Prisoner died in Haflong Sub Jail: হাফলং উপ-কাৰাগাৰত অস্বাভাৱিক মৃত্যু এজন কয়দীৰ

author img

By

Published : Dec 21, 2022, 10:22 PM IST

Prisoner died abnormally in Haflong Sub Jail

হাফলং উপ-কাৰাগাৰত এজন কয়দীৰ অস্বাভাৱিক মৃত্যু (Prisoner died abnormally in Haflong Sub Jail) ৷ যোৱা সোমবাৰে নিশা হাফলং উপ-কাৰাগাৰত মৃত্যু ঘটিছিল উত্তৰ প্ৰদেশৰ ৰাজু (45) নামৰ কয়দীজনৰ ৷

ডিমা হাছাও, 21 ডিচেম্বৰ: হাফলং উপ-কাৰাগাৰত এজন কয়দীৰ অস্বাভাৱিক মৃত্যু (Prisoner died abnormally in Haflong Sub Jail) ৷ জানিব পৰা মতে 19 ডিচেম্বৰ অৰ্থাৎ যোৱা সোমবাৰে নিশা হাফলং উপ-কাৰাগাৰত মৃত্যু ঘটিছিল এজন কয়দীৰ ৷ মৃত্যু হোৱা কয়দীজন উত্তৰ প্ৰদেশৰ ৰাজু (45) বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে ৷ সোমবাৰে নিশাই কাৰাগাৰ কৰ্তৃপক্ষই কয়দীজনক হাফলং অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱাইছিল ৷

পিছত চিকিৎসালয়তে চিকিৎসকে কয়দীজনক মৃত বুলি ঘোষণা কৰে । হাফলং অসামৰিক চিকিৎসালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ড৹ অজিৎ কাকতিয়ে জানিবলৈ দিয়া অনুসৰি সোমবাৰে ৰাজুক ভৰ্তি কৰোৱা হৈছিল চিকিৎসালয়ত ৷ কিন্তু চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পূৰ্বেই মৃত্যু ঘটিছিল ৰাজুৰ ৷

তেওঁ লগতে কয় যে মৃত্যু হোৱা ৰাজুৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা হোৱাৰ কথা আছিল হাফলং অসামৰিক চিকিৎসালয়ত ৷ কিন্তু মৃতদেহৰ শৰীৰত কোনো আঘাতৰ চিহ্ন নথকাৰ বাবেই বুধবাৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফু চিকিৎসা মহাবিদ্যালয়ত প্ৰেৰণ কৰা হয় ।

ইপিনে অভিযোগ অনুসৰি হাফলং উপ-কাৰাগাৰত নাই কোন স্থায়ী চিকিৎসক আৰু উন্নত চিকিৎসা ব্যৱস্থা ৷ যাৰ ফলত কয়দীৰ বেমাৰ হ’লেও নাপাই কোনো সু-চিকিৎসা ব্যৱস্থা ৷ উল্লেখযোগ্য যে যোৱা 1 নৱেম্বৰত উত্তৰ প্ৰদেশৰ ৰাজু নামৰ ট্ৰাক চালকজন এখন ট্ৰাকত বাৰ্মিজ কঢ়িয়াই আনিছিল ৷ বাৰ্মিজ চুপাৰি লৈ শিলচৰলৈ যোৱাৰ সময়তে হাৰেংগাজাওত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৰাজুক (Burmese supari smuggler died in Jail) ৷ ইয়াৰ পিছৰে পৰা ৰাজু হাফলং উপ-কাৰাগাৰত বন্দী হৈ আছিল (Haflong Sub Jail)।

লগতে পঢ়ক: Manipur tragic Accident : শিক্ষামূলক ভ্ৰমণলৈ যোৱা বাছ দুৰ্ঘটনাগ্ৰস্ত, নিহত 7 শিক্ষাৰ্থী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.