3 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Dec 18, 2022, 3:01 PM IST

top-10-at-3pm

3 বজাৰ 10 টা শীৰ্ষ বাতৰি

Dead body exchange: মহিলাৰ পৰিবৰ্তে পুৰুষৰ মৃতদেহ পালেগৈ ঘৰ

দৰং জিলাৰ মঙলদৈৰ ভকতপাৰাত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে (Dead body exchange) ৷ মহিলাৰ পৰিৱৰ্তে পুৰুষৰ মৃতদেহ পালেগৈ ঘৰ (Dead body exchange) ৷

FIFA World cup final : অন্তিম যুঁজত আৰ্জেণ্টিনা বনাম ফ্ৰান্স !

বিশ্বকাপ ফুটবলৰ ফাইনেল উপভোগ কৰিবলৈ সাজু হৈছে বিশ্ববাসী (Argentina vs France)। ঐতিহাসিক খেলখনত মেছিৰ আৰ্জেণ্টিনা মুখামুখি হ'ব ফ্ৰান্সৰ । বিশ্বকাপ ফুটবলত দুয়োটা দলৰ ইতিহাস কেনে ?

Traditional fish haunting in Majuli : মাজুলীত হেজাৰ হেজাৰ গঞাৰ সমূহীয়া মৎস্য চিকাৰ

মাজুলীৰ গঞাৰ মৎস্য চিকাৰ ৷ চিতাদাৰৰ দলঙা বিলত জাকিমাৰি নামিল গঞা ৷ অন্যহাতে বিদেশী পৰ্যটকে উপভোগ কৰিলে মৎস্য চিকাৰৰ দৃশ্য ৷ চিতাদাৰ চুকৰ দলঙা বিলত হাতে হাতে মোৱা, পুঠি, খলিহনা, কাৱৈ,বৰালি ,শ’লমাছ লৈ উথপথপ মন গঞাৰ (Traditional fish haunting in Majuli)৷

Rape case in Guwahati : মহানগৰীত ধৰ্ষণৰ বলি ১৮ বছৰীয়া যুৱতী, অভিযুক্ত ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ

মহানগৰীত চাঞ্চল্যকৰ ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে (Rape case in Guwahati)। কাম দিয়াৰ প্ৰলোভন দি দুই যুৱকে ধৰ্ষণ কৰে এগৰাকী ১৮ বছৰীয়া যুৱতীগৰাকীক । বশিষ্ঠ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত ধৰ্ষণকাৰী আমিৰুল ইছলাম আৰু আবু আব্দুল্লাহক ।

Men Elephant conflict: বন্যহস্তীৰ আক্ৰমণত এজন লোকৰ মৃত্যু

গোৱালপাৰাৰ লক্ষীপুৰৰ ঘটনাৰ উত্তেজনা মাৰ নাযাওঁতেই এইবাৰ চিৰাঙত পুনৰ বন্যহস্তীৰ আক্ৰমণত এজন লোক মৃত্যু হয়(One man died in Wild Elephant attack)৷ মৃত লোকজন ৪ নং ধৰ্মপুৰ নিবাসী ৰবিৰাম বসুমতাৰী(৮২)৷

Sangeetshree Prabhat Sarma award 2022: উদীয়মান দুই শিল্পীক সঙ্গীতশ্ৰী প্ৰভাত শৰ্মা উদগনি বঁটা প্ৰদান

গ্ৰন্থ প্ৰকাশক গোষ্ঠী 'চিত্ৰাচল' গুৱাহাটীৰ উদ্যোগত আৰু 'মুখা'ৰ সহযোগত বৰপেটাত সঙ্গীতশ্রী প্রভাত শৰ্মা উদগনি বঁটা প্রদান অনুষ্ঠানৰ আয়োজন কৰা হয় (Chitrachal Sangeetshree Prabhat Sarma award) ৷ অনুষ্ঠানত লোকনৃত্য আৰু লোকবাদ্য শিল্পী নুপুৰ মেধি আৰু ৰাভা লোক সংগীতৰ শিল্পী বৰষা ৰাভাক এই বঁটা প্ৰদান কৰা হয় । ২০২১ চনত শিল্পী বৰষা ৰাভাই এই বঁটা লাভ কৰিছিল যদিও বঁটা প্ৰদান কৰা হোৱা নাছিল । বিশিষ্ট বাঁহীবাদক প্ৰভাত শৰ্মাৰ স্মৃতিত ২০১৮ চনৰ পৰাই শিল্পীগৰাকীৰ জীৱিত অৱস্থাৰ পৰাই এই বঁটা প্ৰদান কৰি আহিছে চিত্ৰাচলে ।

Pak Minister war threat to India: আমাৰ লগত এট’ম বোমা আছে

শেহতীয়াকৈ ভাৰতে পাকিস্তানৰ বৈদেশিক মন্ত্ৰী বিলাৱাল ভুট্টো জাৰ্দাৰীক (Pakistan Foreign Minister Bilawal Bhutt Zardari) তীব্ৰ সমালোচনা কৰাৰ এদিনৰ পিচতে পাকিস্তান পিপলছ পাৰ্টিৰ নেতা শ্বাজিয়া মাৰিয়ে (Pakistan Peoples Party leader Shazia Marri)ভাৰতক পাৰমাণৱিক যুদ্ধৰ ভাবুকি দিছে ৷

Road accident: আমগুৰিৰ হালোৱাটিঙত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা

নিশা শিৱসাগৰ জিলাৰ আমগুৰিৰ হালোৱাটিঙত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । দুখন মাটি কঢ়িওৱা ডাম্পাৰৰ মুখামুখী সংঘৰ্ষৰ ফলত হোৱা দুৰ্ঘটনাতো প্ৰাণ হেৰুৱাই এজনে(One dead in road accident) ।

Land mafia attacked at Sawkuchi: মহানগৰীত ভূ মাফিয়াৰ প্ৰহাৰত আহত 4

মহানগৰীত ভূ মাফিয়াৰ দৌৰাত্ম্য ৷ সাউকুছিত একেটা পৰিয়ালৰ ৪ জন সদস্যক আক্ৰমণ কৰে মাটিৰ দালালে (Land mafia attacked at Sawkuchi) । মাটিৰ দালালৰ ৪০ জনীয়া এটা দলে প্ৰহাৰ কৰিলে মাটিক মালিকক (land trying to occupied by land mafia)। মধ্যভোগীকেইটাই দীৰ্ঘদিন ধৰি অঞ্চলটোত মাটি দখল কৰি অহাৰ অভিযোগ ভুক্তভোগীৰ (Allegation against land mafia at Sawkuchi) । মাটিৰ দালালৰ প্ৰহাৰত গুৰুতৰভাৱে আহত কেইজন ক্ৰমে জৰুনা খাতুন, আয়েশা আহমেদ, চাজিদা বেগম, আবুবক্কৰ আলী হুছেইন ৷ ইয়াৰে দুগৰাকী মহিলা আৰু দুজন কিশোৰ বুলি জানিবলৈ পোৱা গৈছে (Land mafia attacking people at Guwahati) ৷

Dillip Saikia reaction: সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিলেও কোনো বিধায়কৰ সমষ্টি নোহোৱা নহয়

সমষ্টি পুনৰ নিৰ্ধাৰণ হ'লেও অসমত বিধানসভাৰ 126 টা আৰু লোকসভাৰ 14 টা সমষ্টিয়ে থাকিব(Assam Legislative Assembly) । সেয়ে কোনো বিধায়ক বা সাংসদৰ সমষ্টি নাইকিয়া হ'ব বুলি কোৱা কথাৰ কোনো ভিত্তি নাই । অসমত এতিয়া 126জন বিধায়ক আৰু 14 জন সাংসদ আছে আৰু ভবিষ্যতেও থাকিব । কেৱল মাথো সমষ্টিৰ ভৌগোলিক পৰিসৰৰ সাল-সলনিহে হ'ব । কমলপুৰত কামিনীকান্ত মালী সোঁৱৰণী ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলত উপস্থিত থাকি এই মন্তব্য সাংসদ দিলীপ শইকীয়াৰ(MP Dilip Saikia on re-determination of constituency) ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.