9 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Dec 11, 2022, 9:03 AM IST

9 বজাৰ 10 টা শীৰ্ষ বাতৰি

9 বজাৰ 10 টা শীৰ্ষ বাতৰি

Portugal vs Morocco match: ইতিহাসৰ সূচনা কৰি মৰক্কোৱে কোৱাৰ্টাৰ ফাইনেলৰ পৰা বিদায় দিলে ৰোণাল্ডো বাহিনীক

পৃথিৱীৰ ২৪ শতাংশ ভূখণ্ড দখল কৰা ৪০ কোটিতকৈ অধিক লোকে আফ্ৰিকা মহাদেশখনৰ একমাত্ৰ প্ৰতিনিধি মৰক্কোৱে তাৰকাৰে ভৰা পৰ্তুগালক পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰে (Portugal vs Morocco live updates)। ফিফা বিশ্বকাপৰ ইতিহাসত কোৱাৰ্টাৰ ফাইনেল অতিক্ৰম কৰা একমাত্ৰ আফ্ৰিকান দল হিচাপে পৰিগণিত হয় তেওঁলোক (FIFA World Cup)।

Assam Assembly winter session : ২০ ডিচেম্বৰৰ পৰা অসম বিধানসভাৰ শীতকালীন অধিৱেশন

২০ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ'ব অসম বিধানসভাৰ শীতকালীন অধিৱেশন (Assam assembly winter session to start from 20 December) ।

Ranoj Pegu assured majuli people: বিকাশৰ নদী বৈ যাব মাজুলীত; ৰণোজ পেগুৰ আশ্বাস

দেওবাৰে মাজুলীত মুখ্যমন্ত্ৰী ড৽ হিমন্ত বিশ্ব শৰ্মাই "বিকাশৰ এটা পষেক" যোজনাৰ অধীনত ৮৯৪.৫৫ কোটি টকাৰ বিভিন্ন আঁচনি শুভাৰম্ভ কৰিব(Development of Majuli) । মুখ্যমন্ত্ৰীগৰাকীৰ মাজুলী ভ্ৰমণ উপলক্ষে শনিবাৰে মাজুলীৰ অভিভাৱক মন্ত্ৰী ৰণোজ পেগুয়ে(Minister Ronoj Pegu) নামনি মাজুলীৰ চেলেক গাঁৱত এখন সংবাদ মেল সম্বোধন কৰে(Minister Ronoj Pegu press conference in Majuli) ।

Himachal New CM Sukhbindar Sing Sukhu: হিমাচল প্ৰদেশৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’ব সুখৱিন্দৰ সিং সুখু

হিমাচল প্ৰদেশৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’ব সুখৱিন্দৰ সিং সুখু ৷ দেওবাৰে সুখুৱে শপতগ্ৰহণ কৰাৰ সম্ভাৱনা আছে (New CM of Himachal Pradesh)৷

Robber arrested in Manikpur: গ্ৰেপ্তাৰ কৰা ডকাইতে প্ৰাণ হেৰুৱালে ট্ৰাকৰ চেপাত

বঙাইগাঁও জিলা আৰু চিৰাং জিলাৰ সীমামূৰীয়া ডাঙাইগাঁও ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত চাঞ্চল্যকৰ ঘটনা । আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ডকাইতে প্ৰাণ হেৰুৱালে ট্ৰাকৰ চেপাত (Arrested robber died in accident) । ঘটনাৰ উচিত তদন্তৰ দাবী প্ৰত্যক্ষদৰ্শীৰ ।

MP Dilip Saikia on Muslims: অসমত মোগলৰূপী মুছলমানৰ বিস্তাৰবাদ ভৱিষ্যতে নহওক

নলবাৰীৰ বেলশৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত অসম প্ৰদেশে শনিবাৰে পালন কৰা হয় শ্বহীদ দিৱস (Assam Martyr Day 2022) । শ্বহীদ দিৱসৰ ভাষণ প্ৰসংগত সাংসদ দিলীপ শইকীয়াই (MP Dilip Saikia on Muslims) কয় যে অসমত যাতে এই মোগলৰূপী মুছলমানৰ বিস্তাৰবাদ ভৱিষ্যতে নহওক ৷

FIR against Badruddin Ajmal: আজমলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে কৰিমগঞ্জ আৰক্ষীয়ে

অৱশেষত আজমলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে কৰিমগঞ্জ আৰক্ষীয়ে (FIR against Badruddin Ajmal)। 3 ডিচেম্বৰত আইইউডিএফ প্ৰধান বদৰুউদ্দিন আজমলে কৰা বিতৰ্কিত মন্তব্য পাছত এই পৰ্যন্ত ৮ টা গোচৰ দাখিল কৰিছে বিভিন্ন দল-সংগঠন, ব্যক্তি বিশেষে (Badruddin Ajmal controversy) ৷

Free treatment for army in BMCH: প্ৰাক্তন সৈনিকৰ বাবে বিনামূলীয়াকৈ চিকিৎসা সেৱা

বৰপেটা মেডিকেল কলেজ চিকিৎসালয়ত প্ৰাক্তন সৈনিক সকললৈ আগবঢ়োৱা হৈছে বিশেষ সুবিধা ৷ এতিয়াৰে পৰা প্ৰাক্তন সৈনিক সকলে বৰপেটা মেডিকেল কলেজ চিকিৎসালয়ত লাভ কৰিব যিকোনো বেমাৰৰ বাবে বিনামূলীয়াকৈ চিকিৎসা (Free tretment in Barpeta medical college hospital for army) ।

Gondwana society in Assam: গণ্ডৱানা কৃষ্টি-সংস্কৃতিৰে জীপাল কাবোলা পথাৰ

অসমৰ বৃহত্তৰ চাহ জনগোষ্ঠীৰ এটা অন্যতম অংশ হৈছে গণ্ডৱানা সমাজ(Gondwana society in Assam) । অসমৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ দৰেই গণ্ডৱানা সমাজৰো আছে এক নিজস্ব সুকীয়া ৰীতি-নীতি, আচাৰ-পৰম্পৰা । শনিবাৰৰ টিংখাঙত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে গণ্ডৱানা সাহিত্য সভা অসম, গণ্ডৱানা ছাত্ৰ সন্থা অসম আৰু সদৌ অসম গণ্ডৱানা যুৱ পৰিষদৰ প্ৰথম বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস ।

Poor condition of girls hostel: ডিগবৈৰ বৰবিলস্থিত ছাত্ৰী নিবাস ভূতবাংলালৈ পৰিণত

তিনিচুকীয়া জিলাৰ ডিগবৈৰ বৰবিলত এটা ছাত্ৰী নিবাস ২০১১-১২ বৰ্ষত চাহ জনগোষ্ঠীৰ ছাত্ৰীৰ বাবে নিৰ্মাণ কৰা হৈছিল ৷ এতিয়া সেই ছাত্ৰী নিবাসটো এটা ভূত বাংলালৈ পৰিণত হৈছে ৷ তদুপৰি ছাত্ৰী আবাস নিৰ্মাণ কৰা ভূমিখিনি বন বিভাগৰ সৈতে লাগি থকাত সৃষ্টি হৈছে বেমেজালিৰ(Poor condition of girls hostel at Digboi) ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.