9 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Aug 8, 2022, 9:01 AM IST

TOP 10 AT 9 AM

9 বজাৰ শীৰ্ষ 10 টা বাতৰি

Jharkhand MLAs cash seizure: হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ ব্যৱসায়ী অশোক ধানুকাক চিআইডিৰ তলব

ঝাৰখণ্ডৰ তিনিজন বিধায়কৰ গাড়ীত লাখে লাখে টকা উদ্ধাৰ হোৱা ঘটনাৰ লগত সাঙোৰ খালে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ ব্যৱসায়ী অশোক ধানুকাৰ নাম । পশ্চিমবংগৰ চি আই ডিয়ে ব্যৱসায়ীজনৰ গুৱাহাটীৰ আঠগাঁওস্থিত বাসভৱনলৈ গৈ তদন্ত কৰাৰ লগতে কাইলৈ জেৰাৰ বাবে চি আই ডিৰ কাৰ্যালয়ত হাজিৰ হ'বলৈ চমন জাৰি কৰিছে (CID summons businessman Ashok Dhanuka)।

CAG investigation on scholarship scam: কঁপনি উঠিছে ছাত্ৰ বৃ্ত্তিৰ ধন আত্মসাৎকাৰীৰ মনত

কেগৰ তদন্তত ওলাইছে সংখ্যালঘু ছাত্ৰবৃত্তিৰ নামত কেলেংকাৰী সংঘটিত হোৱাৰ তথ্য(Cag investigation on scholarship scam) ৷ নগাঁৱত তদন্ত অব্যাহত ৰখা কেগৰ বিষয়াই প্ৰকাশ কৰিছে এই কথা । বিষয়াগৰাকীকে প্ৰতিবেদন দাখিল কৰাৰ পাছতহে পোহৰলৈ আহিব সমগ্ৰ ঘটনা ৷

Ansarullah Bangla Team: শিক্ষিত যুৱকক টাৰ্গেট কৰি সাম্ৰাজ্য বিস্তাৰৰ ভয়াৱহ পৰিকল্পনা আনছাৰুল্লাহ বাংলা টীমৰ

ৰাজ্যত বিগত ৫ মাহত জেহাদীৰ ৫ টাকৈ ‘মডিউল' উৎখাত হোৱা ঘটনাই বহন কৰিছে ভয়াৱহ ইংগিত । তথ্য-প্ৰযুক্তিগতভাৱে অভিজ্ঞ ধৃত মুফটি মোস্তাফাই কৌশলেৰে বিয়পাইছিল জেহাদ । বাংলাদেশৰ নাগৰিক ধৃত মহম্মদ সুমনৰ লগত সম্পর্ক থকা মৰিগাঁৱৰ মুফটি মোস্তাফাই ২০১৭ চনত ভূপালৰ শিক্ষানুষ্ঠানৰ পৰা ইছলামিক আইনৰ পি এইচ ডি গ্ৰহণ কৰিছিল । এবিটিয়ে অসমৰ একাংশ বিশেষজ্ঞৰ জৰিয়তে ৰাজ্যত জেহাদীৰ সাম্ৰাজ্য বিস্তাৰৰ বাবে বিশেষ কৌশল অৱলম্বন কৰিছে ।

Akhil Gogoig against CAA: কা বলৱৎ কৰিলে বিজেপিক অসমত স্থান নিদিয়াৰ হুংকাৰ অখিল গগৈৰ

নাগৰিকত্ব সংশোধনী আইন বলবৎ কৰিবলৈ নিদিয়ে অখিল গগৈ তথা ৰাইজৰ দলে ৷ এই আইন বলৱৎ কৰিলে বিজেপিক অসমত স্থান দিয়া নহ’ব ৷ এই মন্তব্য কৰাৰ লগতে অখিল গগৈয়ে প্ৰশ্ন কৰিলে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই জাতীয় পতাকা উত্তোলন নকৰাৰ প্ৰসংগত (RSS never hoisted national flag)৷

Matiya Police Station ASI Arrest: ঘোচ খোৱা পুলিচক থানাৰ পৰাই উঠাই নিলে দুৰ্নীতি নিবাৰক শাখাই

উৎকোচ লোৱাৰ অপৰাধত থানাৰ ভিতৰৰ পৰাই গ্ৰেপ্তাৰ কৰা হ’ল আৰক্ষী বিষয়াক ৷ গোৱালপাৰাৰ মাটিয়া থানাৰ সহকাৰী উপ-পৰিদৰ্শক চবিন পাল দাসক ঘোচ লোৱাৰ অৱস্থাতে দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই গ্ৰেপ্তাৰ কৰে (Goalpara police officer arrested red handed)৷

Blood broker in Lakhimpur : তেজৰ দালালি কৰি ৰঙাঘৰৰ আলহী হ’ল দালাল

ৰাজ্যত এইবাৰ ৰঙা তেজৰ ক’লা বেহা ৷ বিতৰ্কই লগ নেৰা লখিমপুৰ মেডিকেল কলেজত ৰঙা তেজৰ ক’লা বেহা কৰি এইবাৰ ৰঙাঘৰলৈ যাবলগীয়া হ’ল তিনি অভিযুক্ত (Three blood broker arrested in Lakhimpur) ৷ লখিমপুৰ মেডিকেল কলেজৰ পৰা আটক কৰা হয় তিনি অভিযুক্তক ৷

Jihadi in Barpeta: ৯ জেহাদীক বৰপেটাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ

বৰপেটাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত আদালতত হাজিৰ কৰোৱা হয় ৮ জেহাদীক ৷ ২৭ আৰু 32 জুলাই গ্ৰেপ্তাৰ কৰা হৈছিল জেহাদী কেইটাক ৷

Ansarullah Bangla Team: শিক্ষিত যুৱকক টাৰ্গেট কৰি সাম্ৰাজ্য বিস্তাৰৰ ভয়াৱহ পৰিকল্পনা আনছাৰুল্লাহ বাংলা টীমৰ

ৰাজ্যত বিগত ৫ মাহত জেহাদীৰ ৫ টাকৈ ‘মডিউল' উৎখাত হোৱা ঘটনাই বহন কৰিছে ভয়াৱহ ইংগিত । তথ্য-প্ৰযুক্তিগতভাৱে অভিজ্ঞ ধৃত মুফটি মোস্তাফাই কৌশলেৰে বিয়পাইছিল জেহাদ । বাংলাদেশৰ নাগৰিক ধৃত মহম্মদ সুমনৰ লগত সম্পর্ক থকা মৰিগাঁৱৰ মুফটি মোস্তাফাই ২০১৭ চনত ভূপালৰ শিক্ষানুষ্ঠানৰ পৰা ইছলামিক আইনৰ পি এইচ ডি গ্ৰহণ কৰিছিল । এবিটিয়ে অসমৰ একাংশ বিশেষজ্ঞৰ জৰিয়তে ৰাজ্যত জেহাদীৰ সাম্ৰাজ্য বিস্তাৰৰ বাবে বিশেষ কৌশল অৱলম্বন কৰিছে ।

Helpless grandmother from Nalbari: কেনে আছে দেৱযানী আইতা ?

কেও-কোনো নথকা এগৰাকী অসহায় আইতা (Helpless grandmother from Nalbari)৷ সত্তৰোৰ্দ্ধৰ আইতাগৰাকীয়ে এটা ভগা জুপুৰীতে কটাইছে জীৱনৰ শেষ সময়খিনি ৷ আনটো বাদেই কাঠিৰ কাষতে থকা এটা খালৰ পানীৰেই তেওঁ দূৰ কৰে তৃষ্ণা ৷ স্বাধীনতাৰ পয়সত্তৰ বছৰৰ পিছতো আজিলৈ চৰকাৰৰ কোনো আঁচনিয়ে ঢুকি নোপোৱা আইতাগৰাকীৰ জীয়া কাহিনীৰে আজিৰ এই প্ৰতিবেদন...

ISRO's maiden SSLV rocket: ইছৰোৰ প্ৰথম এছএছএলভি ৰকেটে হেৰুৱাইছে তথ্য়

ভাৰতৰ প্ৰথমখন ক্ষুদ্ৰ উপগ্ৰহ উৎক্ষেপণ বাহন (Small Satellite Launch Vehicle) ৰকেটৰ ঐতিহাসিক উৎক্ষেপণৰ পিছত টাৰ্মিনেল পৰ্যায়ত ৰকেটটোৰ তথ্য লাভ কৰাটো সম্ভৱ হোৱা নাই । ইছৰোৰ( ISRO) অধ্যক্ষ এছ সোমনাথে ৰকেটটোৰ তথ্য হেৰুওৱাৰ বিষয়ে উল্লেখ কৰিছে(ISRO Chairman S Somanath)।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.