰীৰ জৰিয়তে আগন্তুক দিনত ৰাজ্যখনৰ গ্ৰাম্য অর্থনীতিৰ ভেটি সৱল কৰি তোলাত এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব । পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, মীন বিভাগ আৰু মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ যুটীয়া প্ৰচেষ্টাৰে মিছন অমৃত সৰোবৰ কাৰ্যকৰী কৰি তোলা হ'ব । সেয়ে মোডীৰ জন্মদিনৰ দিনাই শুভাৰম্ভ কৰা হয় অমৃত সৰোবৰ আঁচনি ।

লগতে পঢ়ক: Assam SI exam result : কষ্ট সাৰ্থক হ’ল আমগুৰিৰ বিষ্ণুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.