এমাহত সোণাৰিত হত্যা দুগৰাকী কন্যা শিশুক

author img

By

Published : Aug 26, 2021, 8:25 PM IST

child murder in Sonari

চৰাইদেউৰ সোণাৰিত একেটা মাহতে দুগৰাকী শিশু হত্যা হোৱাৰ ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যৰ ৷ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষকে ৷

মৰাণ, 26 আগষ্ট : চাহ বাগিচা অঞ্চল সমূহত বহু ব্যক্তি আজিও নিৰক্ষৰ হৈ থকা বাবে অন্ধবিশ্বাসৰ কবলত পৰি সংঘটিত কৰিছে নৰবলিৰ দৰে ঘটনা । শেহতীয়াকৈ চৰাইদেউ জিলাৰ সোণাৰিত চলিত মাহতে পোহৰলৈ আহিছে দুটাকৈ এনে ঘটনা । যাক লৈ চৰাইদেউ আৰক্ষী প্ৰশাসনৰ লগতে সমাজ কৰ্মী সকল চিন্তিত হৈ পৰিছে ।

লগতে পঢ়ক : পঞ্চদশ কেবিনেটে গ্ৰহণ কৰিলে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

কেইটামান দিনৰ পূৰ্বেই সোণাৰিত ডিঙি চেপি হত্যা কৰা হৈছিল এটি চাৰিবছৰীয়া কন্যা শিশু । মৃতদেহটোৰ কাষত পূজাৰ সামগ্ৰী উদ্ধাৰ হোৱাত শিশুটিক বলি দিয়া বুলি সন্দেহ কৰিছিল । পাছত আৰক্ষীয়ে সমগ্ৰ ঘটনাটোৰ মাষ্টাৰ মাইণ্ড শিশুটিৰ পিতৃ আণ্টা মুণ্ডা বুলি জানিব দিছিল । পূজা অনুষ্ঠিত কৰি শিশুটিক হত্যা কৰা বুলি আৰক্ষীৰ আগত শিশুটিৰ পিতৃয়ে স্বীকাৰ কৰিছিল ।

এমাহত সোণাৰিত হত্যা দুগৰাকী কন্যা শিশুক

লগতে পঢ়ক : পহিলা ছেপ্তেম্বৰৰ পৰা খুলিব ৰাজ্যৰ শিক্ষানুষ্ঠান: ভেকচিন বাধ্যতামূলক

এই ঘটনাৰ চাঞ্চল্যৰ মাৰ নাযাওঁতেই পুনৰ ২৩ আগষ্টত সোণাৰিত নৃশংস হত্যাৰ বলি হ'ল এগৰাকী প্ৰথম শ্ৰেণীৰ ছাত্ৰী । মৃতদেহটোৰ ডিঙিত থকা চোকা অস্ত্ৰৰ আঘাতলৈ চাই অন্ধ বিশ্বাসৰ বশৱৰ্তী হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে । চাহ বাগিচা অঞ্চলত অব্যাহত থকা অন্ধবিশ্বাসৰ বশৱৰ্তী হৈয়েই পূজাৰ নামত বলি দিয়াৰ সন্দেহ । মৃতদেহ উদ্ধাৰ হোৱাৰ কাষতে আছিল কালি মন্দিৰ ।

লগতে পঢ়ক : চাৰি দশকত জব্দ-উদ্ধাৰ কৰা গঁড়ৰ খৰ্গ ধ্বংস কৰাৰ পৰিকল্পনা বন বিভাগৰ

ইতিমধ্যে সমগ্ৰ ঘটনাক লৈ সোণাৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে । আৰক্ষীৰ তদন্ত পাছতহে প্ৰকৃত ঘটনা কি সেই কথা ক'ব পৰা যাব বুলি চৰাইদেউ আৰক্ষী অধীক্ষক গৰাকীয়ে জানিবলৈ দিয়ে । ইফালে দোষীক কঠোৰ শাস্তি দিয়াৰ দাবী কৰিছে দুৰ্ভগীয়া মাতৃ গৰাকীয়ে ।

লগতে পঢ়ক : দুৰ্গা পূজা 2021: কি বাৰ্তা আনিছে দেৱীৰ আগমন আৰু প্ৰস্থানে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.