7 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Dec 16, 2022, 7:01 PM IST

7 বজাৰ 10 টা শীৰ্ষ বাতৰি

7 বজাৰ 10 টা শীৰ্ষ বাতৰি

Boat Accident at Laharighat: লাহৰিঘাটৰ নাও দুৰ্ঘটনাত একেটা পৰিয়ালৰ তিনিগৰাকীৰ মৃত্যু

মৰিগাঁৱৰ লাহৰীঘাটত ভয়ংকৰ নাও দুৰ্ঘটনা ৷ ব্ৰহ্মপুত্ৰত নাও ডুবি একেটা পৰিয়ালৰে তিনিজন লোকৰ মৃত্যু (Boat accident at Laharighat)৷

RS MP Ranjan Gogoi:পুনৰ চৰ্চাত ৰঞ্জন গগৈ: ৰাজ্যসভাত তেনেই কম উপস্থিতিৰ হাৰ, সোধা নাই এটাও প্ৰশ্ন

মৌনীবুদ্ধ হৈ পৰিছে ৰাজ্যসভাৰ সাংসদ ৰঞ্জন গগৈ ৷ 2020 ৰ মাৰ্চ মাহৰ পৰা 2022 ৰ ডিচেম্বৰ মাহলৈ সদনত দুই-এদিনহে উপস্থিত থকা দেখিবলৈ পোৱা গৈছে ৰঞ্জন গগৈক ৷ পি আৰ এছ লেজিষ্টেটিভ ৰিচাৰ্ছৰ এক প্ৰতিবেদনত দাঙি ধৰা হৈছে ৰাজ্যসভাৰ সাংসদ হিচাপে ৰঞ্জন গগৈৰ ব্যৰ্থতাৰ ছবিখন ৷

Assam Youth Congress Election : ঘোষণা হ’ল প্ৰদেশ যুৱ কংগ্ৰেছৰ সাংগঠনিক নিৰ্বাচন

সংবাদমেলত প্ৰদেশ যুৱ কংগ্ৰেছৰ তত্বাৱধায়ক বৰ্ধন যাদৱ । নিৰ্বাচনী প্ৰক্ৰিয়া ঘোষণাৰ লগে লগে ভংগ হ’ল প্ৰদেশ যুৱ কংগ্ৰেছৰ বৰ্তমানৰ কমিটীখন । নতুন সভাপতি নিৰ্বাচিত নোহোৱা পৰ্যন্ত অংকিতা দত্ত সভানেত্ৰীৰ দায়িত্বতে থাকিব । ১৮ ডিচেম্বৰৰ পৰা ২৭ ডিচেম্বৰলৈ অনলাইন যোগে প্ৰাৰ্থীসকলে দাখিল কৰিব পাৰিব মনোনয়ন । ২৮ ডিচেম্বৰত মনোনয়ন পত্ৰ পৰীক্ষণ কৰি ২৯ ডিচেম্বৰত প্ৰকাশ কৰা হ’ব চূড়ান্ত প্ৰাৰ্থী তালিকা । ৪ জানুৱাৰীৰ পৰা ৩ ফেব্ৰুৱাৰীলৈ ৰাজ্যজুৰি যুৱ কংগ্ৰেছৰ সদস্যভৰ্তি অভিযান । নতুন সদস্যই অনলাইন যোগে পচন্দৰ প্ৰাৰ্থীক দিব পাৰিব সমৰ্থন ।

Assam IYC President Angkita Dutta: ৰাজীৱ ভৱনত সংবাদমেল দিবলৈ চোৰ-ডকাইত আহিছে: অংকিতা দত্ত

প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি পদৰ পৰা অংকিতা দত্তক অপসাৰণ কৰা প্ৰসংগক লৈ অব্যাহত আছে প্ৰতিক্ৰিয়া । ক্ষোভ উজাৰিলে অংকিতা দত্তই (Youth Congress President Angkita Dutta)। আমাক অন্ধকাৰত ৰাখি এই কাম কিয় কৰা হৈছে বুলি প্ৰশ্ন কৰি তেওঁ কয় যে, আমাৰ মান-সন্মান নাই নেকি ?

Funeral of Shivanath Barman: নৱগ্ৰহ শ্মশানত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ’ল ড৹ শিৱনাথ বৰ্মনৰ

সকলোকে কন্দুৱাই এক অজান পৃথিৱীলৈ গ’লগৈ বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক, সাংবাদিক ড৹ শিৱনাথ বৰ্মন ৷ বৃহস্পতিবাৰে গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট সাহিত্যিক তথা সাংবাদিকগৰাকীয়ে (Shivanath barman Passes away) ৷ শুকুৰবাৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ’ল বিশিষ্ট সাহিত্যিক তথা সাংবাদিক ড৹ বৰ্মনৰ (Funeral of Shivanath Barman) ৷

Vultures Going to Extinction: গুজৰাটত বিলুপ্তিৰ পথত শগুন

শগুন হৈছে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা আৰু পৰিৱেশ পৰিষ্কাৰকৰণৰ মুখ্য সহায়ক । শগুনৰ সংখ্যা হ্ৰাস হোৱাৰ মুখ্য কাৰণ হৈছে ঔদ্যোগিকৰণ আৰু তাৰ বাসস্থানত মানুহৰ হস্তক্ষেপ (Vultures on verge of extinction in Gujarat) ।

Assam IYC President Angkita Dutta: ৰাজীৱ ভৱনত সংবাদমেল দিবলৈ চোৰ-ডকাইত আহিছে: অংকিতা দত্ত

প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি পদৰ পৰা অংকিতা দত্তক অপসাৰণ কৰা প্ৰসংগক লৈ অব্যাহত আছে প্ৰতিক্ৰিয়া । ক্ষোভ উজাৰিলে অংকিতা দত্তই (Youth Congress President Angkita Dutta)। আমাক অন্ধকাৰত ৰাখি এই কাম কিয় কৰা হৈছে বুলি প্ৰশ্ন কৰি তেওঁ কয় যে, আমাৰ মান-সন্মান নাই নেকি ?

Govt Employee Attack at Barpeta Road: বিষয়া-কৰ্মচাৰীক আক্ৰমণ কৰা চাৰি ব্যৱসায়ীক ৰঙাঘৰলৈ প্ৰেৰণ

পলিথিনৰ বিৰুদ্ধে অভিযান চলোৱা স্বচ্ছ ভাৰত অভিযানৰ বিষয়া-কৰ্মচাৰীক ব্যৱসায়ীয়ে আক্ৰমণ কৰা ঘটনাৰ চাঞ্চল্য অব্যাহত আছে বৰপেটাৰোডত (Govt Employee Attack at Barpeta Road)৷ ঘটনাৰ লগতে জড়িত 4 অভিযুক্তক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যদিও আন কেবাজনো অভিযুক্ত পলাতক অৱস্থাত থকা বুলি জানিব পৰা গৈছে ৷

Ankiya Bhaona Samaroh 2022: খাটপথাৰত নৰা কটা পৰ্বত অংশ ল'লে শতাধিক মহিলাই

মাজুলীৰ ঐতিহাসিক খাটপথাৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে অংকীয়া ভাওনা সমাৰোহৰ (Ankiya Bhaona Samaroh 2022 in Majuli)। দেওবাৰে লাইখুঁটা স্থাপনৰ পাছতে শতাধিক মহিলাই নৰা কটা পৰ্বত অংশগ্ৰহণ কৰে ৷ মাজুলীৰ লগতে অসমবাসী ৰাইজক সহযোগিতা কামনা কৰিছে উদ্যোক্তাই ।

Thief terror in Rangia : ৰঙিয়া আৰক্ষীৰ জালত দুটা চিলনী চোৰ

ৰঙিয়া আৰক্ষীৰ জালত পৰিল দুটাকৈ চিলনী চোৰ (Thief arrested in Rangia)। বৃহস্পতিবাৰৰ এক চুৰি কাৰ্যত জড়িত আছিল দুয়োটা চোৰ । ধৃত চোৰ কেইটা হৈছে ৰঙিয়াৰ পূৱ কণিহাৰ চাইফুল হক আৰু কমলপুৰৰ বামুণগাঁৱৰ পাপু আলী । চোৰ কেইটাৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে ৬ হাজাৰ টকা, মোবাইল ফোন আৰু তিনিখন মটৰ চাইকেল ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.