3 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Jan 2, 2023, 2:58 PM IST

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

Taj mahal ticket online: তাজমহল পৰিদৰ্শনৰ টিকট সংগ্ৰহৰ বাবে QR ক’ডৰ ব্যৱস্থা সংযোজন

টিকট ক্ৰয়ৰ ক্ষেত্ৰত তাজমহলত QR ক’ডৰ ব্যৱস্থাৰ সংযোজন ৷ ইয়াৰ ফলত পৰ্যটকে টিকটগৃহৰ খিৰিকীৰ সমুখত টিকটৰ বাবে দীঘলীয়া শাৰী পাতিব নালাগে (Taj Mahal ticket available through QR code)৷ মধ্যভোগীৰ কৱলত নপৰিবলৈ পৰ্যটকলৈ আহ্বান জনাইছে আগ্ৰা উন্নয়ন প্ৰাধিকৰণে (Agra Development Authority) ৷

Ghora mela celebrated in Kampur: 75 বছৰীয়া হ’ল কামপুৰৰ পৰম্পৰাগত ঘোঁৰা মেলা

কামপুৰত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে ঘোঁৰা মেলা (Ghora mela celebrated in Kampur)৷ বিগত ৭৫ বছৰ ধৰি ৰহা সমষ্টিৰ মৰিসূুতিবাসী ৰাইজে সাত্বিকতাৰে উদযাপন কৰি আহিছে এই মেলাৰ ৷ জনবিশ্বাস অনুসৰি এই মেলাত ঘোঁৰা দান দিলে মনৰ কামনা পূৰণ হয় ৷ যাৰ বাবে নৱবৰ্ষত এই মেলাত হাজাৰ হাজাৰ ভক্তই ভিৰ কৰা পৰিলক্ষিত হয়( 75 years of ghora mela in Assam) ৷

Public bus services in Jorhat: যোৰহাটত পুনৰ চলিব ৰাজহুৱা বাছ সেৱা

ইংৰাজী নতুন বৰ্ষৰ দ্বিতীয় দিনটোত যোৰহাটবাসীলৈ এটি সু-খবৰ ৷ পুনৰ যোৰহাটত মুকলি হ’ল ৰাজহুৱা বাছ সেৱা (Public bus services resumed in Jorhat) । মহবন্ধাৰ পৰা যোৰহাটৰ চটাইলৈ চলিব এই বাছ সেৱা । ৰাজহুৱা বাছ সেৱা মুকলি কৰে যোৰহাট সমষ্টিৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী আৰু জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মনে(Jorhat DC) ।

Rajouri killings : মৃতকৰ পৰিয়ালক ন্যায় প্ৰদানৰ দাবী স্থানীয় লোকৰ

ৰাজৌৰীৰ ডাংগ্ৰীৰ মেইন চকত বহুসংখ্যক গাঁওবাসী একত্ৰিত হৈ ৰাজৌৰী হত্যাকাণ্ডৰ ভুক্তভোগী নাগৰিকক ন্যায় প্ৰদানৰ দাবীৰ সমৰ্থনত শ্লোগান দিয়ে (protest for demanding justice to Rajouri killings) । "আমাৰ দাবী হৈছে যে লেফটেনেণ্ট গৱৰ্ণৰ মনোজ সিনহাই ইয়ালৈ আহি আমাৰ দাবীবোৰ শুনিব লাগে ।" এজন স্থানীয় প্ৰতিবাদকাৰীয়ে এনেদৰে কয় ।

Orange Farming in Kharupetia : কমলা খেতিৰে যোগাত্মক বাৰ্তা কঢ়িয়াইছে উদ্যমী খেতিয়ক জৰিপ আলিয়ে

খাৰুপেটীয়াত এইবাৰ কমলাৰ খেতি (Orange Farming in Kharupetia) । ফলে ফুলে ভৰি পৰিছে কমলা গছ ৷ বহু কেইবিঘা মাটিত চাইনিজ কমলাৰ‌ খেতি কৰি অধিক উপাৰ্জনৰ লক্ষ্য এগৰাকী খেতিয়ক জৰিপ আলিৰ ৷ খেতিকৰ্মত নিয়োজিত ধনতকৈ তিনিগুণ উপাৰ্জনৰ আশা ।

Rajnath Singh Arunachal Visit : ৩ জানুৱাৰীত প্ৰতিৰক্ষা মন্ত্ৰীৰ অৰুণাচল ভ্ৰমণ

মঙলবাৰে অৰুণাচল প্ৰদেশলৈ আহিব দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং (Rajnath Singh to Arunachal visit) । পূব অৰুণাচল প্ৰদেশৰ পাছিঘাটলৈ আহিব প্ৰতিৰক্ষা মন্ত্ৰী । তাত তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প উদ্বোধন কৰিব ।

Mustard Cultivating in Rangia: সৰিয়হ খেতিৰে স্বাৱলম্বী হোৱাৰ প্ৰয়াস ৰঙিয়াৰ এদল উদ্যমী যুৱকৰ

কেইজনমান উদ্যমী যুৱকে আৰম্ভ কৰিছে সেউজ বিপ্লৱৰ । দিনৰাতি একাকাৰ কৰি পথাৰত সোণাৱালী সপোন ৰচাৰ প্ৰয়াস যুৱককেইজনৰ । ৫০ বিঘা মাটিত সৰিয়হৰ খেতি কৰি স্বাৱলম্বিতাৰ নিৰ্দশন দেখুৱাইছে যুৱককেইজনে (Mustard Cultivating in Rangia) ।

Mexico Prison attack: মেক্সিকোৰ কাৰাগাৰত বন্দুকধাৰীৰ আক্ৰমণত নিৰাপত্তাৰক্ষীসহ নিহত ১৪ জন

মেক্সিকোৰ এখন কাৰাগাৰত বন্দুকধাৰীয়ে চলালে আক্ৰমণ । উত্তৰ মেক্সিকোৰ ছিউদাদ জুয়াৰেজ চহৰৰ এখন কাৰাগাৰত চলোৱা এই আক্ৰমণত কাৰাগাৰৰক্ষী আৰু নিৰাপত্তাৰক্ষীসহ ১৪ জনৰ মৃত্য়ু (Armed attack on Mexican prison leaves 14 dead) ।

Body Found in Golaghat: মাণিকপুৰৰ ন বোৱাৰীক স্বামী পৰিয়ালে হত্যা কৰাৰ অভিযোগ

বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ৫নং বাশবাৰীত এগৰাকী ন-বোৱাৰীৰ মৃত্যু ৷ মৃত বোৱাৰীগৰাকীৰ নাম ছালেমা খাতুন ৷ কিন্তু ছালেমা খাতুনৰ পৰিয়ালৰ অভিযোগ, এয়া মৃত্যু নহয় এয়া হত্যাকাণ্ডহে ৷

Smuggled timber seized: চিৰাঙত চোৰাংভাৱে সৰবৰাহ কৰা কাঠভৰ্তি ট্ৰাক জব্দ

দেওবাৰে সন্ধিয়া চিৰাঙৰ ৰুনিখাতা বন বিভাগে চোৰাংভাৱে কাঠ কঢ়িয়াই নিয়া ১৪ চকীয়া এখন ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় (Smuggled timber seized)৷ জিলাখনৰ টুক্ৰাঝাৰৰ পৰা পাট্টালেণ্ডৰ কাঠ বুলি কৈ চোৰাংভাৱে বহিঃৰাজ্যলৈ কঢ়িয়াই নিয়াৰ পথতে বন বিভাগৰ তালাচীত জব্দ হয় কাঠখিনি (Smuggling of timber to other states)৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.