3 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Sep 12, 2022, 3:02 PM IST

top-10-at-3pm

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

মৰিগাঁৱত পুনৰ গ্ৰেপ্তাৰ দুই ABT সদস্য

মৰিগাঁও আৰক্ষীয়ে যোৱা নিশা গ্ৰেপ্তাৰ কৰিছে দুটাকৈ ABT সদস্যক (ABT member arrested) ৷ মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ চহৰীয়া পামৰ পৰা মৰিগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ইক্ৰামূল হুছেইনক ৷ ইক্ৰামূল পেশাত গাড়ী চালক আৰু খেতিয়ক ৷ একেদৰে আৰক্ষীয়ে নগাঁও ভকত গাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰিছে মুছাদ্দিক হুছেইন নামৰ আন এটা জেহাদীক ৷ গৰৈমাৰীৰ এখন মাদ্ৰাছাত ইমাম হিচাপে আছিল মুছাদ্দিক (Morigaon jihadi news)৷

ভিক্টৰ দাসৰ পাছত সীমান্ত কলিতা: নিযুক্তি পৰীক্ষা সন্দৰ্ভত প্ৰতিক্ৰিয়া দৰঙৰ আছুকৰ্মীৰ

তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাত ধনৰ লেনদেন হোৱাৰ অভিযোগ তুলি ৰাজ্যিক প্ৰশাসনৰ দৃষ্টিগোচৰ কৰি বৰ্তমান ৰঙাঘৰৰ আলহী ভিক্টৰ দাস । আনহাতে, ভিক্টৰ দাসৰ উক্ত অভিযোগৰ টুইটাৰ পোষ্টক সমৰ্থন জনোৱাৰ বাবে পাণবজাৰ আৰক্ষীয়ে দেওবাৰে তলৱ কৰে ভিক্টৰ দাসৰ এগৰাকী ছাত্ৰ অম্লানজ্যোতি দত্তক । ইতিমধ্যে ভিক্টৰ দাস প্ৰসংগই তোলপাৰ লগাই আছে ৰাজ্যত । তাৰ মাজতে এইবাৰ পুনৰ উক্ত নিযুক্তি পৰীক্ষাক সন্দৰ্ভত আঙুলি টোঁৱাইছে আন এগৰাকী ছাত্ৰ তথা নিযুক্তি পৰীক্ষাৰ পৰীক্ষাৰ্থীয়ে । দৰঙৰ আছুকৰ্মী সীমান্ত কলিতাই কৰিছে আন এক অভিযোগ (Victor Das controversy) ।

চৰাইদেউৰ সাপেখাতীৰ শালকাঠনীত গণ প্ৰহাৰত মৃত্যু এজনৰ

সোমবাৰে চৰাইদেউত গণ প্ৰহাৰত মৃত্যু এজনৰ ৷ যুৱকজন শালকাঠনী চাহ বাগিচাৰ মঙলু তাঁতী (৩০) বুলি জানিব পৰা গৈছে ৷

ৰৌতা বাগান প্ৰাথমিক বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি

১০ বজালৈকে শিক্ষক-শিক্ষয়িত্ৰী বিদ্যালয়ত উপস্থিত নোহোৱাত স্থানীয় ৰাইজ একত্ৰিত হৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰে (local people angered for teachers irregularity) । স্থানীয় ৰাইজে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিক আগুৰি ধৰি জবাবদিহি কৰে ।

তাপী মিৰাৰ সন্ধানত বেছ কেম্পত উপস্থিত সেনাৰ দল

পৰ্বতাৰোহী তাপী মিৰাৰ সন্ধানত(Mountaineer Tapi Mra missing) সেনাৰ দলে অভ্যাহত ৰাখিছে অভিযান ৷ মিৰাৰ উদ্ধাৰ অভিযানৰ বাবে তেজপুৰ গজৰাজ কৰ্পছয়ে(Gajraj Corps army) সাজু কৰি ৰাখিছিল দুখন ALH হেলিকপ্টাৰ আৰু দুখন চিতা হেলিকপ্টাৰ(Tapi Mira rescue operation) ৷ আনহাতে পৰ্বতাৰোহীগৰাকীৰ সন্ধানত স্থলসেনাৰ এটা দলে অৱস্থান কৰিছে পূব কামেঙৰ চেপাত ৷

তালাচীৰ নামত নিৰীহক হাৰাশাস্তি আৰক্ষীৰ

অসম আৰক্ষীৰ আমূল সংস্কাৰ তথা ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰীহ ব্যক্তিৰ ওপৰত আৰক্ষীক কোনো কাৰণতেই হাৰাশাস্তি নচলাবলৈ নিৰ্দেশ দিয়াৰ পাছতো মেৰাপানীৰ ঘিলাধাৰী আৰক্ষী থানাৰ আৰক্ষীয়ে যানবাহনৰ নথিপত্ৰ তালাচীৰ নামত নিৰীহ লোকক মাৰপিট কৰা ঘটনাক লৈ সৃষ্টি হৈছে চাঞ্চল্য(Innocent people beaten up in the name of documents verify) ।

অসাধু সাৰ ব্যৱসায়ীক সকিয়নী বিজেপি নেতাৰ

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাজসাহাৰ্য্য যুক্ত ইউৰিয়া সাৰৰ ব্যাপক নাটনিয়ে দেখা দিছে(Shortage of subsidized urea fertilizers) । ইয়াৰ মাজতে একাংশ ব্যৱসায়ীয়ে অধিক দামত কৃষকক বিক্ৰী কৰে ৰাজসাহাৰ্য্য যুক্ত ইউৰিয়া সাৰ(Sells subsidized urea fertilizers at higher prices) । ওদালগুৰিত তেনে এক দুষ্টচক্ৰক সকিয়নী প্ৰদান কৰে বিজেপি নেতাই(BJP leader warns of fertiliser traders) ।

জোনাইৰ শন্তপুৰত যুৱক‌ সন্ধানহীন

ধেমাজি জিলাৰ জোনাইৰ ১ নম্বৰ শন্তপুৰৰ পৰা এজন যুৱক সন্ধানহীন হৈ(Youth missing in Shantapur at Jonai) আছে । পৰিয়ালৰ লোকে সদৰি কৰা মতে, আনন্দ পেগুৰ পুত্ৰ বিজয় পেগুৱে যোৱা ২৫ আগষ্টত ঘৰৰ পৰা ওলাই যোৱাৰ পিছৰে পৰাই সন্ধানহীন হয় । পৰিয়ালৰ লোকে বিচাৰ-খোচাৰ কৰাৰ পিছতো কোনোধৰণৰ সন্ধান নোপোৱাত হতাশত ভুগিছে পৰিয়াল তথা যুৱকজনৰ পত্নীয়ে ।

ধেমাজি টেকজুৰিত নাঙল ধোৱা পিঠা খোৱা পৰ্ব

চহা জীৱনৰে সংলগ্ন অসমৰ বিভিন্ন উৎসৱ । অসমীয়া চহা ৰাইজে ন-ভূঁই ৰোৱা পৰ্বৰে আৰম্ভ হোৱা কৃষিকৰ্ম সামৰে নাঙল ধোৱা পিঠা কোৱা পৰ্বৰে(Local Festival Nangal Dhuya Celebration by Farmers) । ধেমাজি টেকজুৰিত মটক জনগোষ্ঠীৰ পৰম্পৰাগত নাঙল ধোৱা পিঠি খোৱা পৰ্ব অনুষ্ঠিত কৰা হয় ।

শ্বহীদ লাফিকুল ইছলাম হত্যাৰ ন্যায় বিচাৰি এবিএমছুৰ অৱস্থান ধৰ্মঘট

সোমবাৰে চিৰাঙৰ কাজলগাঁৱত শ্বহীদ লাফিকুল ইছলাম হত্যাৰ ন্যায় বিচাৰি এবিএমছুৱে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ (ABMSU protest in Chirang) ৷ চিৰাং জিলাৰ কাজলগাঁও উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থাই দুঘন্টীয়া অৱস্থান ধৰ্মঘট ৰূপায়ণ কৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.