7 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Dec 18, 2022, 7:02 PM IST

7 বজাৰ 10 টা শীৰ্ষ বাতৰি

7 বজাৰ 10 টা শীৰ্ষ বাতৰি

PM Modi in Meghalaya: উত্তৰ-পূৱত এতিয়া AFSPA ৰ প্ৰয়োজন নাই: প্ৰধানমন্ত্ৰী

"যোৱা ৮ বছৰত কেইবাটাও উগ্ৰপন্থী সংগঠনে হিংসাৰ পথ এৰি শান্তিৰ পথ অনুসৰণ কৰিছে (Numerous NE rebel groups came to peace talks) । ৰাজ্য চৰকাৰসমূহৰ সমন্বয়ত উত্তৰ-পূৰ্বাঞ্চলত ধাৰাবাহিকভাৱে পৰিস্থিতিৰ উন্নতি ঘটিছে ৷ যাৰ বাবে আফছপাৰ (AFSPA) এতিয়া কোনো প্ৰয়োজন নাই (AFSPA in NE India)৷" দেওবাৰে শ্বিলঙত এইদৰে ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে ৷

Price hike in Assam : মূল্যবৃ্দ্ধিত কোঙা হৈছে ৰাজ্যৰ সৰ্বসাধাৰণ লোক

হোৰাহোৰে বৃদ্ধি পাইছে ঔষধ, শিশুৰ খাদ্য সামগ্ৰীৰ লগতে নিৰ্মাণৰত সামগ্ৰীৰ দাম (Rising prices of daily uses products) ৷ কোঙা হৈছে ৰাজ্যৰ সৰ্বসাধাৰণ লোক ৷ ইমানৰ পিচতো গুৰুত্ব নাই চৰকাৰৰ । এই অভিযোগ সৰ্বসাধাৰণ ৰাইজৰ ৷

Advantage Assam: ঔদ্যোগিক পৰিৱেশ গঢ়াত চূড়ান্তভাৱে ব্যৰ্থ হৈছে বিজেপি চৰকাৰ

সংস্থাপন বিচাৰি বহিঃৰাজ্যলৈ গৈছে লাখ লাখ যুৱক-যুৱতী (youth went abroad in search of employment) । পানীত পৰিল ‘এডভান্টেজ আছাম’ৰ নামত ব্যয় কৰা ৰাজকোষৰ কোটি কোটি টকা । চৰকাৰী পৰিকল্পনাৰ অভাৱতে গঠন নহ'ল সম্পদভিত্তিক উদ্যোগ । ঔদ্যোগিক পৰিমণ্ডল গঢ়াত ব্যৰ্থতাৰ বাবেই সংস্থাপন বিচাৰি বহিঃৰাজ্যলৈ গৈছে লাখ লাখ যুৱক-যুৱতী । ৰাজ্যিক উদ্ভাৱন আৰু ৰূপান্তৰ আয়োগৰ (State Innovation and Transformation Commission) প্রতিবেদনত উন্মোচিত ৰাজ্যৰ নিবনুৱাৰ সংস্থাপন আৰু ঔদ্যোগিক বিকাশৰ প্ৰকৃত স্বৰূপ ।

ETV Bharat news impact : অৱশেষত অসুস্থ ছাত্ৰীৰ চিকিৎসাৰ দায়িত্ব ল'লে শিক্ষকে

প্ৰায় ৬ মাহ পূৰ্বে ডেকাপাম উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষকগৰাকীয়ে প্ৰহাৰ কৰাৰ ফলত অসুস্থ হৈ পৰিছিল ছাত্ৰীগৰাকী (Student brutally tortured by teacher in Jonai)। সামান্য চিকিৎসা কৰাই দায়িত্ব সামৰিছিল শিক্ষকে । সংবাদমাধ্যমত বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছতে অসুস্থ ছাত্ৰীগৰাকীৰ সমস্ত চিকিৎসাৰ দায়িত্ব গ্ৰহণ কৰিলে শিক্ষকগৰাকীয়ে ।

Bongaigaon Sahitya Sabha: ৰোহিনী কুমাৰ চৌধুৰী বঙাইগাঁও সাহিত্য সভাৰ নতুন সভাপতি

অসম অসামৰিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া ৰোহিনী কুমাৰ চৌধুৰী নিৰ্বাচিত হ’ল বঙাইগাঁও জিলা সাহিত্য সভাৰ সভাপতি হিচাপে ৷ লগতে, উপ-সভাপতি আৰু সম্পাদক হিচাপে ক্ৰমে ভৱেশ্বৰ ৰাভা আৰু মনোৰঞ্জন দাস বিনা প্ৰতিদ্বন্দ্বিতাৰে নিবাৰ্চিত হয় ৷

Firing in Baksa forest: বনগাঁও বনাঞ্চলত বনকৰ্মীৰ গুলীত গুৰুতৰভাৱে আহত খৰিকটীয়া

বাক্সা জিলাৰ অন্তৰ্গত বাটাবাৰী বন সংমণ্ডলৰ অন্তৰ্গত বনগাঁও বনাঞ্চলত (Bangaon forest area in Baksa) শনিবাৰে গছ কটাৰ অপৰাধত তিনিজন লোকক আটক কৰে বনৰক্ষীয়ে ৷ কিন্তু এজন লোকে পলাবলৈ চেষ্টা কৰাত বন বিভাগৰ লোকে গুলীচালনা কৰে (Firing at Bangaon forest) ৷ বনকৰ্মীৰ গুলীত নিৰ্মল বসুমতাৰী নামৰ লোকজন গুৰুতৰভাৱে আহত হয় (woodcutter injured in firing)৷

AASAA protest : চাহ শ্ৰমিকৰ প্ৰতিবাদত উত্তাল মৈজঙ্গা চাহ বাগিচা

প্ৰতিবাদকাৰীৰ বিভিন্ন দাবীৰে উত্তাল হ'ল গোৱালপাৰাৰ মৈজঙ্গা চাহ বাগিচা (Tea worker protest at Maijonga Tea Estate)। বাগিচাৰ ভিতৰত আদৰ্শ বিদ্যালয় স্থাপনৰ দাবীত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিবাদ । বিভিন্ন দাবীৰে বাগিচাৰ পৰিচালকলৈ এখন স্মাৰক পত্ৰও প্ৰেৰণ প্ৰতিবাদকাৰীৰ ।

Felicitation Program in Barpeta: বৰপেটাত গুণীন্দ্ৰ নাথ ওজা-গুৰুপ্ৰসাদ ওজাক সম্বৰ্ধনা

সংগীত নাটক অকাডেমি বঁটাৰ (Sangeet Natak Akademi) বাবে নিৰ্বাচিত সত্ৰীয়া সংস্কৃতিৰ সাধক গুণীন্দ্ৰ নাথ ওজাক সত্ৰনগৰী বৰপেটাত ৰাজহুৱা অভিনন্দন ৷ বৰপেটা শংকৰদেৱ কলাক্ষেত্ৰই দেওবাৰে সত্ৰীয়া সংস্কৃতিৰ সাধনাৰে জাতিটোক সমৃদ্ধ কৰা গুণীন্দ্ৰ নাথ ওজাক ৰাজহুৱা অভিনন্দন জ্ঞাপন কৰে (Sangeet Natak Akademi awardee of Barpeta) ৷

Sangeetshree Prabhat Sarma award 2022: উদীয়মান দুই শিল্পীক সঙ্গীতশ্ৰী প্ৰভাত শৰ্মা উদগনি বঁটা প্ৰদান

গ্ৰন্থ প্ৰকাশক গোষ্ঠী 'চিত্ৰাচল' গুৱাহাটীৰ উদ্যোগত আৰু 'মুখা'ৰ সহযোগত বৰপেটাত সঙ্গীতশ্রী প্রভাত শৰ্মা উদগনি বঁটা প্রদান অনুষ্ঠানৰ আয়োজন কৰা হয় (Chitrachal Sangeetshree Prabhat Sarma award) ৷ অনুষ্ঠানত লোকনৃত্য আৰু লোকবাদ্য শিল্পী নুপুৰ মেধি আৰু ৰাভা লোক সংগীতৰ শিল্পী বৰষা ৰাভাক এই বঁটা প্ৰদান কৰা হয় ।

Srimanta Sankardeva Sangha: শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যোৰহাট জিলাৰ বাৰ্ষিক অধিৱেশনৰ লাইখুঁটা স্থাপন

যোৰহাটত ৩ দিনীয়াকৈ অনুষ্ঠিত হ’ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যোৰহাট জিলাৰ ৬৮ সংখ্যক বাৰ্ষিক অধিবেশন । ৩ ফেব্ৰুৱাৰীৰ পৰা উত্তৰ পশ্চিম যোৰহাট আঞ্চলিকৰ আতিথ্যত অনুষ্ঠিত হ’ব লগা অধিবেশনখনিৰ আজি স্থাপন কৰা হয় লাইখুঁটা । ঐতিহাসিক দেউৰীপথাৰৰ শুদা কৃষ্ণ যজ্ঞোৰাম ৰাম বৰা সমন্বয় ক্ষেত্ৰত লাইখুঁটা স্থাপন কৰে সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈয়ে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.