3 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Aug 18, 2022, 3:00 PM IST

Etv Bharattop-10-at-3pm

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

আন্দোলনৰ নামত চাকৰি প্ৰত্যাশীৰ ভৱিষ্যতক লৈ অন্যায় নকৰিবলৈ আহ্বান পীযুষ হাজৰিকাৰ

নাগৰিকত্ব সংশোধনী আইন(CAA) আৰু পৰীক্ষা সন্দৰ্ভত জনতা ভৱনত মন্ত্রী পীযুষ হাজৰিকাৰ সংবাদমেল। নাগৰিকত্ব সংশোধনী আইন চমুকৈ CAAৰ নামত অসমৰ ৰাইজক বিপথে পৰিচালিত কৰা হৈছে। সকলো ৰাজ্যতে এটা নিৰ্দ্দিষ্ট শতাংশত আন ৰাজ্যৰ প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰে ।

মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰীতো আৰম্ভ নাম প্ৰসংগ

আজি পহিলা ভাদ । হৰি নামৰ ধ্বনিৰ মুখৰিত ৰাজ্যৰ নামঘৰ-মন্দিৰ ৷ মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰীতো আজিৰে পৰা আৰম্ভ হৈছে নাম প্ৰসংগ(Mahapurush Sri Sri Madav deva) ৷

গণপ্ৰহাৰত প্ৰাণ হেৰুৱালে দুধৰ্ষ অপৰাধী গেৰজাইয়ে

লখিমপুৰত বৃহস্পতিবাৰে কাহিলী পুৱাতে এক জঘন্য ঘটনা সংঘটিত হয় (Accused death in Mob lynching at Dhakuakhana)৷ ঢকুৱাখনা ঘুনাসুতি সংযোগী গড়কাপ্টানি পথৰ সমীপত গণপ্ৰহাৰত মৃত্যু হয় নৰহত্যাকাৰী গেৰজাইৰ (Mob lynching at Dhakuakhana) ৷

ব্ৰাহ্মণ ছোৱালী বিয়া নপতাৰ বাবে এঘৰীয়া কৰিলে তিনিটা পৰিয়ালক

দেশৰ স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ হ'ল (75th Independence day of India)। উন্নয়নৰ দিশত অগ্ৰসৰ ভাৰত তথা অসম । বিশ্বৰ উন্নত ৰাষ্ট্ৰৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছে আমাৰ দেশ । কিন্তু এতিয়াও আমাৰ সমাজত বহু কু-সংস্কাৰ, অন্ধবিশ্বাস আৰু পুৰণিকলীয়া ৰীতি-নীতি আছে । যিবোৰ বছৰ বছৰ ধৰি চলি আহিছে । শিক্ষাৰ ক্ষেত্ৰত উন্নয়ন হোৱা স্বত্বেও আজিৰ সমাজত চলি অহা কিছুমান নীতি-নিয়ম কিন্তু আজিও সলনি হোৱা নাই । ঠিক তেনেদৰে শেহতীয়াকৈ অসমত আৰম্ভ হৈছে ব্ৰাহ্মণ বিতৰ্ক (Brahmin controversy in Assam)। এই বিতৰ্ক চলি থকাৰ মাজতে ব্ৰাহ্মণ সমাজৰ আন এক ক'লা অধ্যায় পোহৰলৈ আহিছে (Racism in Brahmin society)। ব্ৰাহ্মণ ছোৱালীৰ বাহিৰে আন জাতি বা আন সম্প্ৰদায় বা আন বৰ্ণৰ ছোৱালী বিয়া পাতিলে আপোনাক এঘৰীয়া কৰা হ'ব (Rules and regulations of Brahmin society)। এই নিয়ম কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ আগডলা নামৰ গাঁৱৰ ।

বেংক কৰ্মচাৰীৰ দুৰ্ব্যৱহাৰত অতিষ্ঠ গ্ৰাহক, অসম গ্ৰামীণ বেংকত উত্তপ্ত পৰিস্থিতি

সোণাৰিৰ লংপতীয়াৰ অসম গ্ৰামীণ বেংকত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় (Protest at Garmin Bikash Bank of Langpatia Sonari ) ৷ বেংকৰ শাখা পৰিচালকে গ্ৰাহকক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে ৷ সোণাৰিৰ লংপতীয়াৰ অসম গ্ৰামীণ বেংক শাখা পৰিচালক বিষ্ণু হাজৰিকাই সততে গ্ৰাহকক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত কৰে গ্ৰাহক ৰাইজে ৷ প্ৰতিবাদী দল সংগঠনে পৰিচালক জনক নিলম্বনৰ দাবীত বেংকৰ শাখাৰ সন্মুখত উত্তপ্ত পৰিৱেশৰ সৃষ্টি কৰে ৷

পৱিত্ৰ ভাদ মাহৰ ভক্তি ৰসত বুৰ গৈছে ঐতিহাসিক বৰভেটি

বৃহস্পতিবাৰে ভক্তি ৰসত বুৰ গ'ল ঐতিহাসিক বৰভেটি (historic Borbheti of Jorhat immersed in bhakti rasa) । নাম প্ৰসংগৰে আৰম্ভ হৈছে প্ৰৱিত্ৰ ভাদ মাহৰ ।

মেঘালয়ৰ ভাইটবাৰীত ভয়ংকৰ নাওঁ দুৰ্ঘটনা

নাওখেলৰ আনন্দ-উৎসৱৰ মাজতে মেঘালয়ৰ ভাইটবাৰীত ভয়ংকৰ নাওঁ দুৰ্ঘটনা(Boat accident in Meghalaya Bhaitbari)। খেল চলি থকাৰ সময়ত নাওঁখন গন্তব্য স্থান পোৱাৰ সময়তে সংঘটিত হয় দুর্ঘটনাটো (Terrible boat accident) ৷ দুর্ঘটনাটোৰ ফলত কেইবাজনো লোক আহত হয় ৷ দুজন লোক গুৰুতৰভাৱে আহত হৈছে দুৰ্ঘটনাটোত ৷

বিলাসীপাৰাত ৰাষ্ট্ৰীয় পতাকাক চৰম অপমান

বিলাসীপাৰাত ৰাষ্ট্ৰীয় পতাকাক চৰম অপমান(National flag insulted in Bilasipara) । ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ নহয় ১৮ আগষ্টলৈ উৰিছে ৰাষ্ট্ৰীয় পতাকা । ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে লাগি থকা জমদুৱাৰস্থিত চাপৰ ধান ক্ৰয় কেন্দ্ৰ আৰু আটা মিলত সংঘটিত হৈছে এই নাভূত-নাশ্ৰুত ঘটনা । সমান্তৰালভাৱে বিলাসীপাৰাৰ সন্তোষপুৰৰ নিৰ্মীয়মান পানী যোগান আঁচনিতো আজিও উৰি আছে জাতীয় পতাকা ।

গোৰেশ্বৰত আৰক্ষীয়ে জব্দ কৰিলে চৰকাৰী চোৰাং চাউল

তামুলপুৰ জিলাৰ গোৰেশ্বৰত আৰক্ষীয়ে জব্দ কৰিলে চৰকাৰী চোৰাং চাউল(Free government smuggling rice) । গোৰেশ্বৰৰ মহৰিপাৰাৰ ১ নং ৰৌমাৰীত চৰকাৰী চোৰাং চাউল জব্দ

প্ৰধানমন্ত্ৰী মোদীৰ বিশেষ সুৰক্ষা গোটত অন্তৰ্ভুক্ত মুঢল প্ৰজাতিৰ হিংস্ৰ কুকুৰ

এতিয়াৰে পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক নিৰাপত্তা প্ৰদান কৰা বিশেষ সুৰক্ষা গোটৰ সৈতে (এছপিজি) থাকিব দুটাকৈ দুধৰ্ষ মুঢল কুকুৰ ৷ বিশেষ কৰ্মশক্তি আৰু গুণাগুণৰ বাবে এই প্ৰজাতিৰ কুকুৰ সমগ্ৰ বিশ্বতে পৰিচিত (Mudhol dogs joined the Special Protection Group)৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.