Charaideo Businessman imprisoned : আলফা স্বাধীনক ধন দিয়াৰ অভিযোগত তিনি ব্যৱসায়ীক কাৰাগাৰলৈ প্ৰেৰণ

Charaideo Businessman imprisoned : আলফা স্বাধীনক ধন দিয়াৰ অভিযোগত তিনি ব্যৱসায়ীক কাৰাগাৰলৈ প্ৰেৰণ
আলফা স্বাধীনক আৰ্থিকভাৱে সহায় কৰি কাৰাগাৰলৈ গ’ল চৰাইদেউৰ তিনিজন ব্যৱসায়ী ৷ আলফা স্বাধীনৰ হৈ নামতোলাত ধন দাবী কৰি আটক হোৱা নগা যুৱক টিংমন কন্যাকৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে আটক কৰিছিল তিনিওজন ব্যৱসায়ীক (Charaideo Businessman imprisoned) ।
ডিব্ৰুগড়, 27 নৱেম্বৰ : আলফা স্বাধীনক ধন দিয়াৰ অভিযোগত তিনিজনক কাৰাগাৰলৈ প্ৰেৰণ কৰিলে আৰক্ষীয়ে । চৰাইদেউ জিলাৰ নামতোলা আৰক্ষীয়ে অভিযান চলাই শুকুৰবাৰে আটক কৰা লোককেইজনক দেওবাৰে প্ৰেৰণ কৰিলে কাৰাগাৰলৈ (Charaideo Businessman imprisoned)।
কাৰাগাৰলৈ প্ৰেৰণ কৰা লোককেইজন হ'ল মনোহৰ ঠাকুৰ, লালবাহাদুৰ ঠাকুৰ আৰু কাদেৰ শ্বাহ । এই আটাইকৈইজনেই হ'ল অসম-নাগালেণ্ড সীমান্তৰ নামতোলা অঞ্চলৰ প্ৰতিষ্ঠিত ব্যৱসায়ী ।
জানিব পৰা মতে আলফা স্বাধীনৰ হৈ নামতোলাত ধন দাবী কৰি আটক হোৱা নগা যুৱক টিংমন কন্যাকৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে আটক কৰিছিল তিনিওজন ব্যৱসায়ীক । পৰৱৰ্তী সময়ত আৰক্ষীৰ অনুসন্ধানত সত্য প্ৰমাণিত হোৱাত আটাইকে কাৰাগাৰলৈ প্ৰেৰণ কৰা হয় (Businessman sent to jail in Charaideo)।
লগতে পঢ়ক : Open firing in Jorhat : যোৰহাটৰ মাজ মজিয়াত বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা
