1 বজাৰ 10টা শীৰ্ষ বাতৰি

author img

By

Published : Dec 10, 2022, 1:01 PM IST

1 বজাৰ 10টা শীৰ্ষ বাতৰি

1 বজাৰ 10টা শীৰ্ষ বাতৰি

IIT Guwahati Suicide Case : IIT ৰ D-022 নং কোঠাত আত্মহত্যা অধ্যাপকৰ

IIT গুৱাহাটীত পুনৰ আত্মহত্যাৰ ঘটনা (IIT Guwahati Suicide Case) ৷ এইবাৰ আত্মহত্যা কৰিলে অধ্যাপকে ৷ শুকুৰবাৰে অধ্যাপক আৱাসৰ D-022 নং কোঠাত চিপ লোৱা অৱস্থাত উদ্ধাৰ কৰা হয় অধ্যাপক ড৹ সমীৰ কামালৰ মৃতদেহ ৷

সম্পত্তিৰ বিবাদক লৈ পুত্ৰই হত্যা কৰিলে অভিনেত্ৰী বীণা কাপুৰক

প্ৰবীণ অভিনেত্ৰী বীণা কাপুৰক তেওঁৰ পুত্ৰই সম্পত্তি দখল কৰাৰ প্ৰচেষ্টাত হত্যা কৰে, এই তথ্য প্ৰকাশ কৰিছে আৰক্ষীয়ে । অভিযোগ অনুসৰি তেওঁৰ পুত্ৰ শচীন কাপুৰে মঙলবাৰে ৰাতিপুৱা তেওঁৰ ঘৰুৱা সহায়কৰ সহায়ত বেছবল বেটেৰে আঘাত কৰি মাতৃক হত্যা কৰে ।

Soil mining in Mangaldoi: মাটি খননৰ বিৰুদ্ধে মঙলদৈত ৰাইজৰ প্ৰতিবাদ

মোৱামাৰী অঞ্চলত চৰকাৰৰ নেতৃত্বত চলিছে মাটি খনন প্ৰক্ৰিয়া (Soil mining in Mangaldoi)। যাৰ বাবে সমস্যাত পৰিছে নৈপৰীয়া ৰাইজ । খনন কাৰ্যৰ বিৰুদ্ধে পুৰুষ-মহিলাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিলে ।

Open gambling in Kalgachia : কলগাছিয়াৰ আনন্দ মেলাত চলিছে মুকলি জুৱা !

বৰপেটাৰ কলগাছিয়াত চলি আছে আনন্দ মেলা । আনন্দ মেলাৰ নামত মুকলি জুৱা আৰু উদ্দাম নৃত্য চলাৰ অভিযোগ উঠিছে (Open gambling)। আয়োজক কমিটিৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে আমছু ।

Tourists gather in Majuli: মাজুলীয়ালৰ আতিথ্যত মন্ত্ৰমুগ্ধ বিদেশী পৰ্যটক

উখল-মাখল মাজুলী ৷ মাজুলীৰ মনোমোহা পৰিৱেশে হাত বাউল দি মাতে দেশী-বিদেশী পৰ্যটকক । মাজুলীৰ কলা-সংস্কৃতি, মাজুলীয়ালৰ আচাৰ-ব্যৱহাৰ, মাজুলীৰ প্ৰদূষণ মুক্ত পৰিৱেশে আকৰ্ষিত কৰে সকলোকে । বিভিন্ন সময়ত মাজুলীলৈ আহে বহু দেশী-বিদেশী পৰ্যটক ৷ এইবাৰ মাজুলীৰ সৌন্দৰ্য পান কৰিবলৈ পৃথিৱীৰ বৃহত্তম নদীদ্বীপটোলৈ আহিছে আমেৰিকা, ইংলেণ্ড, ইজৰাইলৰ বহু পৰ্যটক (Foreign Tourists gather in Majuli)।

Pragyan Bharati Scooty Scheme : চিৰাঙত কৃতী শিক্ষাৰ্থীৰ মাজত স্কুটী বিতৰণ

অসম চৰকাৰৰ অভিলাষী আঁচনিৰ অধীনত প্ৰদান কৰি অহা হৈছে ড৹ বাণীকান্ত কাকতি মেধা বঁটা (Dr Banikanta Kakati merit award 2022) ৷ শুকুৰবাৰে চিৰাঙত এই বঁটা প্ৰদান কৰে চিৰাঙৰ অভিভাৱক মন্ত্ৰী উৰ্খাউ গৌৰা ব্ৰহ্মই (Scooty distribution among students at Chirang) ৷

Axom Gunotsav 2023: ৰাজ্যত ১৮ জানুৱাৰীৰ পৰা তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব গুণোৎসৱ

ৰাজ্যত পুনৰ অনুষ্ঠিত হ’ব গুণোৎসৱ (Axom Gunotsav 2023)। পুনৰ শিক্ষানুষ্ঠানসমূহত গুণোৎসৱ অনুষ্ঠিত কৰাৰ বাবে সাজু হৈছে শিক্ষা বিভাগ । তিনিটা পৰ্যায়ত ৰাজ্যজুৰি অনুষ্ঠিত হ’ব এই গুণোৎসৱ । ১৮ জানুৱাৰীৰ পৰা ২১ জানুৱাৰীলৈ প্ৰথম পৰ্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হোৱাৰ পিছত ১ ফেব্ৰুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ আৰু ১৫ ফেব্ৰুৱাৰীৰ পৰা ১৮ ফেব্ৰুৱাৰীলৈ তৃতীয় পৰ্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হ’ব ৷

Diamond jubilee celebrate: অসম চিকিৎসা মহাবিদ্যালয়ৰ ইন্সষ্টিটিউট অৱ ফাৰ্মাচীৰ হীৰক জয়ন্তী বৰ্ষ উদযাপন

অসম চিকিৎসা মহাবিদ্যালয়ৰ(Assam Medical College) ''ইন্সষ্টিটিউট অৱ ফাৰ্মাচী''য়ে(Institute of Pharmacy) সগৌৰৱেৰে প্ৰতিষ্ঠাৰ ৬০ টা বছৰত ভৰি দিলে । শুকুৰবাৰৰ পৰা দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে প্ৰতিষ্ঠানখনিৰ হীৰক জয়ন্তী সমাৰোহ(Diamond Jubilee of Institute of Pharmacy) ।

Illegal Sand mining in Barpeta: কলগাছিয়াত অবৈধ বালি খনন বন্ধৰ দাবীত ৰাইজৰ ধৰ্ণা

ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অব্যাহত আছে বালিৰ অবৈধ খনন (Illegal Sand mining in Assam) ৷ ৰাজ্য়ৰ আন প্ৰান্তৰ লগতে বৰপেটা জিলাৰ বালিকুৰি এন চি গাঁৱতো বালি মাফিয়াৰ দপদপনি অব্য়াহত আছে ৷ ইয়াৰ পিছতো দিনে-নিশাই বালি খনন চলি থকাত ৰাইজে অবৈধ বালি খনন বন্ধ কৰাৰ দাবীত শুকুৰবাৰে সাব্যস্ত কৰিলে প্ৰতিবাদ (Protest against Illegal Sand mining at Kalgasia) ৷

Bharat Jodo Yatra: বিজেপিৰ বিৰুদ্ধে থকা ৰাইজৰ ক্ষোভৰ বাবেই সফল হৈছে ভাৰত জোড়ো যাত্ৰা: ৰকিবুল হুছেইন

অসম প্ৰদেশ কংগ্ৰেছে ধুবুৰীৰ পৰা আৰম্ভ কৰা ভাৰত জোড়ো যাত্ৰাক ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি বিজেপিৰ নেতা কৰ্মী সকলোৱে কৰিছিল সমালোচনা । কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাক এক নাটক আখ্যা দি এই যাত্ৰাত কোনেও অংশ নলয় বুলি বিজেপি দলটোৱে কটাক্ষ কৰিছিল (Rakibul hussain criticize BJP) ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.