7 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Sep 14, 2022, 7:01 PM IST

top-10-at-7pm

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

গোৱা কংগ্ৰেছৰ আঠগৰাকী বিধায়কৰ বিজেপিত যোগদান

আগন্তুক গুজৰাট আৰু হিমাচল প্ৰদেশ বিধানসভা নিৰ্বাচনৰ কেইমাহমান পূৰ্বে প্ৰবীণ নেতাৰ দল ত্য়াগেও দিশহাৰা কৰিছে কংগ্ৰেছক । ৰাহুল গান্ধীৰ নেতৃত্বত ভাৰত জোড়ো যাত্ৰাৰ মাজতেই দলটোৰ বাবে আন এক মোক্ষম আঘাত । প্ৰাক্তন মুখ্যমন্ত্ৰী দিগম্বৰ কামাত আৰু বিৰোধী দলৰ নেতা মাইকেল লোবোকে(Goa Leader of Opposition Michael Lobo)ধৰি গোৱা কংগ্ৰেছৰ আঠগৰাকী বিধায়কে বুধবাৰে গোৱাত যোগদান কৰে বিজেপিত ।

অখিল গগৈৰ বিৰুদ্ধে কিয় সৰৱ হ'ল ৰূপজ্যোতি কুৰ্মী

ৰ'দে বৰষুণে কাম কৰা জবকাৰ্ডৰ শ্ৰমিক সকলক উৎসাহ জনোৱাৰ বিপৰীতে অখিল গগৈয়ে তেওঁলোকক অপমান কৰিছে । অখিল গগৈৰ এনে অপমান সহ্য কৰা নহ'ব বুলি সকীয়াই দিয়ে ৰূপজ্যোতি কুৰ্মীয়ে । তেওঁ কয় যে বাৰে বাৰে বিধানসভাত অপমানসূচক মন্তব্য কৰি অসমবাসীক অপমান কৰিছে অখিল গগৈয়ে ।

তেজপুৰত তৃতীয় লিঙ্গ সন্দৰ্ভত সজাগতা কাৰ্যসূচী

এগৰাকী ভুক্তভোগী তৃতীয় লিংগই আজি সংবাদ মাধ্যমৰ আগত কয় যে সমাজত চলিবলৈ এটা সংস্থাপনৰ প্ৰয়োজন আছে আৰু যিটো তেওঁলোকে বিচাৰিলেও সমাজ ব্যৱস্থাই অনুমতি প্ৰদান নকৰে (problems of transgenders) ।

দিল্লীৰ চিলামপুৰত গ্ৰেপ্তাৰ শিশু যৌন নিৰ্যাতনকাৰী

চৰকাৰ তথা বিভিন্ন সংগঠনে ব্য়াপক সজাগতা সৃষ্টিৰ পিছতো দেশত হ্ৰাস পোৱা নাই শিশু আৰু নাৰী নিৰ্যাতনৰ ঘটনা । দেশৰ আন ৰাজ্য়ৰ লগতে দিল্লীতো পুনৰ বৃদ্ধি পাব ধৰিছে এনে ঘটনা । ইয়াৰ মাজতেই উত্তৰ-পূব দিল্লী অঞ্চলৰ চিলামপুৰত সংঘটিত হৈছে এক শিশুক যৌন নিৰ্যাতন চলোৱাৰ(minor girl sexually assaulted Delhi)ঘটনা ।

কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয় উদ্বোধন মুখ্যমন্ত্ৰীৰ

১৯৫৮ চনতে স্থাপন হোৱা স্বাস্থ‍্যকেন্দ্ৰটো মুঠ ১৬ কোটি ২৫ লাখ টকাৰ ব‍্যয় সাপেক্ষে উন্নীত কৰা হৈছে । যিখন চিকিৎসালয়ে কলিয়াবৰৰ দীৰ্ঘদিনীয়া অভাৱ পূৰণ কৰিব ।

ৰাণী এলিজাবেথৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত থাকিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মু

ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে ১৭ ৰ পৰা ১৯ ছেপ্টেম্বৰৰ ভিতৰত লণ্ডন ভ্ৰমণ কৰি ৰাণী দ্বিতীয় এলিজাবেথৰ ৰাষ্ট্ৰীয় অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰিব আৰু ভাৰত চৰকাৰৰ হৈ সমবেদনা জ্ঞাপন কৰিব (President Murmu to attend Queen Elizabeth funeral) ।

উৰণীয়া সেঁতুৰ নিৰ্মাণৰ কাম লেহেমীয়া হোৱাত ক্ষুব্ধ নলবাৰীৰ ৰাইজ

চাৰি বছৰে সম্পূৰ্ণ নহ'ল নলবাৰীত নিৰ্মাণ কৰি থকা উৰণীয়া সেঁতুখন (Flyover not completed in Nalbari)। ফলত নিৰ্মীয়মান অলস্থাত খতা উৰণীয়া সেঁতুখনৰ বাবে সেই স্থানত দৈনিক সৃষ্ট যান-জঁটত অতিষ্ঠ হৈ পৰিছে নলবৰীয়া ৰাইজ । নলবাৰীৰ হৰিমন্দিৰৰ পৰা ধমধমা বাছ ষ্টেণ্ডলৈ নিৰ্মাণৰত অৱস্থাত থকা উৰণীয়া সেঁতুখনৰ কাম-কাজ লেহেমীয়া গতিত চলি থকাৰ অভিযোগত অনুস্থিত কৰা হৈছে ৰাজহুৱা সভা ।

লাহে লাহে উন্মোচন হৈছে জলসম্পদ বিভাগৰ নিযুক্তি কেলেংকাৰীৰ তথ্য

জলসম্পদ বিভাগৰ নিযুক্তি কেলেংকাৰী সন্দৰ্ভত আৰক্ষীয়ে অভিযান চলাই ইজনৰ পাছত সিজনক গ্ৰেপ্তাৰ কৰিছে (Broker arrested by Dispur Police)। এইবাৰ সংশ্লিষ্ট বিভাগটোৰ চতুৰ্থবৰ্গৰ কৰ্মচাৰী আৰু এজন সাংবাদিক গ্ৰেপ্তাৰ । দালাল চক্ৰৰ লগত এই দুয়োজনে প্ৰত্যক্ষভাৱে জড়িত থকাৰ অভিযোগ আৰক্ষীৰ ।

নিযুক্তি কেলেংকাৰীক লৈ সৰৱ জাতীয় যুৱ বাহিনী

লখিমপুৰ মেডিকেল কলেজৰ নিযুক্তি কেলেংকাৰীক লৈ সৰৱ ৰাইজৰ দলৰ ভাতৃ সংগঠন জাতীয় যুৱ বাহিনী (Lakhimpur Medical College recruitment scam)। বুধবাৰে মহানগৰীৰ মঠ ঘৰীয়াস্থিত ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত এক সংবাদ মেল সংম্বোধন কৰি জাতীয় যুৱ বাহিনীৰ সভাপতি লক্ষ্য জ্যোতি গগৈয়ে অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ নিযুক্তি পৰীক্ষাত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে ।

বাংলাদেশৰে railway link সম্পূৰ্ণ কৰাত গুৰুত্ব

ধৰ্মনগৰৰ পৰা আগৰতলা হৈ ত্ৰিপুৰাৰ বেলোনিয়ালৈ দ্বৈত লেন ট্ৰেক নিৰ্মাণৰ বাবে প্ৰয়োজনীয় জৰীপৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে । ইয়াৰ অনুমোদনৰ বাবে ৰে'লৱে ব'ৰ্ডলৈ প্ৰেৰণ কৰা হৈছে সবিশেষ । ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃমানিক সাহা(Tripura Chief Minister Dr Manik Saha) আৰু উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ জেনেৰেল মেনেজাৰৰ মাজত অনুষ্ঠিত এক বৈঠকৰ অন্তত এই তথ্য সদৰি কৰা হৈছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.