9 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : Jul 26, 2022, 9:06 AM IST

TOP 10 AT 9AM

9 বজাৰ শীৰ্ষ দহটা বাতৰি

Lovlina Tweet Against Boxing Federation: মানসিক নিৰ্যাতনৰ সন্মুখীন হৈছে লাভনীনা বৰগোঁহাই!

বস্কিং ফেডাৰেছনে পদে পদে হাৰাশাস্তি কৰিছে লাভলীনাক বৰগোঁহাইক ৷ ভাৰতীয় বক্সিং সন্থাৰ বিৰুদ্ধে লাভলীনাই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে টুইটাৰযোগে (Lovlina Tweet Against Boxing Federation) ৷

Riniki Bhuya Sharma defamation case: মণীষ ছিচোদিয়াৰ বিৰুদ্ধে মান হানি গোচৰত স্থগিতাদেশ

আম আদমি পাৰ্টীৰ ৰাজ্যিক কার্যালয়ত সোমবাৰে অনুষ্ঠিত এক সংবাদমেলত (Aam Aadmi Party press conference) এই কথা প্রকাশ কৰে আপ অসমৰৰ আইনী কোষৰ সমন্বয়ক আৰু যুটীয়া সমন্বয়ক ক্ৰমে নাৰায়ণ দত্ত ভূঞা আৰু আলাউদ্দিন আহমেদ আৰু দলৰ ৰাজ্যিক যুটীয়া সমন্বয়ক জিতুল ডেকাই । আজিৰ শুনানিকালত পদকীয়া আৰু গোচৰীয়া দুয়োপক্ষৰ অধিবক্তা উপস্থিত থাকে ।

Vacancy in Kendriya Vidyalaya: চাকৰি লাগে নেকি ! কেন্দ্ৰীয় বিদ্যালয়ত 12,000 শিক্ষকৰ পদ খালী

চাকৰিৰ প্ৰাৰ্থীসকলৰ বাবে সুখবৰ ৷ সমগ্ৰ দেশৰ কেন্দ্ৰীয় বিদ্যালয়সমূহত 12 হাজাৰৰো অধিক শিক্ষকৰ পদ খালী হৈছে (Kendriya Vidyalaya) ৷

APSC scam in Assam: আকৌ আৰম্ভ হ'ব ন্যায়িক যুঁজ

‘‘বিপ্লৱ কুমাৰ শৰ্মা আয়োগে প্ৰতিবেদন দাখিল কৰাৰ এদিন পূৰ্বেই বক্ৰপথেৰে চাকৰি লোৱা কেইবাজনো ACS বিষয়াক নাটকীয়ভাৱে পদোন্নতি দিলে চৰকাৰে । প্ৰতিবেদন দাখিলৰ পাছতো প্ৰতিবেদনত নাম থকা ১১ গৰাকী APS বিষয়াকক ১৮ জুনত Time Scale ৰে পুৰস্কৃত কৰিলে । APSC চাকৰি কেলেংকাৰীয়ে নহয় ই মাটি কেলেংকাৰী আৰু যৌন কেলেংকাৰী ৷’’ Fight against injustice of APSC ৰ প্ৰশাসক মানস প্ৰতিম বৰুৱাৰ বিস্ফোৰক মন্তব্য ৷

Linking Aadhaar to Voter card: কংগ্ৰেছ নেতা সুৰজেৱালাক উচ্চ ন্যায়ালয়ৰ কাষ চাপিবলৈ নিৰ্দেশনা উচ্চতম ন্যায়ালয়ৰ

নিৰ্বাচনী সংশোধনী আইন, ২০২১ক(Election Amendment Act) প্ৰত্যাহ্বান জনোৱা কংগ্ৰেছী নেতা ৰণদীপ সিং সুৰজেৱালাক (Congress leader Randeep Singh Surjewala ) উচ্চ ন্যায়ালয়ৰ কাষ চাপিবলৈ নিৰ্দেশনা উচ্চতম ন্যায়ালয়ৰ ৷

Medicine price hike : দৰবৰ পুনৰ মূল্যবৃদ্ধিয়ে ৰামটাঙোন শোধাইছে সৰ্বসাধাৰণক

দৰবৰ মূল্য ১০.৭৭ শতাংশ বৃদ্ধি কৰা হৈছে যদিও ভালেকেইটা দৰবৰ মূল্য ১২-১৪ শতাংশৰপৰা ২০ শতাংশ পর্যন্ত বৃদ্ধি কৰা হৈছে । আনকি কোনোটো দৰবৰ মূল্য যোৱা তিনি মাহত দুবাৰকৈ বৃদ্ধি কৰা হৈছে (Medicine price hike) ।

ISC exam result 2022 : দ্বিতীয় স্থান উজলিল ধ্ৰুৱ হিমতসিংকাৰ

সদ্য ঘোষিত দ্বাদশ শ্ৰেণীৰ ISC পৰীক্ষাত (ISC exam result 2022) দেশৰ ভিতৰতে দ্বিতীয় স্থান লাভ গৌৰৱ কঢ়িয়াই আনিছে গুৱাহাটীৰ ছাত্ৰ ধ্ৰুৱ হিমতসিংকাই ৷ ধ্ৰুৱ হিমতসিংকা গুৱাহাটী মহানগৰীৰ সংস্কৃতি দ্যা গুৰুকুলৰ (Sanskriti the gurukul) ছাত্ৰ ৷

Report on damages of flood: হোজাইত বানৰ ক্ষতিগ্ৰস্ত লোকসকলৰ চূড়ান্ত তালিকা দাখিল

অসমৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি ৰাজ্য চৰকাৰৰ তিনিগৰাকী উচ্চপদস্থ বিষয়াৰ নেতৃত্বত গঠন কৰি দিয়া চিকিৎসককে ধৰি স্বাস্থ্যবিভাগৰ বিষয়া আৰু কৰ্মচাৰীৰ ষাঠি জনীয়া দল এটাই হোজাই, ডবকা আৰু লংকা তিনিওটা ৰাজহচক্ৰৰে প্ৰতিটো বাসগৃহতে অনুসন্ধান কৰি চূড়ান্ত তালিকা প্ৰস্তুত কৰি সোমবাৰে প্ৰতিবেদন দাখিল কৰে (Report on damages of flood) । এই পৰ্যালোচনা সভাত স্বাস্থ্যবিভাগৰ মন্ত্ৰী কেশৱ মহন্ত উপস্থিত থাকে ।

Irrigation Scheme at Jonai: জোনাইত বগা হাতীত পৰিণত হৈছে জোনাই জলসিঞ্চন বিভাগ

জোনাই মহকুমাত থকা চাৰিখনকৈ জলসিঞ্চন আঁচনিৰ তিনিখনেই বিকল হৈ আছে(Irrigation Scheme at Jonai) । ফলত বৰুণ দেৱতাৰ ওপৰত নির্ভৰ কৰিয়েই কৃষিকার্য সম্পাদন কৰিবলগীয়া হৈছে কৃষকসকলে । অতিশীঘ্ৰে জোনাই জলসিঞ্চন বিভাগৰ কাৰ্যালয়ৰ লগতে পাইপ লাইনসমূহ মেৰামতিৰে খেতিয়কৰ পথাৰত পানী যোগানৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী জনাইছে স্থানীয় ৰাইজে ৷

Golden Jubilee Agardoot Paper : চলিত বৰ্ষৰ পৰা প্ৰদান কৰা হ’ব ‘‘অগ্ৰদূত সাংবাদিক বঁটা’’

ডিচেম্বৰ অথবা জানুৱাৰীত অনুষ্ঠিত হ’ব অগ্ৰদূত কাকতৰ সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠান (Closing ceremony of Golden Jubilee of Agardoot Paper) ৷ সোমবাৰে গুৱাহাটীৰ প্ৰেছ ক্লাৱত সংবাদেমেল আয়োজন কৰি এই কথা সদৰি কৰে সোণালী জয়ন্তী উদ্‌যাপন সমিতিৰ সভাপতি বিশিষ্ট সাহিত্যিক-শিক্ষাবিদ ড৹ দয়ানন্দ পাঠক আৰু ‘অগ্ৰদূত’ৰ সম্পাদক কনকসেন ডেকাই ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.