11 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Jul 30, 2022, 11:10 AM IST

top-10-at-11-am

11 বজাৰ শীৰ্ষ 10 টা বাতৰি

Excise superintendent caught taking bribe: ঘোচখোৰ বৰষা বাইদেওৰ গুৱাহাটীৰ লগতে ডিব্ৰুগড়ৰ বাসগৃহও ছীল কৰিলে প্ৰশাসনে

সুৰাৰ বিপনীৰ স্বত্বাধিকাৰীৰ পৰা ধন লৈ ৰঙাঘৰৰ আলহী হ'ল মৰিগাঁৱৰ আৱকাৰী বিভাগৰ অধীক্ষক বৰষা বৰা বৰদলৈ(CM vigilance arrested Morigaon excise superintendent)৷ ইয়াৰ পিছতে বৰষাৰ গুৱাহাটীৰ সমান্তৰালকৈ ডিব্ৰুগড় চহৰস্থিত বৈৰাগীমঠৰ বাসগৃহটো ছীল কৰিলে জিলা প্ৰশাসনে ৷

e-rickshaw driver killed: মাৰ্চিডিছৰ খুন্দাত থিতাতে নিহত এজন ই-ৰিক্সা চালক

নয়দাত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ মাৰ্চিডিছৰ খুন্দাত থিতাতে নিহত এজন ই-ৰিক্সা চালক (29)(Rickshaw driver death collision with Mercedes)৷

Siladitya Dev on Jihadi Activity: মাদ্ৰাছাতকৈও বেছি ধিঙৰ বিধায়কৰ ওপৰত নজৰ ৰাখিবলৈ আহ্বান শিলাদিত্যৰ

জেহাদীৰ কাৰ্যকলাপ সন্দৰ্ভত শিলাদিত্য দেৱৰ প্ৰতিক্ৰিয়া (Siladitya Dev on Jihadi Activity)। জেহাদীক হত্যাকাৰীৰ দৰেই শাস্তি প্ৰদান কৰিব লাগে । মাদ্ৰাছাতকৈও বেছি ধিঙৰ বিধায়কৰ ওপৰত নজৰ ৰাখিব লাগে । ধিঙৰ বিধায়কে প্ৰশ্ৰয় দিছে জেহাদীক ।

Dr Hiren Gohain reaction on education policy: শিক্ষাৰ মাধ্যম সলনি প্ৰসংগত বিশিষ্ট বুদ্ধিজীৱী ড৹ হীৰেন গোহাঁইৰ প্ৰতিক্ৰিয়া

প্ৰাথমিকৰ পৰা মাধ্যমিক আৰু হাইস্কুল শিক্ষাৰ ক্ষেত্ৰত কেবিনেটে লোৱা সিদ্ধান্ত সন্দৰ্ভত ৰাজ্যৰ বিশিষ্ট চিন্তাবিদ-বুদ্ধিজীৱী ড৹ হীৰেন গোহাঁয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে (Hiren Gohain's reaction on State government education policy) ৷ তথাকথিত শিক্ষা সংস্কাৰে আমাৰ শিক্ষাত কোনো ফল নিদিয়ে বুলি মন্তব্য বিশিষ্ট চিন্তাবিদগৰাকীৰ ৷

Loyal policemen: কৰ্তব্যপৰায়ণতাৰ পৰিচয় দাঙি ধৰা অসম আৰক্ষীৰ এখন ছবি

এচাম নিষ্ঠাবান, কৰ্তব্যপৰায়ণ আৰক্ষীৰ লোকে এতিয়াও মানৱতাক জীয়াই ৰাখিছে আৰু তাৰ বাবেই হয়তো আমাৰ সমাজখন সম্পূৰ্ণৰূপে অৰাজক হৈ পৰা নাই । শেহতীয়াকৈ কৰ্তব্যপৰায়ণতাৰ পৰিচয় দাঙি ধৰা এনে এখন ছবি দেখা গ'ল বৰপেটা জিলাত ৷

Tea workers protest: বিভিন্ন সমস্যাৰ সমাধান বিচাৰি দুলীয়াজানত চাহ শ্ৰমিকৰ প্ৰতিবাদ

দুলীয়াজানৰ মায়াজান চাহ বাগিছাত চাহ শ্ৰমিকৰ প্ৰতিবাদ (Tea workers protest in Duliajan) ৷ বছৰ বছৰ ধৰি বিভিন্ন সমস্যাত জৰ্জৰিত হৈ আহিছে তৈল নগৰী দুলীয়াজানৰ মায়াজান চাহ বাগিছাৰ চাহ শ্ৰমিকসকলে । আবাস গৃহ, শৌচাগাৰ, বিশুদ্ধ খোৱাপানী যোগান, চিকিৎসা ব্যৱস্থা- এনেবোৰ সমস্যাৰ সমাধান বিচাৰি শুকুৰবাৰে দুলীয়াজানৰ মায়াজান চাহ-বাগিছাত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ লগতে চাহ শ্ৰমিকসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

Guwahati High court on encounter: ছসপ্তাহৰ ভিতৰত বিতং শপতনামা দাখিলৰ নিৰ্দেশনা চৰকাৰক

যোৱা এটা বছৰত ৰাজ্যত সংঘটিত হোৱা এনকাউণ্টাৰৰ প্ৰসংগত বিতং শপতনামা দাখিলৰ বাবে ৰাজ্য চৰকাৰক নিৰ্দেশনা প্ৰদান কৰে উচ্চ ন্যায়ালয়ে (Guwahati High Court order on encounters in Assam)। ২৯ ছেপ্টেম্বৰৰ ভিতৰত ৰাজ্য চৰকাৰে উচ্চ ন্যায়ালয়ক এই প্ৰসংগত বিতং শপতনামা দাখিল কৰিব লাগিব । গুৱাহাটী উচ্চ ন্যায়ালয়ত আজি হোৱা শুনানিত যুক্তি প্ৰদৰ্শন কৰে দেশৰ প্ৰখ্যাত আইনজীৱী প্ৰশান্ত ভূষণে ।

Compensation for Moina Nayak: শ্ৰম আয়ুক্তৰ নিৰ্দেশনাক বৃদ্ধাঙ্গুষ্ঠ প্ৰদৰ্শন লক্ষ্মী টি গ্ৰুপৰ

ডিব্ৰুগড় জিলাৰ সহকাৰী শ্ৰম আয়ুক্তৰ কাৰ্যালয়ে CTC মেচিনত সোমাই মূৰত গুৰুতৰভাৱে আঘতপ্ৰাপ্ত হোৱা মইনা নায়কক ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ দিছিল লক্ষ্মী টি গ্ৰুপৰ অধীনত থকা লেপেটকটা চাহ বাগিচাক (Compensation for Moina Nayak) ৷ কিন্তু শ্ৰম আয়ুক্তৰ নিৰ্দেশনাক বৃদ্ধাঙ্গুষ্ঠ প্ৰদৰ্শন লক্ষ্মী টি গ্ৰুপৰ ।

Felicitation Programme: হোজাই ছাত্ৰ সন্থাৰ উদ্যোগত বিশেষ অভিনন্দন অনুষ্ঠান

সদৌ হোজাই জিলা ছাত্ৰ সন্থাৰ উদ্যোগত বিশেষ অভিনন্দন অনুষ্ঠান (Felicitation Programme by AASU in Hojai)। হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৯০% নম্বৰসহ সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্র-ছাত্রীসকলক অভিনন্দন জনোৱাৰ উদ্দেশ্যে বিশেষ অভিনন্দন অনুষ্ঠানৰ আয়োজন ৷

Swine flu scare: বৰপেটাত ছ'ৱাইন ফ্লুত আক্ৰান্ত মহিলা

বৰপেটাৰ বহৰিত ছ'ৱাইন ফ্লু'ত আক্ৰান্ত হৈছে এগৰাকী মহিলা(Swine fever outbreak in Barpeta) ৷ ছ'ৱাইন ফ্লু'ত আক্ৰান্ত মহিলাগৰাকী মিনতি বাকালী(৬৫) বুলি জানিব পৰা হৈছে ৷ আক্ৰান্ত মহিলাগৰাকীৰ ঘৰ বৰপেটাৰ বহৰি ৰিজাৰ্ভত ৷ গুৱাহাটীৰ হেল্থ চিটী হাস্পতালত ৰোগীগৰাকীৰ দেহত ধৰা পৰে ছ'ৱাইন ফ্লু'ত আক্ৰান্ত হোৱাৰ কথা ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.