7 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Dec 20, 2022, 7:28 PM IST

top-10-at-7pm

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

Warning to Drink and Drive : সুৰাপায়ী চালকৰ বিৰুদ্ধে কঠোৰ বাৰ্তা অসম আৰক্ষীৰ

উদণ্ড বাইকাৰ্ছ সাৱধান হওক । নহ'লে আৰক্ষীৰ লাঠিৰ কোব পৰিব চালকৰ পিঠিত । জৰিমনা ভৰিব লাগিব তীব্ৰ বেগত বাহন চলোৱা লোকেও । উদণ্ড বাইকাৰ্ছৰ বিৰুদ্ধে কঠোৰ হ'ব বুলি তেজপুৰত সকীয়নি অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ (DGP Bhaskarjyoti Mahanta tough warning to bikers) ।

Assam Assembly Winter Session 2022 : অসমৰ সীমাবিবাদ প্ৰসংগত কংগ্ৰেছৰ সদন ত্যাগ

চৰকাৰৰ উচ্ছেদৰ বিৰুদ্ধে এ আই ইউ ডি এফে সদন ত্যাগ কৰাৰ (AIUDF walk out for eviction issue) পিছতে কংগ্ৰেছৰ বিধায়কসকলেও অসমৰ সীমা সমস্যাক সদনত উত্থাপন কৰিব নিদিয়াৰ বাবে সদন ত্যাগ কৰে (Congress walk out for border issue) । যাৰ ফলত বিধানসভাৰ শীতকালীন অধিবেশনৰ মঙলবাৰে প্ৰথমদিনাই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় বিধানসভাত ।

Assam Assembly Winter Session: শিশু অথবা নাৰীজনিত অপৰাধৰ বাবে ১৮ খন ফাষ্ট ট্ৰেক আদালত গঠন

দেৱব্ৰত শইকীয়াই মহিলা আৰু শিশু উন্নয়ন বিভাগৰ মন্ত্ৰী অজন্তা নেওগৰ পৰা জানিব বিচাৰে যে নাৰীৰ ওপৰত হোৱা হিংসা আৰু নিৰ্যাতন ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰে কি কি ব্যৱস্থা গ্ৰহণ কৰিছে ? উক্ত প্ৰশ্নৰ লিখিত উত্তৰত মন্ত্ৰীগৰাকীয়ে জনায় যে মহিলা আৰু কন্যা শিশুৰ ওপৰত হোৱা নিৰ্যাতন ৰোধ কৰিবলৈ অসম চৰকাৰে এখন SOP (Standard Operating Procedure) যুগুত কৰিছে ।

Assam assembly winter session: সদনৰ পৰা মাৰ্শ্বাল লগাই বাহিৰ কৰি দিয়া হ’ল শিৱসাগৰৰ বিধায়ক অখিল গগৈক

আজিৰে পৰা আৰম্ভ অসম বিধানসভাৰ শীতকালীন অধিৱেশন (Assam assembly winter session)৷ অধিৱেশনৰ প্ৰথম দিনাই সদনৰ পৰা নিলম্বন হ’ল ৰাইজৰ দলৰ নেতা তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ (Sivsagar MLA Akhil Gogoi)৷

DGP Emergency meeting: তেজপুৰত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ জৰুৰী বৈঠক

তেজপুৰত অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় (DGP emergency meeting in Tezpur)৷ জিলাখনৰ উপায়ুক্ত, পৰিবহণ বিষয়াৰ লগত উচ্চস্তৰীয় বৈঠকত মিলিত হয় আৰক্ষী সঞ্চালক প্ৰধানগৰাকী ৷

Road Accident : ক্ৰুইজাৰ বাহনৰ খুন্দাত নিহত বৃদ্ধ

শিলচৰ-আইজল ৰাষ্ট্ৰীয় ঘাইপথত সোমবাৰে নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় (Road accident at Silchar Aizawl road) ৷ ক্ৰুইজাৰ বাহনৰ খুন্দাত নিহত হয় এজন বৃদ্ধ লোক (one dead in road accident) ৷

Rajasthan Congress Crisis : শচীন পাইলট আৰু অশোক গেহলটৰ সৈতে ৰাহুল গান্ধীৰ ৰুদ্ধদ্বাৰ বৈঠক

ৰাজস্থান কংগ্ৰেছত হোৱা বিবাদৰ মাজতে সাংসদ ৰাহুল গান্ধীৰ অধ্যক্ষতাত এখন ৰুদ্ধদ্বাৰ বৈঠক অনুষ্ঠিত হয় (Rahul Gandhi meeting with Gehlot and Sachin Pilot) । সোমবাৰে অনুষ্ঠিত হোৱা উক্ত বৈঠকত দুয়োজন বিবাদী নেতা মুখ্যমন্ত্ৰী অশোক গেহলট আৰু প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী শচীন পাইলটে অংশগ্ৰহণ কৰে ।

Teachers Absence in Majuli : শিক্ষামন্ত্ৰীৰ নিৰ্দেশনাকো মাজুলীৰ শিক্ষকে অমান্য কৰাৰ অভিযোগ

মাজুলীত শিক্ষামন্ত্ৰীৰ নিৰ্দেশনাক চূড়ান্ত ভেঙুচালি শিক্ষকৰ । প্ৰাতঃসভাতে উপস্থিত নাথাকে মাজুলীৰ এখন বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী(Teachers absence in Majuli) । ভকতিদুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চলিছে চৰম অৰাজকতা ।

Congress leader suicide : চিপ লোৱা অৱস্থাত উদ্ধাৰ APCC-ৰ উপ সভাপতি ৰাজু শৰ্মাৰ মৃতদেহ

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ উপ সভাপতি ৰাজু শৰ্মাৰ আত্মহনন ৷ নৱগ্ৰহ মন্দিৰৰ দেৱালত চিপ লোৱা অৱস্থাত উদ্ধাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ উপ সভাপতি ৰাজু শৰ্মাৰ মৃতদেহ (APCC VP Raju Sharma suicide in Guwahati) ৷

Assam assembly winter session: পাঁচদিনীয়া কাৰ্যসূচীৰে আজিৰে পৰা অসম বিধানসভাৰ শীতকালীন অধিৱেশন

আজিৰে পৰা আৰম্ভ হ’ল অসম বিধানসভাৰ শীতকালীন অধিৱেশন (Assam assembly winter session) ৷ 12 খনকৈ বিধেয়ক উত্থাপন কৰা‌ হ’ব শীতকালীন অধিৱেশনত ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.