সন্ধিয়া 7 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Aug 31, 2022, 7:00 PM IST

TOP 10 AT 7PM

সন্ধিয়া 7 বজাৰ শীৰ্ষ 10 টা বাতৰি

ছোনিয়া গান্ধীৰ মাতৃ পাওলা মাইন’ৰ দেহাৱসান

ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভানেত্ৰী ছোনিয়া গান্ধীৰ মাতৃ পাওলা মাইন’ৰ দেহাৱসান ৷

চিকিৎসকে প্ৰসূতিৰ অস্ত্ৰোপচাৰ কৰি পুনৰ গৰ্ভত ভৰাই থ’লে সন্তান

প্ৰসূতিৰ পেটত থকা শিশু আকাৰত হৈ সৰু থকাৰ বাবেই অপাৰেশ্যন কৰি উলিয়াই আনি আকৌ পেটত থৈ দিলে চিকিৎসকে । কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত সংঘটিত হৈছে এই ঘটনা (Tense situation in Karimganj) ৷

এন এছ চি এন আই এমে চুব নিদিয়ে নগালেণ্ডৰ সীমা

কেইবাটাও দশক ধৰি অব্যাহত থকা উত্তৰ-পূবৰ ৰাজ্যসমূহৰ মাজত সীমা সংঘাতৰ সমাধানৰ বাবে অসম চৰকাৰে বিশেষ তৎপৰতা লৈছে(Border dispute with Assam)। কিন্তু এই তৎপৰতাই সমস্যা সমাধানৰ দিশত অঞ্চলটোক কিমান আগবঢ়াই নিব সেয়া এতিয়াও অঞ্চলবাসীৰ বাবে ডাঙৰ প্ৰশ্ন ।

সৌন্দৰ্যবৰ্দ্ধনত আৰু এখোজ নগাঁও চহৰৰ

সৌন্দৰ্যবৰ্দ্ধনত আৰু এখোজ আগবাঢ়িল নগাঁও চহৰ । অমৃত কানন, ক্লক টাৱাৰৰ পাছত বুধবাৰে নগাঁও চহৰত মুকলি হ'ল তিনিখনকৈ আটকধুনীয়া উদ্যান । দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা উদ্যান তিনিখন প্ৰায় চাৰিকোটি টকা ব্যয়সাপেক্ষে পুনঃনিৰ্মাণ কৰা হৈছে ৷ উদ্যানকেইখন উদ্ধোধন কৰে নগৰ উন্নয়ন মন্ত্ৰী অশোক সিংঘালে(Ashok Singhal inaugurate 3 Parks in Nagaon) ।

হোৱাটচএপ বাৰ্তাক লৈ অসন্তুষ্টি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ

বিনিয়োগকাৰীলৈ সতৰ্কবানী উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ(Supreme Court judge warns investors) । বিনিয়োগকাৰীসকলৰ পৰা অহা এটা হোৱাটচএপ বাৰ্তাক লৈ অসন্তুষ্টি প্ৰকাশ কৰে ন্যায়াধীশগৰাকীয়ে(SC judge unhappy over WhatsApp message) ।

শিশু নিৰ্যাতনত অভিযুক্ত ধেমাজিৰ ভাৰপ্ৰাপ্ত আবকাৰী অধীক্ষকক ক্ৰাইম ব্ৰান্সত জেৰা

ধেমাজি জিলাৰ আবকাৰী বিভাগৰ ভাৰপ্ৰাপ্ত আবকাৰী অধীক্ষক প্ৰীতম বৰুৱাক ক্ৰাইম ব্ৰান্সত জেৰা (excise officer interrogated in crime branch)। বুধবাৰে আদালতত হাজিৰ কৰাব বিষয়াগৰাকীক । প্ৰীতম বৰুৱাৰ বিৰুদ্ধে শিশু নিৰ্যাতন চলোৱাৰ অভিযোগ (excise officer accused of child abuse) ।

ন্যূনতম মদ্যপানেও প্ৰভাৱ পেলায় মগজু আৰু জ্ঞানেন্দ্ৰিয়ৰ কাৰ্যক্ষমতাত

আপুনি নিতৌ মদ্যপান কৰে নেকি ? যদি কৰে তেন্তে এই প্ৰতিবেদন আপোনাৰ বাবে ৷ এক অধ্যয়নত এই তথ্য প্ৰকাশ পাইছে যে, প্ৰতি সপ্তাহত সাত বা তাতকৈ অধিক ইউনিট মদ্যপান কৰিলে মগজু আৰু জ্ঞানশক্তি আদিৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে(Even moderate drinking linked to brain changes) ।

অনুশাসন ভংগৰ অভিযোগত আলফা সদস্যক মৃত্যুদণ্ড

প্ৰেছ বিবৃতিটোত আলফাই প্ৰকাশ কৰিছে, "সদস্যগৰাকীক সংগঠনে সৰলতাপূৰ্ণ, অকৃত্ৰিম মানৱীয় দৃষ্টিৰে আত্মসংশোধনৰ বাবে আগবঢ়োৱা সুৱৰ্ণ সুযোগক বাৰম্বাৰ ভেঙুচালি কৰা আৰু ব্যক্তিগত পৰিচয়-পত্ৰত (Biodata) ভুৱা তথ্যাৱলী সন্নিৱিষ্ট কৰি সংগঠনক বিপথে পৰিচালিত কৰিব বিচৰা কাৰ্য সশস্ত্ৰ জাতীয় মুক্তি বিপ্লৱৰ মহান স্বাৰ্থৰ পৰিপন্থী ।

ভাৰ্ছুৱেলী আদালতত হ'ব লাগিব হাজিৰ পাৰ্থ আৰু অৰ্পিতা

আদালতত হাজিৰ কৰোৱা হ'ব পশ্চিমবংগৰ শিক্ষক নিযুক্তিৰ মূল অভিযুক্ত প্ৰাক্তন মন্ত্ৰী পাৰ্থ চেটাৰ্জী আৰু তেওঁৰ সহযোগী অৰ্পিতা মুখাৰ্জীক (Partha Arpita to be produced in court)। যোৱা ২৮ দিন ধৰি কাৰাগাৰতে আছে দুয়োগৰাকী । এই শুনানি গুগল মিট বা জুম কলৰ জৰিয়তে সম্পূৰ্ণ কৰা হ'ব ।

Jacqueline Fernandez news 12 ছেপ্তেম্বৰত উপস্থিত থাকিবলৈ জেকলিনলৈ দিল্লী আৰক্ষীৰ চমন

সোধপোছ কৰাৰ বাবে 12 ছেপ্টেম্বৰত দিল্লী আৰক্ষীৰ সন্মুখত হাজিৰ হ’বলৈ বলীউড অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজলৈ চমন জাৰি কৰিছে দিল্লী আৰক্ষীয়ে (Delhi Police summons Jacqueline Fernandez) ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.