5 বজাৰ দহটা শীৰ্ষ খবৰ

author img

By

Published : Dec 27, 2022, 5:05 PM IST

top-10-at-5pm

5 বজাৰ দহটা শীৰ্ষ খবৰ

Constituency Delimitation in Assam: আৰম্ভ হ’ল অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়া

অসমত শীঘ্ৰেই আৰম্ভ হ’ব সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া (Constituency Delimitation in Assam)৷ অসমৰ মুখ্য নিৰ্বাচনী বিষয়ালৈ নিৰ্বাচন আয়োগে প্ৰৰণ কৰিছে জাননী ৷

Bhabesh Kalita remarks on Mallikarjun Kharge: ভৱেশ কলিতাক তীব্ৰ সমালোচনা প্ৰদেশ কংগ্ৰেছৰ

ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে সন্দৰ্ভত কৰা অপমানসচূক মন্তব্যক লৈ জাঙুৰ খাই উঠিছে প্ৰদেশ কংগ্ৰেছ (Congress leader slams Bhabesh Kalita)। প্ৰদেশ কংগ্ৰেছৰ সামাজিক মাধ্যম আৰু তথ্য প্ৰযুক্তি বিভাগৰ অধ্যক্ষ ৰাতুল কলিতাই তীব্ৰ সমালোচনা কৰে ভৱেশ কলিতাক । নিম্নৰুচি সম্পন্ন, শালীনতাহীন তথা শিষ্টাচাৰ বিহীন আখ্যা ভৱেশ কলিতাক ।

Manikpur Central Bank Brokers : মাণিকপুৰৰ চেন্ট্ৰেল বেংকত দালালৰ দপদপনি

মাণিকপুৰ চেন্ট্ৰেল বেংকত দালালৰ দপদপনি । বেংক একাউণ্ট লিংক কৰা, KYC আদিৰ নামত গ্ৰাহকৰ পৰা এহাজাৰকৈ ধন সংগ্ৰহ । সাংবাদিকৰ কেমেৰা দেখি পলায়ন দালালৰ (Brokers at central bank branch in Manikpur) ।

Hail storm at Moran : শিলাবৃষ্টিৰ ফলত মৰাণত এজন শ্ৰমিকৰ মৃত্যু, পৰিস্থিতিৰ বুজ ল'লে মন্ত্ৰী মহনে

মঙলবাৰে পুৱাই কাশ্মিৰ-ছিমলালৈ পৰিণত হ’ল ডিব্ৰুগড়ৰ মৰাণ ৷ ৰাজ্যবাসীয়ে কাহানিও নেদেখা এক অস্বাভাৱিক পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হ’ল মৰাণত (Snow cover at Moran)৷ পুৱতি নিশা এই ধুমুহা, শিলাবৃষ্টিৰ ফলত মৰাণ চাহ বাগিচাত এজন শ্ৰমিকৰ মৃত্যু হোৱাৰ তথ্য পোহৰলৈ আহিছে (Man died due to Hail storm at Moran) ৷ নিহত লোকজনৰ নাম নাছিয়া ঘাটোৱাৰ (42) বুলি জানিব পৰা গৈছে ৷

DAC Members Oath Ceremony : তীব্ৰ খামখেয়ালিৰে দেউৰী স্বায়ত্তশাসিত পৰিষদৰ প্ৰতিনিধিৰ শপত গ্ৰহণ

দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নৱনিৰ্বাচিত প্ৰতিনিধিসকলৰ শপত গ্ৰহণ (DAC new elected members take oath) । ফলাফল ঘোষণাৰ ৪৬ দিনৰ পিছত মঙলবাৰে শপত গ্ৰহণ দেউৰী স্বায়ত্তশাসিত পৰিষদৰ পাৰিষদসকলৰ । অমৃতপ্ৰভা দেউৰীয়ে অধ্যক্ষ, ভৈৰৱ দেউৰীয়ে মুখ্য কাৰ্যবাহী সদস্য আৰু ভাস্কৰ দেউৰীয়ে উপ-মুখ্য কাৰ্যবাহী সদস্য হিচাপে শপত গ্ৰহণ কৰে ।

Bomb scare in Delhi IGI Airport : 'এইখন বিমানত বোমা আছে', দিল্লী বিমানবন্দৰত হাহাকাৰ

সোমবাৰে দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত এখন বিমানত বোমা থকাৰ খবৰ পোৱা গৈছিল (Bomb scare in Delhi IGI Airport)। লগে লগে বিমানবন্দৰত বিশৃংখল পৰিৱেশৰ সৃষ্টি হয় । স্পাইচজেটৰ এখন বিমানত বোমা থকাৰ খবৰ পোৱাৰ পাছতে সষ্টম হৈ পৰে বিমানবন্দৰ কৰ্তৃপক্ষ আৰু সুৰক্ষা কৰ্মী ।

Reliance Game Changer: ৰিলায়েন্সৰ 5 কোটিৰ বিশ্বজনীন স্বাস্থ্য বীমা আঁচনি

ৰিলায়েন্স জেনেৰেল ইঞ্চুৰেন্সৰ নতুন বছৰৰ উপহাৰ । যিহেতু সকলোৱে স্বাস্থ্য আৰু বিত্তীয় সুৰক্ষা বিচাৰে । তাৰ পৰিপ্ৰেক্ষিততে ৰিলায়েন্স জেনেৰেল ইঞ্চুৰেন্সে আগবঢ়াইছে এক বিশ্বজনীন অফাৰ । একাধিক লাভালাভেৰে সমগ্ৰ বিশ্বতে বৈধ ৫ কোটি টকাৰ নতুন স্বাস্থ্য বীমা আঁচনি আনিছে ৰিলায়েন্স জেনেৰেল ইঞ্চুৰেন্সে (5 Cr globally valid health cover from Reliance) । আনহাতে, কোৱাণ্ট আৰু এছবিআই মিউচুৱেল ফাণ্ডে বিপদাশংকামুক্ত আঁচনি উলিয়াইছে, যিয়ে চৰকাৰী চিকিউৰিটিত বিনিয়োগ কৰে আৰু সৰ্বাধিক বিত্তীয় সুৰক্ষা নিশ্চিত কৰে ।

Dhemaji farmers problem: ধেমাজিৰ পথাৰত সৰিয়হ ফুলৰ অপৰূপ দৃশ্য, চৰকাৰী সুবিধাৰ পৰা বঞ্চিত কৃষক

ধেমাজিৰ উজনি চিচিটঙাণী পঞ্চায়তৰ টঙানী নৈৰ পাৰত সৰিয়হ ফুলৰ নান্দনিক সৌন্দৰ্য দেখিবলৈ পোৱা গৈছে । চৰকাৰী আঁচনিৰ সুবিধা পোৱা নাই অঞ্চলটোৰ কৃষকে (Dhemaji farmers deprived of government facilities)। উপযুক্ত বজাৰৰ অভাৱত মধ্যভোগীয়ে লাভ কৰিছে কৃষকৰ লাভৰ অংশ ।

Athlete Parmita Das wins medal: বাক্সাৰ এথলীট পাৰমিতা দাসৰ সাফল্য

বাক্সা জিলাৰ বৰমাৰ নিজ জুলুকী গাঁৱৰ বাসিন্দা পাৰমিতা দাসে নীৰৱে চলাই আছে বিশ্বজয়ৰ আখৰা । ইতিমধ্যে ৰাজ্যৰ লগতে দেশৰ বিভিন্ন ঠাইত নিজৰ পাৰদৰ্শিতাৰে উজলিছে পাৰমিতা দাস(Achievment of Athlete Parmita Das) । শেহতীয়াকৈ মেঘালয়ৰ শ্বিলঙত অনুষ্ঠিত নৰ্থ ইষ্ট অলিম্পিক গেমচত পাৰমিতাই এশ মিটাৰ আৰু দুশ মিটাৰ দৌৰত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে । কঠোৰ পৰিশ্ৰম কৰি সম্পূৰ্ণ নিজা উদ্যোগত ২০১২ চনৰ পৰা দৌৰৰ প্ৰতি আকৰ্ষিত হোৱা পাৰমিতাই প্ৰস্তুতি চলাই আহিছে ।

AAMSU protest: কলগাছিয়াত জ্বলিল মুখ্যমন্ত্ৰীৰ পুত্তলিকা

বৰপেটা জিলাৰ কলগাছিয়াত ৰাজ্য চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাই (AAMSU protest at Kalgachia)। সোমবাৰে প্ৰতিবাদকাৰীসকলে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰে (Assam CM effigy burn at Kalgachia)। বৰপেটা জিলা আমছুৰ অভিযোগ চৰকাৰে অমানৱীয়ভাৱে ভূমিহীন লোকক উচ্ছেদ কৰিছে । সোমবাৰে বাঘবৰত চলা উচ্ছেদ অভিযানৰ পাছতে ক্ষুব্ধ হৈ পৰিছে আমছু (Baghbar eviction)।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.