5 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Dec 23, 2022, 5:08 PM IST

5 বজাৰ 10 টা শীৰ্ষ বাতৰি

5 বজাৰ 10 টা শীৰ্ষ বাতৰি

Army truck accident : উত্তৰ ছিকিমৰ পথ দুৰ্ঘটনাত ১৬ গৰাকী জোৱানৰ মৃত্যু

উত্তৰ ছিকিমৰ জেমাত এখন সেনাৰ ট্ৰাক পথ দুৰ্ঘটনাত পতিত হয় । য'ত ভাৰতীয় সেনাৰ ১৬ গৰাকীকৈ বীৰ জোৱান নিহত হোৱাৰ তথ্য পোৱা গৈছে (16 soldier died in road accident in Sikkim)। হেলিকপ্টাৰৰ সহযোগত ৪ গৰাকী আহত সৈনিকক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে ।

First Muslim girl IAF pilot: ভাৰতৰ প্ৰথমগৰাকী মুছলমান মহিলা যুঁজাৰু বিমান পাইলট হ’ল ছানিয়া মিৰ্জা

মিৰ্জাপুৰৰ ছানিয়া মিৰ্জা হ’ল ভাৰতৰ প্ৰথমগৰাকী মুছলমান মহিলা যুঁজাৰু বিমান পাইলট ৷ এটি সাধাৰণ পৰিয়ালত জন্ম হোৱা ছানিয়া মিৰ্জাৰ এই সফলতা এতিয়া দেশজুৰি চৰ্চাত ৷ নিজৰ অধ্যৱসায়ৰ ফলত এই সফলতা অৰ্জন কৰিছে ছানিয়াই ৷ ছানিয়াৰ সফলতাৰ কাহিনীয়ে অনুপ্ৰাণিত কৰিব আপোনাকো ৷

Fishermen captured huge Shankar fish: ৫০ হাজাৰত বিক্ৰী ৩৪০ কিলোৰ এটা মাছ

পশ্চিমবংগৰ দক্ষিণ ২৪ পৰগণাত বৃহস্পতিবাৰে হুগলী নদীত মাছ ধৰাৰ সময়ত মাছমৰীয়াৰ জালত এটা বিশালকায় শংকৰ মাছ ধৰা পৰে(Giant Sankara fish in nets in hooghly River) । মাছমৰীয়াৰ জালত ধৰা পৰা মাছটোৰ ওজন আছিল প্ৰায় ৩৪০ কিলোগ্ৰাম ৷ এই বিশালকায় মাছটো মাছমৰীয়াসকলে বজাৰত প্ৰায় ৫০,০০০ টকাত বিক্ৰী কৰে(Huge Shankar fish captured from Hooghly river) ।

Man died in train collision : মৰাণত ইউ.পি নাগালেণ্ড এক্সপ্ৰেছৰ খুন্দাত নিহত অচিনাক্ত ব্যক্তি

শুকুৰবাৰে চৰাইদেউৰ মৰাণত সংঘটিত হয় এক ৰে’ল দুৰ্ঘটনা (Man died in train collision) ৷ মৰাণত ইউ.পি নাগালেণ্ড এক্সপ্ৰেছৰ খুন্দাত নিহত এজন অচিনাক্ত ব্যক্তি (Man died in train collision at Moran in Charaideu) ৷ বৰ্তমান ব্যক্তিজনৰ মৃতদেহটো জয়সাগৰ চিকিৎসালয়ত ৰখা হৈছে বুলি জানিব পৰা গৈছে ৷

Jorhat Fire Update: অৱশেষত সম্পূৰ্ণৰূপে নিৰ্বাপন হ’ল যোৰহাটৰ জুই

অৱশেষত নিৰ্বাপন হ’ল যোৰটাৰ বিধ্বংসী জুই(Jorhat fire under control) ৷ 30 ঘণ্টাৰ অন্তত সম্পূৰ্ণ ৰূপে জুই নুমুৱাবলৈ সক্ষম হ’ল অগ্নি নিৰ্বাপক বাহিনী ৷ 21 ডিচেম্বৰৰ নিশা মাৰোৱাৰীপট্টিত সূত্ৰপাত হৈছিল এই জুইৰ(Massive Fire in Jorhat) ৷ ভস্মীভূত হৈছিল ব্যৱসায়ীক-প্ৰতিষ্ঠান, বাসগৃহৰ লগতে লক্ষাধিক টকাৰ সম্পত্তি ৷ ঘটনাস্থলীৰ কিছু অংশত ধোঁৱা ওলাই আছে যদিও তাৰ কোনো শংকা নাই বুলি প্ৰকাশ কৰিছে অগ্নি নিৰ্বাপক বাহিনীৰ বিষয়াই ৷

Protest against pig smuggling : গাহৰি চিণ্ডিকেটৰ বিৰুদ্ধে আমগুৰিত জাতীয় সংগঠনৰ প্ৰতিবাদ

গাহৰি চিণ্ডিকেট চক্ৰৰ বিৰুদ্ধে আমগুৰিত সদৌ টাই আহোম ছাত্ৰ সন্থা, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু টাই আহোম যুৱ পৰিষদৰ প্ৰতিবাদ (Protest against pig smuggling)। আৰক্ষীৰ ভূমিকাক লৈ অসন্তুষ্ট সংগঠনসমূহ । আমগুৰি থানা ঘেৰাও কৰিলে সংগঠনকেইটাই ।

Merapani boy missing : এটা চিগাৰেটে কাল হ'ল নেকি মেৰাপানীৰ ৰঞ্জনৰ ?

কামৰ সন্ধানত বেংগালুৰুলৈ যোৱা মেৰাপানীৰ ৰঞ্জন গগৈ বিগত এমাহ ধৰি নিৰুদ্দেশ হৈ আছে (Merapani boy missing from Bengaluru)। ৰাজহুৱা স্থানত চিগাৰেট সেৱন কৰাৰ অপৰাধত বেংগালুৰুৰ ৰে'ল আৰক্ষীয়ে আটক কৰিছিল ৰঞ্জনক । ৰে'ল আৰক্ষী থানাৰ পৰা পলায়ন কৰিছিল যুৱকজনে । তেতিয়াৰে পৰা কোনো সন্ধান নাই যুৱকজনৰ ।

Negligence in construction of express highway : জোনাইত মুখ্যমন্ত্ৰীৰ ভূমি পূজনৰ পূৰ্বেই ৰাইজৰ প্ৰতিবাদ

অসম চৰকাৰে ব্ৰহ্মপুত্ৰ নদীৰ দুয়োপাৰে এক্সপ্ৰেছ হাইৱে নিৰ্মাণ কৰিব বুলি ঘোষণা কৰিছিল (Express highway on both sides of Brahmaputra river)। কথা মতে ইতিমধ্যে বিভিন্ন স্থানত কাম আৰম্ভ হৈছে । যোৱা ২২ আগষ্টত জোনাই, ধেমাজি, ঢখুৱাখানা আৰু মাজুলীৰ বহু প্ৰত্যাশিত ব্ৰহ্মপুত্ৰ নদীৰ মথাউৰিৰ ওপৰত অসম চৰকাৰৰ দ্বাৰা অনুমোদিত আঁচনিৰ অধীনত সোণাৰি গাঁৱৰ পৰা দিজমুৰ গাঁৱলৈ যোৱা মথাউৰিত এক্সপ্ৰেছ হাইৱে নিৰ্মাণৰ কাম শুভাৰম্ভ কৰা হৈছিল ৷

Preparation for Bhugali Utsav: লেৰেলা পথাৰত ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি

টিংখাঙৰ গেৰেকণি পথাৰত উৎসৱমুখৰ পৰিৱেশ । আঘোণৰ সোণোৱালী শস্য চপোৱাৰ পাছতেই এতিয়া গাঁৱৰ কৃষক ৰাইজ সাজু হৈছে ভোগালী উৎসৱ উদযাপন কৰিবলৈ(Preparing to embrace Bhogali Bihu) । হাতত কাঁচি লৈ শ-শ পুৰুষ-মহিলা ওলাই আহিছে পথাৰত নৰা কাটিবলৈ । মহিলাসকলে যদি নৰা কাটিছে, পুৰুষসকল ব্যস্ত হৈ পৰিছে ভেলাঘৰ বনোৱাত ।

Revolver recovered in Kokrajhar: কোকৰাঝাৰ চহৰৰ মাজমজিয়াত গুলীভৰ্তি ৰিভলভাৰ উদ্ধাৰ

গুলীভৰ্তি ৰিভলভাৰ উদ্ধাৰৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে কোকৰাঝাৰত । কোকৰাঝাৰ চহৰৰ মাজমজিয়াৰ অভাৰ ব্ৰীজৰ তলতে থকা এটা ৰাজহুৱা প্ৰসাৱগাৰৰ সন্মুখত থকা খৰিৰ দমৰ মাজৰ পৰা বৃহস্পতিবাৰে নিশা এটা গুলীভৰ্তি ৰিভলভাৰ উদ্ধাৰ কৰে আৰক্ষীয়ে(Revolver recovered with bullet in Kokrajhar) ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.