11 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Aug 6, 2022, 11:09 AM IST

Etv BharatTOP 10 AT 11 AM

11 বজাৰ শীৰ্ষ 10 টা বাতৰি

Food poisoning in Majuli: মাজুলীত প্ৰসাদ খাই আক্ৰান্ত ১৩ গৰাকী লোক

মাজুলীত অঘটন । এক অনুষ্ঠানত প্ৰসাদ খাই আক্ৰান্ত হৈছে বহুকেইগৰাকী লোক (Food poisoning in Majuli) । প্ৰসাদ খোৱাৰ পাছতে পেটৰ বিষত ভোগী চটফটাবলৈ আৰম্ভ কৰে ১৩ গৰাকীকৈ লোকে ।

Cattle smuggling continues in Assam: বঙাইগাঁৱৰ মানিকপুৰত উদ্ধাৰ ১৬ টাকৈ গো-ধন

অব্যাহত আছে অবৈধভাৱে গৰুৰ সৰবৰাহ(Cattle smuggling continues in Assam) ৷ ইয়াৰ মাজতে বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত জামদহাত নিশা ১৬ টাকৈ গোধন উদ্ধাৰ কৰে আৰক্ষীয়ে(Cattle recovered in Bongaigaon) ।

State GST raid: শিৱসাগৰ নগৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানত কৰ বিভাগৰ অভিযান

শিৱসাগৰ নগৰৰ এক ব্যৱসায়িক প্ৰতিষ্ঠানত শুকুৰবাৰে কৰ বিভাগে অভিযান চলাই বহু নথি-পত্ৰ জব্দ কৰে (Income Tax Department raid in Sivasagar)। ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ বিৰুদ্ধে GST ৰ কৰ ফাঁকিৰ সন্দেহ কৰি বিভাগে এই অভিযান চলোৱা বুলি জানিব দিলে অভিযানকাৰী দলে ।

UPPL foundation day: কোকৰাঝাৰত কেন্দ্ৰীয়ভাৱে উদযাপিত হ’ল ইউপিপিএলৰ প্ৰতিষ্ঠা দিৱস

বৃহস্পতিবাৰৰে পৰা দুদিনীয়াকৈ উদযাপিত ইউনাইটেড পিপুলছ পাৰ্টী লিবাৰেল চমুকৈ ইউপিপিএলৰ সপ্তম প্ৰতিষ্ঠা দিৱসৰ শুকুৰবাৰে সামৰণি পৰে । বিটিআৰ অঞ্চলৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ বিকাশ আৰু উন্নয়ন সাধনেই ইউপিপিএল দলৰ প্ৰধান লক্ষ্য ৷ বিটিআৰ চুক্তি ৰূপায়ণ কৰিব নোৱাৰিলে পিছত ৰাইজে পুনৰাই তেওঁলোকক দ্বিতীয় সুযোগ নিদিয়ে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই(UPPL committed to development of BTR people) ৷

Cotton University: কটন বিশ্ববিদ্যালয়ৰ শ্বহীদ ৰঞ্জিত বৰপূজাৰী আবাসৰ শুভ উদ্বোধন

Covid ১৯ মহামাৰীৰ মাজতো মাত্ৰ আঢ়ৈ বছৰৰ ভিতৰতে হোষ্টেলটোৰ পুনৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈ উঠিল কটন বিশ্ববিদ্যালয়ৰ শ্বহীদ ৰঞ্জিত বৰপূজাৰী আবাস (Inauguration of Swahid Ranjit Barpujari residence of Cotton University)৷ শুকুৰবাৰে এই আবাসটোৰ শুভ উদ্বোধন কৰে কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ভৱেশ চন্দ্ৰ গোস্বামীয়ে ৷

Assam arm wrestling player : আৰ্থিক সংকটত পাঞ্জা খেলুৱৈ আবেদ আলী হাজৰিকা

তুৰ্কীৰ আন্টালিয়াত হ'বলগীয়া ৪৩ সংখ্যক বিশ্ব পাঞ্জা চেম্পিয়নশ্বিপত (43th World Arm wrestling Championship in Turkey) ভাৰতক প্ৰতিনিধিত্ব কৰিব লখিমপুৰৰ খেলুৱৈ আবেদ আলী হাজৰিকাই । কিন্তু খেলৰ পূৰ্বে আৰ্থিক সংকটত খেলুৱৈগৰাকী । প্ৰায় ২ লাখ টকা জমা দিব নোৱাৰিলে খেলৰ সুযোগৰ পৰা বঞ্চিত হ'ব খেলুৱৈগৰাকী ।

Badaruddin Ajmal on ED: ED ৰ কথা ক’লেই ভয়ত কম্পমান হয় বদৰুদ্দিন আজমল

প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱন কমাৰ্চিয়েল কমপ্লেক্স হ’লে AIUDFৰ বিধায়কে দলৰ বাবে অফিচ বিচাৰিব পাৰে । ত‍াত কি অসুবিধা আছে ? শুকুৰবাৰে গুৱাহাটীত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত এই মন্তব্য কৰে AIUDF ৰ সভাপতি তথা সাংসদ বদৰুদ্দিন আজমলে ।

Assam Secretariat: কম্পিউটাৰৰ কাম নজনা কৰ্মচাৰীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ সকিয়নী

অসম সচিবালয়ৰ পৰা বিলুপ্ত হ’ব কাগজৰ ফাইল ৷ সকলো কাম-কাজ ডিজিটেল মাধ্যমত কৰা হ’ব । সচিবালয়ৰ কৰ্মচাৰীয়ে কম্পিউটাৰৰ জ্ঞান থকাটোও কৰা হৈছে বাধ্যতামূলক ৷

Old MLA hostel: ৰাজধানী দিছপুৰৰ পুৰণি ঐতিহ্যৰ অৱশিষ্ট MLA হোষ্টেলত পৰিল হাতুৰীৰ কোব

পুৰণি এম এল এ হোষ্টেলৰ কেইটামান পুৰণি আছাম টাইপৰ কটেজে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত শৰৎ চন্দ্ৰ সিংহৰ দিনত স্থানান্তৰিত ৰাজধানীৰ অৱশেষ অস্তিত্ব ৰক্ষা কৰি আছিল । কিন্তু ঐতিহ্য বহন কৰা পুৰণি এম এল এ হোষ্টেলত থকা অৱশিষ্ট এই কটেজকেইটাৰ ওপৰতো এতিয়া চলিছে হাতুৰীৰ কোব (Demolished Old MLA hostel in Dispur)। পুৰণি এম এল এ হোষ্টেলৰ কটেজসমূহক ইতিহাসত পৰিণত কৰি নিৰ্মাণ কৰা হ’ব ওখ ওখ অট্টালিকা ৷

Bike Thief Arrested: লাহৰীঘাটৰ কছাৰীবড়ীত 5 অভিযুক্তসহ জব্দ 14 খন বাইক

লাহৰীঘাটত আৰক্ষীৰ এক বৃহৎ সফলতা ৷ চলিত মাহৰ 3 তাৰিখে এক গোপন খবৰৰ তথ্যৰ ভিত্তিত মৰিগাঁও আৰু লাহৰীঘাট আৰক্ষীৰ যৌথ অভিযানত আটক কৰে ৫ বাইক চোৰক ৷


ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.