সাপেখাতীত জব্দ অবৈধভাৱে বালি কঢ়িওৱা ৬ খন ডাম্পাৰ

author img

By

Published : Aug 26, 2021, 4:30 PM IST

Dumper seize

ৰাজ্যৰ ভিন্ন প্ৰান্তত চলি আছে বালিৰ অবৈধ ব্যৱসায় । চৰকাৰী কৰ ফাঁকি দি একাংশ দুষ্টচক্ৰই এই ব্যৱসায় চলাই থকাৰ মাজতে চৰাইদেউ জিলাৰ সাপেখাতীত জব্দ কেইবাখনো ডাম্পাৰ ।

মৰাণ,২৬ আগষ্ট : চৰকাৰী পক্ষৰ নিৰ্দেশনাৰ পাছতো ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত আছে বালিৰ অবৈধ সৰবৰাহ । প্ৰশাসনক মেনেজ কৰি একাংশই এই কাৰ্য অব্যাহত ৰাখিছে বুলিও অভিযোগ উত্থাপন হৈছে । ইয়াৰ মাজতে চৰাইদেউ জিলাৰ সাপেখাতী থানাৰ অন্তৰ্গত ৰহন ভঁৰালী পুখুৰীত বুধবাৰে জব্দ কৰা হয় অবৈধভাৱে বালি কঢ়িওৱা ৬ খনকৈ ডাম্পাৰ । কিছুদিনৰ পৰা প্ৰশাসনৰ নিয়ম মাফিক তালাচীৰ মাজতো দীৰ্ঘদিন ধৰি এচাম দুষ্টচক্ৰই চৰকাৰী কৰ ফাঁকি দি সম্পূৰ্ণ নথিপত্ৰ বিহীনভাৱে সেই অঞ্চলটোতে ৰমৰমীয়া অবৈধ বালি ব্যৱসায় গঢ়ি তুলিছিল ।

উল্লেখ্য যে ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ পৰা এই বালি ভৰ্তি ডাম্পাৰসমূহ সাপেখাতী ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী সংস্থা গৌতম কংষ্ট্ৰাকচনে (Gautam Construction) নিৰ্মাণ কৰি থকা ৫২(B) নং ৰাষ্ট্ৰীয় ঘাইপথৰ বাবে যোগান ধৰাৰ উপৰিও বৃহৎ কৰ ফাঁকিৰে অন্যান্য অঞ্চলসমূহতো বালিৰ যোগান ধৰি আহিছে ডাম্পাৰসমূহে । সেয়ে বুধবাৰে ভঁৰালী পুখুৰীৰ সমীপৰ ৫২(B)নং ৰাষ্ট্ৰীয় ঘাইপথত জিলা পৰিবহণ বিষয়া ৰাজীৱ চন্দ্ৰ বৰদলৈৰ নেতৃত্বত চলোৱা তালাচীত জব্দ কৰা বালি ভৰ্তি ডাম্পাৰকেইখন । জব্দ কৰা ডাম্পাৰ কেইখনৰ নম্বৰ ক্ৰমে AS-১৫-AC-৩০৪৯ , AS-১৫-AC-৩৫৫৯, AS-১৫-AC-৩৫৬৪, AS-১৫-AC-৩৫৬৬, AS-১৫-AC-৩০৫১, AS-১৫-AC-৩০৪৮ ।

সাপেখাতীত জব্দ অবৈধভাৱে বালি কঢ়িওৱা ৬ খন ডাম্পাৰ

বালিৰ অবৈধ সৰবৰাহত জড়িত ডাম্পাৰকেইখন ঐতিহাসিক চৰাইদেউ জিলাৰ সোনাৰিস্থিত জিলা পৰিবহণ বিভাগৰ কাৰ্য্যালয়লৈ লৈ যোৱা হয় ।

উল্লেখ্য যে দেশৰ ক'ভিড (Covid) কালীন পৰিস্থিতিৰ বাবে ৰাজ্যত বলবৎ হৈ থকা আন্তঃজিলা যাতায়ত বন্ধ হৈ থকাৰ বাবে ডিব্ৰুগড় জিলা আৰু চৰাইদেউ জিলাৰ সীমান্তৰ দুয়োদিশে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছিল । কিন্তু তাৰ পাছতো লক্ষণীয়ভাৱে একাংশ দুষ্ট চক্ৰই কাৰ আশীৰ্বাদত বালিৰ এই ৰমৰমীয়া ব্যৱসায় চলাই গৈছে সেয়া বৰ্তমান সময়ত সকলোৰে বাবে ডাঙৰ প্ৰশ্ন হৈ পৰিছে । যাৰ বাবে নৱ নিযুক্ত জিলা পৰিবহণ বিষয়া (District Transport Officer) ৰাজীৱ চন্দ্ৰ বৰদলৈৰ এনে তৎপৰতাক এতিয়া শলাগ লৈছে সচেতন মহলে ।

লগতে পঢ়ক :চাৰি দশকত জব্দ-উদ্ধাৰ কৰা গঁড়ৰ খৰ্গ ধ্বংস কৰাৰ পৰিকল্পনা বন বিভাগৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.