বিজেপিৰ জয়ৰ বাবে কংগ্ৰেছক দোষাৰোপ সুস্মিতা দেৱৰ

author img

By

Published : Aug 30, 2021, 7:35 PM IST

susmita dev

শিলচৰ চহৰৰ আশীৰ্বাদ ভৱনত অনুষ্ঠিত এক যোগদান সভাত প্ৰায় 6 শতাধিক বিভিন্ন দল-সংগঠনৰ সদস্যই তৃণমূল কংগ্ৰেছত যোগদান কৰে ৷ দলীয় কৰ্মীৰ হাতত তৃণমূলৰ দলীয় পতাকা তুলি দি সুস্মিতা দেৱে তৃণমূলত যোগদানৰ বাবে তেওঁলোকক অভিনন্দন জনায় ৷

শিলচৰ, 30 আগষ্ট : কংগ্ৰেছ এৰি তৃণমূল কংগ্ৰেছত যোগ দিয়েই বিজেপিৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰিছে সুস্মিতা দেৱ ৷ ৰাজ্যৰ পৰা বিজেপি দলক উৎখাত কৰাৰ হুংকাৰ সুস্মিতা দেৱৰ ৷ লগতে অসম গণ পৰিষদ দলকো বিজেপি সংখ্যালঘু কোষ আখ্যা দিলে নেত্ৰীগৰাকীয়ে ৷

শিলচৰ চহৰৰ আশীৰ্বাদ ভৱনত অনুষ্ঠিত এক যোগদান সভাত প্ৰায় 6 শতাধিক বিভিন্ন দল-সংগঠনৰ সদস্যই তৃণমূল কংগ্ৰেছত যোগদান কৰে ৷ দলীয় কৰ্মীৰ হাতত তৃণমূলৰ দলীয় পতাকা তুলি দি সুস্মিতা দেৱে তৃণমূলত যোগদানৰ বাবে তেওঁলোকক অভিনন্দন জনায় ৷

বিজেপিৰ জয়ৰ বাবে কংগ্ৰেছক দোষাৰোপ সুস্মিতা দেৱৰ

পৰৱৰ্তী পৰ্যায়ত এখন সংবাদমেল সম্বোধন কৰি সুস্মিতা দেৱে কয় যে, বিজেপিৰ বিভাজনৰ ৰাজনীতিৰ বাবে আজি দেশ জনসাধাৰণ সংকটৰ সন্মুখীন হৈছে ৷ নিৰ্বাচনৰ ফলাফলত ই ভি এম খোলাৰ সময়ত বিজেপি জয়ী হয় বুলি এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে সুস্মিতা দেৱে ৷

অৱশ্যে ইয়াৰ কাৰণ হিচাপে তেওঁ কংগ্ৰেছকেই জগৰীয়া কৰিছে ৷ কংগ্ৰেছৰ দুৰ্বলী স্থিতিৰ বাবেই দল ত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগ দিয়া বুলিও উল্লেখ কৰিছে সুস্মিতা দেৱে ৷

তেওঁ লগতে কয় যে, কেৱল পশ্চিম বংগ আৰু ত্ৰিপুৰাতে নহয়, ভৱিষ্যতে দিল্লী দখল কৰিব তৃণমূলে ৷ অসমৰ সকলো জিলাত তৃণমূল কংগ্ৰেছৰ অভেদ্য দুৰ্গ নিৰ্মাণ কৰি প্ৰশিক্ষিত তৃণমূল বিষয়াসকলৰ দ্বাৰা বিজেপিৰ লগত মোকাবিলা কৰাৰ প্ৰশিক্ষণ দিয়া হ’ব বুলিও উল্লেখ কৰে সুস্মিতা দেৱে ৷ বিজেপিৰ প্ৰতি ক্ষোভিত হৈ স্বেচ্ছাই লোকসকলে তৃণমূল কংগ্ৰেছত যোগ দিছে বুলি উল্লেখ কৰে নেত্ৰী গৰাকীয়ে ৷

লগতে পঢ়ক : কাজিৰঙাত বান: Time card ব্যৱস্থাৰে জীৱ-জন্তুৰ মৃত্যু নিয়ন্ত্ৰণৰ লক্ষ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.